ETV Bharat / bharat

ক’ভিড 19 সংক্ৰমণ ৰোধঃ চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই-ৰাহুল গান্ধী

author img

By

Published : Aug 7, 2020, 1:22 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি 24 জুলাইৰ পৰা ভাৰতত কৰ’ণাৰ সক্ৰিয় ঘটনা 34.17 শতাংশ হ্ৰাস পাইছে ৷

Modi govt sleeping while India's COVID-19 tally crosses 20 lakh-mark: Rahul Gandhi
ক’ভিড 19 সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাহুল গান্ধীৰ

নতুন দিল্লী,7 আগষ্ট : ভাৰতত ক’ভিড 19ত আক্ৰান্তৰ সংখ্যা 20 লাখ অতিক্ৰম কৰাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ কংগ্ৰেছ নেতাগৰাকীয়ে ভাৰতত কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰখনে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে ৷

  • 20 लाख का आँकड़ा पार,
    ग़ायब है मोदी सरकार। https://t.co/xR9blQledY

    — Rahul Gandhi (@RahulGandhi) August 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাহুল গান্ধীয়ে 17 জুলাইত টুইটাৰ একাউন্টত ভাৰতত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 10 লাখ অতিক্ৰম কৰাৰ কথা উল্লেখ কৰি 10 আগষ্টৰ ভিতৰত এই সংখ্যাই 20 লাখ অতিক্ৰম কৰিব বুলি উল্লেখ কৰিছিল ৷ তেওঁ লগতে চৰকাৰক কৰ’ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছিল ৷ শুকুৰবাৰে ভাৰতত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা 20 লাখ অতিক্ৰম কৰাত ৰাহুল গান্ধীয়ে এই টুইটক পুনৰাবৃত্তি কৰি কয় য়ে, "20 লাখ অতিক্ৰম কৰিলে ৷ অদৃশ্য মোডী চৰকাৰ ৷"

উল্লেখ্য যে,কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি 24 জুলাইৰ পৰা ভাৰতত কৰ’ণাৰ সক্ৰিয় ঘটনা 34.17 শতাংশ হ্ৰাস পাইছে ৷ ভাৰতত বৰ্তমানলৈ কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 20,30,001 গৰাকীলৈ আৰু মৃত্যু হৈছে 41,673 গৰাকীৰ ৷ বৰ্তমানেও সক্ৰিয় হৈ আছে 6,09,232 টা ঘটনা আৰু আৰোগ্য লাভ কৰিছে 13,78,642 গৰাকী লোক ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ 5 টা গুৰুত্বপূৰ্ণ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.