নিউজ ডেস্ক, 9 জুলাইঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী তথা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী বিশেষভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৷ বিজেপিৰ সংসদীয় বৈঠকত অংশগ্ৰহণ কৰি দেশৰ প্ৰতিগৰাকী বিজেপি সাংসদক নিজ নিজ সমষ্টিত গান্ধী জয়ন্তী বিশেষভাৱে অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ নিজ নিজ সমষ্টিত পদযাত্ৰা অনুষ্ঠিত কৰাৰ উপৰিও ৰাজ্যসভাৰ সদস্যসকলক তেঁওলোকৰ সমষ্টিসমূহ ভ্ৰমণ কৰিবলৈয়ো আহ্নান জনাইছে প্ৰধানমন্ত্ৰীয়ে ৷
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কথা প্ৰকাশ কৰিছে ৷ যোশীয়ে প্ৰকাশ কৰা অনুসৰি অহা অক্টোৱৰ মাহৰ 2 তাৰিখৰ পৰা 31 তাৰিখলৈ দেশৰ দুয়োগৰাকী মহান নেতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰতিগৰাকী বিজেপি সাংসদকে নিজ নিজ সমষ্টিত 150 কিলোমিটাৰ পদযাত্ৰাৰে দুয়োগৰাকী মহান ভাৰতীয়ৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷