আগন্তুক কিছুদিনত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে শক্তি সম্পৰ্কিত নীতিৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আহ্বান জনোৱা সমাবেশত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শুকুৰবাৰে আমেৰিকালৈ ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ লগে লগে প্ৰায় অপেক্ষিত একাধিক বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ দুদিনীয়া হাউচেটন আৰু নিউইয়ৰ্ক ব্যস্তময় কৰি ৰাখিব ৷ ক্ৰমশঃ চতুৰ্থবাৰলৈ আমেৰিকা ভ্ৰমণলৈ যোৱা নৰেন্দ্ৰ মোডীয়ে শনিবাৰে যুক্তৰাষ্ট্ৰৰ 16 খন বৃহৎ পামৰ চি ই অ সকলৰ সৈতে ঘূৰণীয়া মেজমেলত অংশ ল'ব ৷ এই ফাৰ্ম সমূহৰ ভিতৰত এক্সনমবিল নামৰ শক্তি প্ৰতিষ্ঠানটোও আছে ৷ উল্লেখ্য যে হাউচেটনক বিশ্বৰ এক বিখ্যাত শক্তি কেন্দ্ৰ বুলি জনা যায় ৷
অহা 22 ছেপ্টেম্বৰত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে নৰেন্দ্ৰ মোডীৰ সৈতে বহু প্ৰত্যাশিত হাউদি মোডী কাৰ্যসূচীত ভাগ ল'ব ৷ এই অনুষ্ঠানত প্ৰায় 50000 ভাৰতীয় আৰু আমেৰিকান লোকে অংশগ্ৰহণ কৰিব ৷ এয়াই প্ৰথমবাৰৰ বাবে আয়োজন কৰিব লগা প্ৰথমটো অনুষ্ঠান য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতীয় প্ৰধানমন্ত্ৰীক ৰাজহৱা ৰেলীত সংগ প্ৰদান কৰিব ৷ 22 তাৰিখৰ প্ৰস্তাৱিত হাউচেটন ৰেলীয়েই হ'ব এক মুখ্য অনুষ্ঠান তথা আমেৰিকাত আয়োজিত 2014ৰ মেডিচন স্কোৱাৰ,আৰু চেন জোচৰ 2015ৰ পাছতেই তৃতীয় গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰূপে অভিহিত হৈছে ৷
এই সন্দৰ্ভত বিদেশ মন্ত্ৰী ডা সুব্ৰমনিয়ম জয়শংকৰে কয়, "মই ইয়াক ভাৰতীয় আৰু আমেৰিকান জনগণৰ এক মহান উপলব্ধি হিচাপে অভিহিত কৰিছো ৷এনে এটা অনুষ্ঠানত যদি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দৰে এজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিব,তাৰ পৰা এইটো প্ৰমাণ হয় যে আমেৰিকাত ভাৰতীয় সমাজৰ সমাদৰ কেনেধৰণৰ ৷"
ইফালে 23 তাৰিখ অৰ্থাৎ সোমবাৰে 2015ৰ পাছত দ্বিতীয়বাৰৰ বাবে মাৰ্কিন ভ্ৰমণলৈ যোৱা মোডীয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুৱটৰেজে আহ্বান কৰা জলবায়ু পৰিৱৰ্তন শীৰ্ষক সন্মিলনত ভাষণ প্ৰদান কৰিব ৷ ভাৰতৰ বহনক্ষম উন্নয়নৰ লক্ষ্য জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাশা আৰু এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা সহযোগ সম্পৰ্কে মোডীৰ সাধাৰণ পৰিষদক সম্বোধনৰ পাছতেই স্পষ্ট হ'ব ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভাৰত কেম্পেইন সম্পৰ্কে থুলমূল আভাস ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ দ্বাৰা আয়োজিত Universal Health Coverage Summit ত দাঙি ধৰিব ৷
এই ভ্ৰমণকালত মঙলবাৰে কিছু সংখ্যক দ্বি-পাক্ষিক বৈঠকৰো আহ্বান কৰা হৈছে ৷ হাউচেটনৰ অনুষ্ঠানৰ পৰা মোডী আৰু ট্ৰাম্পৰ বৈঠক পৃথককৈ ৰখা হৈছে ৷ ইতিমধ্য দুয়োজন নেতাই জি-20 আৰু জি-7 সন্মিলনৰ জৰিয়তে পৰস্পৰৰ সাক্ষাৎ লাভ কৰিছে ৷ এই দুয়োখন সন্মিলনতেই প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰে সহযোগিতা,ভাৰত-পাক উত্তেজনা,দক্ষিণ এছিয়াৰ পৰিস্থিতি আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লগতে আফগানিস্থান সম্পৰ্কে আলোচনাত স্থান লাভ কৰিব ৷
কোৰিয়ান ৰাষ্ট্ৰপতি,ছিংগাপুৰৰ লগতে নিউজিলেণ্ড,বাংলাদেশ আৰু জামাইকাৰ প্ৰধানমন্ত্ৰীসকলে "লিডাৰচিফ মেটাৰ্চ" অনুষ্ঠানত ভাগ ল'ব ৷এই অনুষ্ঠানত গান্ধীৰ 150 তম জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সাম্প্ৰতিক সময়ত গান্ধীৰ প্ৰাসংগিকতা শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব ৷ এই অনুষ্ঠানতেই গান্ধী সৌৰ পাৰ্ক কাৰ্যসূচী উদ্বোধন কৰা হৈছে ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ চালত 1 মিলিয়ন ডলাৰৰ ব্যয় সাপেক্ষে চলাৰ পেনেল,গান্ধীজীৰ নামত যুক্তৰাষ্ট্ৰৰ পষ্টেল ষ্টাম্প আৰু নিউইয়ৰ্ক ৰাজ্যিক বিশ্ববিদ্যালয়ত গান্ধীজীৰ সন্মানাৰ্থে 150 জোপা গছ ৰোপণ কৰি গান্ধী শান্তি উদ্যানৰ প্ৰতিষ্ঠা কৰা হ'ব ৷ সেইদিনাই বিল গেটচ ফাউণ্ডেচনে প্ৰধানমন্ত্ৰী মোডীক "Global Goalkeepers Goal" award প্ৰদান কৰিব ৷ এই বৰ্ষত গেটচ ফাউণ্ডেচনে প্ৰধানমন্ত্ৰী গৰাকীক অনাময়ৰ ক্ষেত্ৰত আগবঢ়োৱা নেতৃত্বৰ বাবে সন্মানিত কৰিব ৷ এই কথা ব্যক্ত কৰে ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেই উল্লেখ কৰে ৷
আনহাতে 25 ছেপ্টেম্বৰত মোডীয়ে ব্লুমবাৰ্গ গ্লোবেল বিজিনেচ ফৰাম সম্পৰ্কে সম্বোধন কৰিব আৰু তাত বাছকবনীয়া উদ্যোগী সকলৰ সৈতে আলোচনাত মিলিত হ'ব ৷ এই মেলত জেপি মৰগান,লকহিদ মাৰ্টিন,আমেৰিকান টাৱাৰ কৰ্পৰেচন,বেংক অৱ আমেৰিকা,মাষ্টাৰকাৰ্ড,ৱালমাৰ্ট আদি প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷
2014 পাছত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে 27 তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক সম্বোধন কৰিব ৷ তেওঁৰ ভাষণত বহুপাক্ষিক সম্পৰ্ক উন্নীতকৰণ সম্পৰ্কে ঠাই পোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ বিষয়টো মোডীৰ ভাষণত নাথাকে ৷ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত নিশ্চিতভাৱে এক বিষয়ৰ অৱতাৰণা আছিল কিন্তু এইবাৰৰ ভাষণত আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ কৰিবলগীয়া আৰু লক্ষ্যহে অগ্ৰাধিকাৰ পোৱাৰ সম্ভাৱনা আছে ৷
ইফালে 24 তাৰিখে মোডীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশৰ নেতাসকলৰ সৈতে সন্মিলনত অংশ লব ৷ এই সভাত 14 খন কেৰিবিয়ান দেশৰ উচ্চ পৰ্যায়ৰ নেতাসকলে অংশগ্ৰহণ কৰিব ৷ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত এই দেশসমূহক প্ৰযুক্তিগতভাৱে সহযোগিতাৰ আশ্বাস দিছে ভাৰতে ৷
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত বিদেশ মন্ত্ৰী ডঃ সুব্ৰমণিয়ম জয়শংকৰ আৰু ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণেও ছাৰ্ক,গোষ্ঠীনিৰপেক্ষ দেশ,কমনৱেলথ, চিচা আৰু ব্ৰীকছ দেশৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ'ব ৷
পূজা মেহৰা