ETV Bharat / bharat

তিনিদিনৰ অন্তত কাশ্মীৰত আৰম্ভ মোবাইল সেৱা

সন্ত্ৰাসবাদী ৰিয়াজ নাইকু নিহত হোৱাৰ পিচতে সুৰক্ষাজনিত কাৰণত কাশ্মীৰত কেতবোৰ দিশত নিষেধাজ্ঞা দিয়া হৈছিল ।আজি প্ৰায় তিনিদিনৰ অন্তত কাশ্মীৰত মোবাইল সেৱা আৰম্ভ কৰাত অনুমতি প্ৰদান কৰে স্থানীয় প্ৰশাসনে ।

তিনিদিনৰ অন্তত কাশ্মীৰত আৰম্ভ মোবাইল সেৱা
তিনিদিনৰ অন্তত কাশ্মীৰত আৰম্ভ মোবাইল সেৱা
author img

By

Published : May 9, 2020, 10:24 PM IST

নিউজ ডেস্ক, ৯ মে' : পুলৱামাত হোৱা সংঘৰ্ষত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী তথা হিজবুল মুজাহিদীনৰ ৰিয়াজ নাইকু নিহত হোৱাৰ পিচতে কাশ্মীৰত প্ৰশাসনে আৰোপ কৰিছিল কেতবোৰ নিষেধাজ্ঞা । সুৰক্ষা তথা নিৰাপত্তাজনিত কাৰণত মোবাইল ফোন সেৱাকে ধৰি কেতবোৰ দিশত নিষেধাজ্ঞা আৰোপ কৰিছিল কাশ্মীৰ প্ৰশাসনে ।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত ক্ৰমে হ্ৰাস পাইছে নৱজাতকৰ মৃত্যুৰ হাৰ

৬ মে'ত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছিল ৰিয়াজ নাইকু । নাইকুৰ নিহত হোৱাৰ পিচতে এইদৰে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

অৱশ্যে আজিৰে পৰা কাশ্মীৰত মোবাইল ইন্টাৰনেট সেৱাকে ধৰি অন্যান্য সেৱাসমূহ আৰম্ভ কৰিবলৈ দিয়া হৈছে । অৱশ্যে ইন্টাৰনেট অবিহনে বিগত তিনিটা দিনত বিএছএনএলৰ পোষ্টপেইড সেৱা চলি আছিল । কিন্তু আজিৰে পৰা ইন্টাৰনেট সেৱা আৰম্ভ কৰিবলৈ দিয়া হয় । অৱশ্যে এতিয়াও পুলৱামা জিলাত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি জানিব পৰা গৈছে ।

লগতে পঢকঃ নাইকু নিহতৰ চাৰিদিন পিচটো জম্মু-কাশ্মীৰত অব্যাহত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.