ETV Bharat / bharat

কেৰালাত ম'বাইল ক্লিনিকৰ দ্বাৰা প্ৰৱাসী শ্ৰমিকৰ কৰ'ণাৰ পৰীক্ষণ - ম'বাইল COVID-১৯ স্ক্ৰীনিং

কৰ'ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ কেৰালা প্ৰশাসনৰ বিশেষ পদক্ষেপ । প্ৰৱাসী শ্ৰমিকক ম'বাইল ক্লিনিকৰ দ্বাৰা কৰ'ণাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা । "বন্ধু" নামৰ এই ক্লিনিকেৰে বৰ্তমানলৈ ৫০০ গৰাকী প্ৰৱাসী শ্ৰমিকৰ পৰীক্ষা সম্পন্ন ।

Mobile clinic doing tests to detect virus among guest workers
Mobile clinic doing tests to detect virus among guest workersMobile clinic doing tests to detect virus among guest workers
author img

By

Published : Apr 14, 2020, 11:29 AM IST

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ কেৰালাত আৰম্ভ কৰা হ'ল ম'বাইল COVID-১৯ স্ক্ৰীনিঙৰ ব্যৱস্থা । মাৰ্চ মাহৰ শেষৰ ভাগত মুকলি কৰা হৈছিল এই আঁচনিৰ । এই আঁচনিৰ অধীনত কেৰালাত বৰ্তমানলৈ ৫০০ গৰাকী প্ৰৱাসী শ্ৰমিকৰ পৰীক্ষা কৰা হৈছে । সোমবাৰে এই কথা জানিবলৈ দিয়ে কেৰালা প্ৰশাসনে ।

এই আঁচনি ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন (NHM) আৰু চেন্টাৰ ফৰ্ মাইগ্ৰেশন আৰু ইনক্লোছিভ ডেভেলপমেণ্ট (CMID)ৰ সহযোগত মুকলি কৰা হৈছিল । "বন্ধু" নামৰ এই ম'বাইল ক্লিনিকেৰে যোৱা দহটা দিনত ইৰানাকুলাম জিলাত থকা শ্ৰমিক সকলৰ পৰীক্ষা কৰা হয় ।

বিভিন্ন সুবিধাযুক্ত বগা মিনি বাছখনত নীলা ৰঙেৰে লিখা হৈছে বন্ধু । যাৰ অৰ্থ হৈছে লগৰীয়া । বাংলা ভাষাৰ পৰা এই নাম লোৱা হৈছে । কিয়নো কেৰালাত পশ্চিম বংগৰ সংখ্যা গৰিষ্ঠ শ্ৰমিক বসবাস কৰি আছে । এই বাহনখনত অত্যাধুনিক চিকিৎসা উপকৰণ থকাৰ লগতে ১০ জনীয়া এটা দল থাকে । যিয়ে অসমীয়া, হিন্দী, ওড়িয়া, তামিল আৰু বাংলা ভাষাত লোক সকলৰ সৈতে মত বিনিময় কৰে ।

কেৰালাত প্ৰায় ৩০ লাখতকৈ কম পৰিমাণৰ প্ৰৱাসী শ্ৰমিক থকাৰ অনুমান কৰা হৈছে । বিগত মাহত ১.৪৫ লাখ লোকৰ বাবে ৪,৬০০ টা প্ৰতিৰক্ষামূলক কেন্দ্ৰ মুকলি কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.