ETV Bharat / bharat

মেগাষ্টাৰ ৰজনীকান্তৰ সিদ্ধান্তত অসন্তুষ্ট MNM প্ৰধান কমল হাছান

author img

By

Published : Dec 30, 2020, 12:50 PM IST

মেগাষ্টাৰ ৰজনীকান্তক লৈ অসন্তুষ্ট MNM প্ৰধান কমল হাছান ৷ ৰজনীকান্তে ৰাজনৈতিক দলত যোগদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে অসন্তুষ্ট হৈ পৰে কমল হাছান ৷

মেগাষ্টাৰ ৰজনীকান্তৰ সিদ্ধান্তত অসন্তুষ্ট
কমল হাছান

নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ : 'মেগাষ্টাৰ' ৰজনীকান্তক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে মক্কাল নিধী মাইয়াম (MNM) প্ৰধান কমল হাছানৰ ৷ মঙলবাৰে হাছানে কয় যে, সহ অভিনেতা ৰজনীকান্তে ৰাজনৈতিক দলত যোগদান নকৰাৰ সিদ্ধান্তত তেওঁ অসন্তুষ্ট হৈছে ৷

উল্লেখ্য যে, উচ্চ ৰক্তচাপৰ বাবে হায়দৰাবাদত চিকিৎসাধীন হৈ থকা ৰজনীকান্তে হাস্পতাল এৰাৰ এদিন পাচতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজনীতিত যোগদান নকৰে বুলি মন্তব্য কৰিছিল ৷

নাগাপাট্টিনামত এক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি কমল হাছানে কয়, "নিৰ্বাচনী প্ৰচাৰৰ পাচতে মই ৰজনীকান্তক সাক্ষাৎ কৰিম ৷ তেওঁৰ অনুৰাগীসকলৰ দৰেই মইও অসন্তুষ্ট হৈছিলো যদিও তেওঁৰ স্বাস্থ্য মোৰ বাবে বেছি গুৰুত্বপূৰ্ণ ৷ তেওঁৰ স্বাস্থ্য উন্নত হোৱা উচিত ৷"

স্বাস্থ্যৰ কাৰণ দৰ্শাই ৰজনীকান্তে ৰাজনীতিত যোগদান নকৰে বুলি উল্লেখ কৰি কৈছিল যে, তেওঁ সৰ্বসাধাৰণৰ বাবে কাম কৰি যাব ৷ উল্লেখ্য যে, 2021 চনৰ জানুৱাৰী মাহত ৰজনীকান্তে এক নতুন ৰাজনৈতিক দল মুকলি কৰাৰ বাতৰি ওলাইছিল ৷ ৰজনীকান্তৰ ৰাজনৈতিক উপদেষ্টা তামিলাৰুভী মানিয়ানে কয় যে, তেওঁলোকৰ দলে অহা বিধানসভা নিৰ্বাচনত 234 খন আসনতেই প্ৰতিদ্বন্দিতা কৰিব ৷

উচ্চ ৰক্তচাপৰ বাবে দুদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাচতে দেওবাৰে হায়দৰাবাদৰ এপল' হাস্পতালৰ পৰা মুক্তি লাভ কৰিছিল মেগাষ্টাৰ গৰাকীয়ে ৷ যোৱা কিছুদিন ধৰি তেওঁ হায়দৰাবাদত 'আন্নাথে' নামৰ এক বোলছবিৰ বাবে শ্বুটিঙত ব্যস্ত আছিল ৷

লগতে পঢ়ক : জম্মু কাশ্মীৰত চিআৰপিএফৰ অভিযানত আঘাতপ্ৰাপ্ত কনিষ্টবল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.