ETV Bharat / bharat

শশাংকা আলাঃ এখন দূৰ্গম জিলাৰ চেহেৰা সলনি কৰা এগৰাকী প্ৰশাসনিক বিষয়া

প্ৰশাসনিক বিষয়া তথা মিজোৰামৰ লংটলাই জিলাৰ উপায়ুক্ত শশাংকা আলাই অঞ্চলটোত পুষ্টিহীনতা নাইকিয়া কৰিবৰ বাবে অনন্য পদক্ষেপ গ্ৰহণ কৰিছে ৷

author img

By

Published : Jul 31, 2019, 8:26 PM IST

এটা সম্প্ৰদায়ক সংগঠিত কৰাৰ আপ্ৰাণ প্ৰচেষ্টা এগৰাকী প্ৰশাসনিক বিষয়াৰ

নেশ্বনেল ডেস্ক, 31 জুলাই : 2014 চনৰ ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ প্ৰশাসনিক বিষয়া শশাংকা আলাক মিজোৰামৰ লংটলাই জিলালৈ বদলি কৰা হৈছিল ৷ কিন্তু যোগাযোগৰ সুচল ব্যৱস্থা নথকা এই জিলাখনলৈ ভ্ৰমণৰ বাবে ব্যয় হৈছিল বহু সময় ৷ আইজলৰ পৰা দক্ষিণ দিশে (প্ৰায় 296 কি.মি.) 10 ঘন্টাৰ বাট যদিও বাৰিষাৰ সময়ত প্ৰয়োজন হৈছিল সম্পূৰ্ণ এটা দিন ৷

ETV BHARAT ASSAM
শশাংকা আলাৰ পদক্ষেপ

উল্লেখ্য যে, লংটলাই হৈছে মিজোৰামৰ আটাইতকৈ পিছপৰা আৰু দূৰ্যোগৰ সম্ভাৱনা থকা এখন জিলা ৷ বাৰিষাৰ সময়ত জিলা খনৰ 170 খন গাঁৱৰ 40 খনৰ লগতে বহিৰাগত অঞ্চলৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে ৷

ETV BHARAT ASSAM
শশাংকা আলাৰ পদক্ষেপ

অসমৰ শিলচৰৰ পৰা অহা ফল - মূল আৰু শাক - পাছলি এই জিলা আহি পাওঁতে দুটাকৈ দিনৰ প্ৰয়োজন হয় ৷ লংটলাই আহি পাওঁতে এই খাদ্য সামগ্ৰীবোৰৰ দাম অতিমাত্ৰা বৃদ্ধি পোৱাৰ লগতে খোৱাৰ অনুপযোগী হৈ পৰে ৷ ইয়াৰোপৰি, জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰী চেনি আৰু নিমখো অতি নিম্নমানদণ্ডৰ যোগান ধৰা হয় ৷

ETV BHARAT ASSAM
শশাংকা আলাৰ পদক্ষেপ

প্ৰতিবাৰেই কোনো বিষয়াক এই স্থানলৈ বদলি কৰাৰ সময়ত তেওঁলোকে ৰাজ্যৰ ৰাজধানীৰ পৰা জিলাৰ সদৰলৈ দূৰত্ব গণনা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় ৷

ETV BHARAT ASSAM
শশাংকা আলাৰ পদক্ষেপ

প্ৰশাসনিক বিষয়া শশাংকাৰ মন্তব্য, "বাংলাদেশ আৰু ম্যানমাৰ সীমান্তত অৱস্থিত লংটলাই জিলাৰ বজাৰ শিলচৰৰ পৰা আমদানীকৃত সামগ্ৰীৰে চলি আছে ৷ জিলা খনৰ ছকমা আৰু লাই সম্প্ৰদায়ৰ অন্তৰ্গত বেছিসংখ্যক লোকেৰে শিশুসকলে উৎকৃষ্ট মানদণ্ডৰ পাচলি খাবলৈ নাপাই যিহেতু তেওঁলোকে বিশ্বাস কৰে যে, সেই অঞ্চলত এনে শাক - পাচলি পোৱাটো অসম্ভৱ ৷ সেয়েহে তেওঁলোকে ভাতৰ সৈতে শাকেৰে তৈয়াৰী এবিধ ব্যঞ্জন খাদ্য হিচাপে ভক্ষণ কৰে ৷"

ETV BHARAT ASSAM
শশাংকা আলাৰ পদক্ষেপ

ইয়াৰ ফলস্বৰূপে জিলাখনত 5 বছৰৰো কম শিশুসকলৰ 35.3 শতাংশই পুষ্টিহীনতাত ভোগাৰ লগতে 21.3 শতাংশই কম ওজন আৰু কম উচ্চতাৰ ৰোগত আক্ৰান্ত হৈছে ৷ এনে দুৰ্যোগৰ সময়তে জিলা উপায়ুক্ত শশাংকা আলাই এই স্থানত বাগিচা ৰোপনৰ পদক্ষেপ গ্ৰহণ কৰে ৷

ETV BHARAT ASSAM
শশাংকা আলাৰ পদক্ষেপ

তেওঁৰ জিলাখনত পুষ্টিহীনতাৰ বিষয়ে সকলোকে সজাগ কৰাৰ বাবে এটা দলৰ সৈতে এক বিশেষ পদক্ষেপ বিচাৰি উলিয়াই আৰু ইয়াৰ নাম প্ৰদান কৰে - কান ছিকুল, কান হুৱান (মোৰ বিদ্যালয়, মোৰ বাগিচা) ৷ কেন্দ্ৰীয় চৰকাৰৰ 'পোষণ অভিযান' (ৰাষ্ট্ৰীয় পৰিপুষ্টি মিছন) ৰ সৈতে সামঞ্জস্য ৰাখি এই পদক্ষেপে শিশুসকলৰ সুষম আহাৰ আৰু পৰিপুষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷

শশাংকাই এই সম্পৰ্কে মন্তব্য কৰে যে, "প্ৰতিখন বিদ্যালয় আৰু অংগনৱাদী কেন্দ্ৰৰ চৌহদত এটাকৈ পাকঘৰ আৰু পুষ্টিকৰ খাদ্যৰ বাগিছা থাকিব ৷ ইয়াত সমতল ঠাইৰ অভাৱৰ বাবে বাগিচাসমূহ বিদ্যালয়ৰ মূধছত নিৰ্মাণ কৰা হ'ব ৷ এই বিদ্যালয় আৰু অংগনৱাদী কেন্দ্ৰসমূহে বাগিচাৰ বাবে প্ৰয়োজনীয় বীজবোৰ জিলা প্ৰশাসনৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৷ ইয়াৰ ফলত তেওঁলোকে শিলচৰ আৰু আইজলৰ পৰা অহা ট্ৰাকলৈ খাদ্যসামগ্ৰীৰ বাবে ৰৈ থকাৰ পৰিৱৰ্তে নিজ বিদ্যালয় চৌহদতে উৎপাদন কৰা খাদ্য সামগ্ৰীৰে মধ্যাহ্ন ভোজন তৈয়াৰ কৰিব পাৰিব ৷"

শশাংকাই লগতে কয়, "আমাৰ লক্ষ্য হৈছে কম সময়তে উৎপাদিত হোৱা পাচলি যেনে আদা, হালধি, বিলাহী, গোম ধান, মূলা আদি উৎপাদন কৰা ৷ আচৰিত ধৰণে এই ৰাজ্যখনত হালধি আৰু আদাৰ খেতি খুব ভাল হয় যদিও ইয়াৰ বাসিন্দাই ভক্ষণ নকৰে ৷ ইয়াৰ পৰিৱৰ্তে এই সামগ্ৰী সমূহ তেওঁলোকে ৰপ্তানি কৰাহে পৰিলক্ষিত হয় ৷ ইয়াৰোপৰি, অংগনৱাদী কৰ্মীসকলক এই কথাও জনোৱা হৈছে যে, তেওঁলোকে যদিও অন্যস্থানত তৈয়াৰ কৰাৰ দৰে এই সামগ্ৰীসমূহ ৰান্ধি খাব নোৱাৰে তথাপিও ইয়াৰ দ্বাৰা ভাতৰ সৈতে খাব পৰাকৈ জুলীয়া শাকৰ আঞ্জা বনাব পাৰে ৷ অতি কম তেলত তৈয়াৰ কৰা এই ব্যঞ্জনবিধ বহু পুষ্টিকৰ হয় ৷"

তেওঁ কয়, "ভাত, আলু পিটিকাই কাৰ্বহাইড্ৰেট, পাত শাক, বিন আৰু বন্ধাকবিয়ে ভিটামিন আৰু মাহজাতীয় সামগ্ৰী আৰু গাজৰে আইৰন আৰু ভিটামিন প্ৰদান কৰিব ৷ ইয়াৰ অৰ্থ এইয়াই যে, এনেদৰে খোৱাৰ ফলত এটি শিশুৱে প্ৰয়োজনীয় মিনাৰেল আৰু ভিটামিন লাভ কৰিব ৷"

স্থানীয় বিদ্যালয় আৰু অংগনৱাদী সমূহত এই পদক্ষেপে কিমান সহায় কৰিছে?

জিলা প্ৰশাসনে দিয়া তথ্য অনুসৰি, শিক্ষা বিভাগে বিদ্যালয় চৌহদত প্ৰায় 100 বৰ্গ ফুটৰ খেতিৰ উপযোগী মাটি চিনাক্ত কৰি উলিয়াইছে ৷ বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী সকলে পুলি ৰোপনৰ পৰা ফচল সংগ্ৰহলৈকে সকলো কামতে অংশগ্ৰহণ কৰিছে নে নাই সেই কথা নিশ্চিত কৰাৰ দায়িত্ব অৰ্পন কৰা হৈছে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক ৷ আনহাতে, মধ্যাহ্ন ভোজনৰ সমন্বয়কজনে এই কথা নিশ্চিত কৰিব লাগিব যে, সেই বাগিছাৰ পৰা উৎপাদিত প্ৰতিবিধ শাক - পাচলিৰ যথেষ্ট পৰিমানে ছাত্ৰ - ছাত্ৰী সকলে ভক্ষণ কৰিবলৈ পাইছে ৷ ইয়াৰোপৰি, কৃষি বিভাগ আৰু উদ্যানবিদ্যা বিভাগৰ লোকে বিদ্যালয়সমূহৰ বিজ্ঞান শিক্ষক সকলক খেতিকৰ্মৰ পদ্ধতি সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ লগতে, সপ্তাহত এঘন্টাকৈ হ'লেও প্ৰতিজন ছাত্ৰ - ছাত্ৰীয়ে বাগিচাত সময় কটোৱাৰ সুবিধা কৰিব দিবৰ বাবে সময়সূচী তৈয়াৰ কৰিছে প্ৰধান শিক্ষক সকলে ৷

যোৱা সপ্তাহত আৰম্ভ কৰা এই পদক্ষেপৰ প্ৰথম পৰ্যায়ত 213 খন বিদ্যালয় আৰু অংগনৱাদী সামৰি লোৱা হৈছে ৷ দ্বিতীয় পৰ্যায়ত 500 খন বিদ্যালয় আৰু অংগনৱাদী সামৰি লোৱা হ'ব ৷ তৃতীয় পৰ্যায়ত পশুধনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ'ব ৷ আনহাতে, স্থানীয় লোকসকলে গাহৰি পোহ - পালন কৰে যদিও প্ৰশাসনে জৈৱিক উপায়েৰে কুকুৰা পোহাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷

ইয়াৰোপৰি, 'প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা'ৰ অধীনত জিলা প্ৰশাসনে এই বিদ্যালয় আৰু অংগনৱাদী সমূহক বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে প্ৰয়োজনীয় পানী যোগানত সহায় কৰিছে ৷ এখন প্ৰশাসনে বহুকেইটা চৰকাৰী আঁচনিক একত্ৰিত কৰি কেনেদৰে এটা লক্ষ্যত উপনীত হ'ব পাৰে এইয়া তাৰে এক সুন্দৰ উদাহৰণ ৷

শশাংকাই লগতে কয়, "মোৰ একমাত্ৰ উদ্দেশ্যটো হৈছে পুষ্টিহীনতা হ্ৰাস কৰা আৰু মাৰ্চ, 2020 ৰ ভিতৰত প্ৰতিখন বিদ্যালয় আৰু অংগনৱাদীকে পুষ্টিকৰ ফল - মূল আৰু শাক - পাচলি প্ৰদান কৰা ৷ ইয়াৰ ফলত জিলাখনৰ ৰাইজে শিলচৰ অথবা আইজলৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ প্ৰয়োজন নহ'ব ৷ মই কেৱল এই স্থানীয় জনজাতিটোক সংগঠিত কৰি তেওঁলোকৰ সমস্যাসমূহৰ সমাধান আৰু এই সমস্যাসমূহ সকলোৰে মাজত পৰিচয় কৰাই দিয়াৰ চেষ্টা কৰিছো ৷"

urgently do it.

---------- Forwarded message ---------
From: Mrinal Das <mrinal.das@etvbharat.com>
Date: Wed, Jul 31, 2019 at 3:34 PM
Subject: Re: Fw: Mizoram, Sasanka Ala
To: Dipankar Choudhury <dipankar.c@etv.co.in>

Dear sir,
I will do it.
Thanks.
Mrinal Das.

On Wed, Jul 31, 2019 at 3:21 PM Dipankar Choudhury <dipankar.c@etv.co.in> wrote:
Dear Mr Mrinal Das,
 
This is a good story published in Sakshi Newspaper. Can we do it in our portal? This has been sent to me by the Chairman Sir.
 
Thanks,
Dipankar Choudhury
 
From: Chary GSM
Sent: Wednesday, July 31, 2019 9:51 AM
Subject: Mizoram, Sasanka Ala
 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.