নিউজ ডেস্ক, ১৮ জানুৱাৰী: কেৰালাত সংঘটিত হৈছে জঘন্য ঘটনা । ৰাজ্যখনৰ মালাপ্পুৰম জিলাত এগৰাকী কিশোৰীক তিনিবাৰকৈ যৌন নিৰ্যাতন চলোৱা হয় । পূৰ্বেও কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা হৈছিল । ঘটনা অনুসৰি কিশোৰীগৰাকী আনৰ ঘৰত গৃহকৰ্মী আছিল । তৃতীয়বাৰ যেতিয়া কিশোৰীগৰাকী ঘৰৰ পৰা পলায়ন কৰিছিল তেতিয়াও যৌন নিৰ্যাতনৰ বলি হৈছিল ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পাণ্ডিকাডৰ ১৭ বছৰীয়া এগৰকী কিশোৰী ২০১৬ আৰু ২০১৭ চনত তেৰ বছৰ বয়সত দুবাৰকৈ যৌন নিৰ্যাতনৰ বলি হৈছিল । এই ঘটনাৰে জৰিত অভিযুক্তক যৌন অপৰাধৰ পৰা শিশু নিয়ন্ত্ৰণ (POCSO)ৰ অধীনত গোচৰ ৰুজু কৰা হয় আৰু নিৰ্যাতিতা কিশোৰীগৰাকীক নিৰ্ভয়া চাইল্ড কেয়াৰ গৃহলৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক আত্মীয়ৰ ওচৰলৈ পঠিয়ায় নিৰ্ভয়া চাইল্ড কেয়াৰ তৰফৰ পৰা ।
লগতে পঢ়ক:অমিতাভ বচ্চনৰ কন্ঠস্বৰৰ কৰ'ণা কলাৰ টিউন নিস্পত্তি দিল্লী উচ্চ ন্যায়ালয়ৰ