ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ ফাটেহপুৰত 5 বছৰীয়া শিশুক ধৰ্ষণ কিশোৰৰ

author img

By

Published : Oct 25, 2020, 5:43 PM IST

উত্তৰ প্ৰেদেশৰ ফাটেহপুৰত এটি 5 বছৰীয়া কণমানিক ধৰ্ষণ কৰে এজন কিশোৰে ৷ অভিযুক্তক নিজ জিম্মাত লৈছে আৰক্ষীয়ে ৷

উত্তৰ প্ৰদেশৰ ফাটেহপুৰত 5 বছৰীয়া শিশুক ধৰ্ষণ কিশোৰৰ
উত্তৰ প্ৰদেশৰ ফাটেহপুৰত 5 বছৰীয়া শিশুক ধৰ্ষণ কিশোৰৰ

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: উত্তৰ প্ৰদেশৰ খাগা এলেকাৰ এখন গাঁৱত এজন কিশোৰে এটি 5 বছৰীয়া কণমানিক ধৰ্ষণ কৰে ৷ দেওবাৰে এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে এই বিষয়ে ৷

খাগা আৰক্ষী থানাৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি,"এজন 13 বছৰীয়া কিশোৰৰ বিৰুদ্ধে প্ৰদান কৰা অভিযোগৰ ভিত্তিত শনিবাৰে এটা গোচৰ ৰুজু কৰা হয় ৷ কিশোৰজনৰ বিৰুদ্ধে 5 বছৰীয়া কণমানিটোক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আমি অভিযুক্তক নিজ জিম্মাত লৈছো ৷"

এজাহাৰৰ ভিত্তিত শনিবাৰে দুপৰীয়া প্ৰায় 2 বজাত ঘটনাটো সংঘটিত হয় ৷ স্থানীয় লোকে বিষয়টো নিজৰ মাজতে ঠিক কৰিবলৈ প্ৰয়াস কৰিছিল যদিও, নিৰ্যাতিতাৰ পৰিয়ালে পৰৱৰ্তী সময়ত আৰক্ষীক ঘটনা সন্দৰ্ভে অৱগত কৰে ৷

শিশুটিয়ে ঘৰৰ কাষতে খেলি থকাৰ সময়ত অভিযুক্তই কোনো নিস্তব্ধ স্থানলৈ নি ধৰ্ষণ কৰে বুলি পৰিয়ালৰ সদস্যই জানিবলৈ দিয়ে ৷ ভাৰতীয় দণ্ডবিধিৰ 376 নং ধাৰাৰ POCSO আইনৰ অধীনত এখন গোচৰ ৰুজু কৰা হয় অভিযুক্তৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: পালঘৰত সংঘটিত ধৰ্ষণৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.