ETV Bharat / bharat

ছ'চিয়েল মিডিয়াত চিনাকী হোৱা নাবালিকাক ধৰ্ষণ যুৱকৰ

author img

By

Published : Jan 27, 2021, 11:32 AM IST

Updated : Jan 27, 2021, 11:49 AM IST

ভূপালত ছ'চিয়েল মিডিয়াৰে চিনাকী হোৱা নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে ৷ যুৱকজন বিহাৰৰ শ্বাহপুৰাৰ এ-ছেক্টৰৰ যুৱৰাজ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক ৷

ছ'চিয়েল মিডিয়াত চিনাকী হোৱা নাবালিকাক ধৰ্ষণ যুৱকৰ
ছ'চিয়েল মিডিয়াত চিনাকী হোৱা নাবালিকাক ধৰ্ষণ যুৱকৰ

নিউজ ডেস্ক,27জানুৱাৰী: ভূপালত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ ছ'চিয়েল মিডিয়াৰে চিনাকী হোৱা এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে ৷

প্ৰাপ্ত খবৰ অনুসৰি,যুৱকজনে নাবালিকা গৰাকীৰ সৈতে সামাজিক মাধ্যমত চিনাকী হৈছিল ৷ ইয়াৰ পাচতে নাবালিকা গৰাকীক যুৱকজনে নিজ বাসগৃহলৈ মাতি আনিছিল ৷ ভূপালৰ আৰক্ষী অধিক্ষক ৰাজেশ সিং ভাদৰিয়াই জনোৱা অনুসৰি,ভুক্তভোগী নাবালিকা গৰাকীয়ে ইতিমধ্যে অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি (আইপিচি) আৰু POCSO আইনৰ অধিনত ধাৰা ৩৭৬ ৰ অধীনত ৰুজু কৰিছে এক গোচৰ ৷ আৰক্ষী অধিক্ষক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,ইতিমধ্যে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

অন্য এক খবৰৰ বাবে: প্ৰসংগ কৃষক বিদ্ৰোহ: দিল্লী আৰক্ষীৰ সাতখনকৈ FIR ৰুজু

ইফালে,এই ঘটনা সংঘটিত হোৱাৰ পাচতে কংগ্ৰেছ নেতা আৰু প্ৰাক্তন মন্ত্ৰী পিচি শৰ্মাই ইয়াৰ বিৰোধিতা কৰে ৷ প্ৰাক্তন মন্ত্ৰী পিচি শৰ্মাই এই ঘটনা সন্দৰ্ভে জনায় যে,এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু এনে অপৰাধ কৰা অপৰাধী সকলক ৰাজহুৱা স্থানত ফাঁচী দিব লাগে ।

নেতা গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,এগৰাকী ১৪ বছৰীয়া নাবালিকাক যুৱৰাজ নামৰ অভিযুক্তজনে শাৰীৰিক নিৰ্যাতন চলাইছিল ৷ যুৱকজনে বিহাৰৰ শ্বাহপুৰাৰ এ-ছেক্টৰত বাস কৰে ৷ ইয়াৰোপৰি,এই ঘটনা সংঘটিত হোৱাৰ সময়তে নাবালিকা গৰাকীয়ে চিঞৰ-বাখৰ কৰিছিল আৰু তেতিয়াই যুৱকজনক স্থানীয় লোকে কৰায়ত্ত কৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে পি চি শৰ্মাই ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি প্ৰকাশ কৰাৰ লগতে এনে কাৰ্য সংঘটিত কৰা লোকক ৰাজহুৱা স্থানত ফাঁচী দিব লাগে বুলি মন্তব্য কৰে শৰ্মাই ৷

অন্য এক খবৰৰ বাবে: প্ৰতিবাদত উত্তপ্ত দিল্লী: আহত 86 গৰাকী আৰক্ষী

Last Updated : Jan 27, 2021, 11:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.