নিউজ ডেস্ক, 30 এপ্ৰিলঃ বিনা অনুমতিত সংবাদমেল পাতি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী অদিত্যনাথে COVID-19 মহামাৰীৰ ৰোধৰ বাবে লোৱা ব্যৱস্থা সম্পৰ্কে "কাৰ্যাৱলীৰ ওপৰত প্ৰশ্ন তুলি" গ্ৰেপ্তাৰ হ'ব লগীয়া হৈছিল এগৰাকী কংগ্ৰেছ নেতা । নেতাজনৰ সাত বছৰীয়া পুত্ৰই উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কে দাখিল কৰিছে আবেদন । তেওঁলোকে দাবী কৰিছে যে, তেওঁৰ সেইটো মৌলিক অধিকাৰ আৰু চৰকাৰক প্ৰশ্ন কৰাটো অপৰাধ নহয় ।
কংগ্ৰেছ নেতা জনৰ সাত বছৰীয়ে দুই সন্তানে দাবী কৰে যে, "আমৰহা আৰক্ষীয়ে পিতৃ শচীন চৌধুৰীয়ে সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে 11 এপ্ৰিলত গোচৰ তৰে, য'ত চৰকাৰৰ পদক্ষেপ সমূহৰ কথাহে ৰাইজৰ মাজলৈ লৈ গৈছিল।" তেওঁক গ্ৰেপ্তাৰ কৰি পাচত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
মঙলবাৰে বিষয়টোৰ সন্দৰ্ভত ভিডিঅ' কনফাৰেন্সিং যোগে মুখ্য ন্যায়াধীশ এচ এ বোবদেৰ নেতৃত্বৰ পীঠ এখনে শুনানি গ্ৰহণ কৰে ।
শচীন চৌধুৰীৰ সাত বছৰীয়া পুত্ৰ দুয়োজনে কয় যে, 25 মাৰ্চৰ লক্ ডাউনৰ সময়ত তেখেতৰ পিতৃয়ে নিজৰ ঘৰলৈ যোৱাৰ পথত দিল্লী-মোৰাদাবাদ ঘাই পথত আবদ্ধ হৈ থকা শ্ৰমিক সকলক খাদ্যৰ যোগান ধৰিছিল ।
চৌধুৰীৰ বিৰুদ্ধে FIRত উল্লেখ কৰা আছে 124-A (ৰাষ্ট্ৰদ্ৰোহ) আৰু 153-A (দুটা গোটৰ মাজত ধৰ্মৰ বাবে যুদ্ধ কৰোৱা) ধাৰাৰ গোচৰ।