ETV Bharat / bharat

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ জম্মু-কাশ্মীৰ ভ্ৰমণ

author img

By

Published : Mar 9, 2020, 10:28 PM IST

ইৰানত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ সোমবাৰে জম্মু-কাশ্মীৰত উপস্থিত হয় দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডা: জয়শংকৰ ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ জম্মু-কাশ্মীৰ ভ্ৰমণ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ জম্মু-কাশ্মীৰ ভ্ৰমণ

নিউজ ডেস্ক, 9 মাৰ্চ : সোমবাৰে জম্মু-কাশ্মীৰত উপস্থিত হয় দেশৰ বৈদেশিক মন্ত্ৰী ডা: এছ জয়শংকৰ ৷ জম্মু-কাশ্মীৰত উপস্থিত হৈয়ে ইৰানত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ সৈতে আলোচনাত মিলিত হয় দেশৰ বৈদেশিক মন্ত্ৰীগৰাকী ৷

ইৰানত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকল যাতে COVID-19ৰ চিকাৰ নহয় তাৰ বাবে চৰকাৰক দেশখনত থকা শিক্ষাৰ্থীসকলক ওভোটাই আনিবলৈ জম্মু-কাশ্মীৰৰ অভিভাৱকসকলে অনুৰোধ জনাইছিল ৷ এনে সময়তে অকস্মাতে গৈ জম্মু-কাশ্মীৰত উপস্থিত হয় দেশৰ বৈদেশিক মন্ত্ৰীগৰাকী ৷

শ্ৰীনগৰৰ ডাল হ্ৰদস্থিত কাশ্মীৰ ইন্টাৰনেশ্বনেল কনফাৰেন্স চেন্টাৰত বৈদেশিক মন্ত্ৰীগৰাকীয়ে স্থানীয় অভিভাৱকসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ ইয়াৰ পূৰ্বে দেশৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ইৰানত আৱদ্ধ হৈ থকা কাশ্মীৰী শিক্ষাৰ্থীসকলক ওভোটাই আনিবলৈ চৰকাৰে ইৰান চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ থকাৰ কথা প্ৰকাশ কৰিছিল ৷ ইৰানত থকা ভাৰতীয় দূতাবাসে দেশখনত থকা ভাৰতীয় লোকসকলৰ সৈতে সম্পৰ্কত আছে আৰু তেওঁলোকক ভাৰতলৈ ওভোটাই পঠিওৱাৰ সকলো ব্যৱস্থা কৰি থকা হৈছে বুলিও প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.