ETV Bharat / bharat

প্ৰতিৰক্ষা কেণ্টিনত চীনা সামগ্ৰী বিক্ৰী নিষিদ্ধ

সীমা বিবাদক লৈ উত্তেজনা অব্যাহত থকাৰ মাজতে চীনক মোক্ষম আঘাত ভাৰতৰ। প্ৰতিৰক্ষা কেণ্টিনত চীনা সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰাৰ যো-জা চলাইছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

author img

By

Published : Oct 24, 2020, 3:49 PM IST

প্ৰতিৰক্ষা কেণ্টিনত চীনা সামগ্ৰী বিক্ৰী নিষিদ্ধ
প্ৰতিৰক্ষা কেণ্টিনত চীনা সামগ্ৰী বিক্ৰী নিষিদ্ধ

নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: 'আত্মনিৰ্ভৰ ভাৰত' অভিযানৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেনাৰ কেণ্টিনত চীনা সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰাৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, 'কেণ্টিন ষ্ট'ৰ্ছ ডিপাৰ্টমেণ্ট' আৰু ইয়াৰ অধীনত থকা কেণ্টিনত শীঘ্ৰেই কিছুমান ৰপ্তানীকৃত সামগ্ৰীৰ বিক্ৰীত বাধা আৰোপ কৰা হ'ব। 'কেণ্টিন ষ্ট'ৰ্ছ ডিপাৰ্টমেণ্ট' দেশৰ আটাইতকৈ ডাঙৰ খুচুৰা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ শৃংখলাৰ ভিতৰত অন্যতম।

ছিয়াছেন গ্লেছিয়াৰৰ দক্ষিণৰ পৰা আন্দামান নিকোবৰ ভূ-খণ্ডলৈকে মুঠ ৩,৫০০খনৰো অধিক কেণ্টিন আছে। 'কেণ্টিন ষ্ট'ৰ্ছ ডিপাৰ্টমেণ্ট'ৰ মাধ্যমেৰে বিক্ৰী কৰা ৫,০০০ৰৰো অধিক বিভিন্ন সামগ্ৰীৰ ভিতৰত ৪০০ বিধ সামগ্ৰী ৰপ্তানীকৃত। ইয়াৰ ভিতৰত অধিকাংশ সামগ্ৰী চীনা কোম্পানীয়ে প্ৰস্তুত কৰা। চীনৰ পৰা ৰপ্তানীকৃত সামগ্ৰীবোৰৰ ভিতৰত আছে টয়লেট ব্ৰাছ, ডাইপাৰ, ৰাইচ কুকাৰ, ইলেক্ট্ৰিক কেটল, চেণ্ডউইচ ট'ষ্টাৰ, ভেকুৱাম ক্লীনাৰ, চানগ্লাছ, মহিলাৰ বেগ, লেপতপ আৰু ডেক্সটপ কম্পিউটাৰ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে 'কেণ্টিন ষ্ট'ৰ্ছ ডিপাৰ্টমেণ্ট'ৰ মাধ্যমেৰে এই সামগ্ৰীসমূহৰ বিক্ৰী নিষিদ্ধ কৰা হ'ব। চীনৰ সামগ্ৰীৰ পৰিৱৰ্তে ভাৰতত উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ'ব। বিদেশী সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰতো বাধা আৰোপ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, বিগত কিছুদিন ধৰি অধিকাংশ কেণ্টিনতে উচ্চ শুল্কযুক্ত বিদেশী সুৰা বিক্ৰী কৰা নাই।

লগতে পঢ়ক:পৰম বীৰ চক্ৰ চুবেদাৰ যোগীন্দৰ সিঙৰ নামত উচৰ্গিত যুদ্ধ স্মাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.