নিউজ ডেস্ক, ৮ জুলাই : জম্বু-কাশ্মীৰৰ IPS বিষয়া বসন্ত ৰথক আৰক্ষীৰ সঞ্চালক প্ৰধান চমুকৈ DGP দিলবাগ সিঙক দু-ব্যৱহাৰ কৰাৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ নিলম্বিত কৰিছে ।
বুধবাৰে গৃহমন্ত্ৰী গৰাকীয়ে এখন অধ্যাদেশ জাৰি কৰি জনায় যে, বিষয়া গৰাকীক অখিল ভাৰতীয় সেৱা ১৯৬৯ ৰ অধিনিয়ম অনুসৰি নিলম্বন কৰা হৈছে ।
২০০০ বৰ্ষৰ IPS বিষয়া ৰথক জম্বু-কাশ্মীৰত নিযুক্তি দিয়া হৈছিল । লগতে DGP অনুমতি অবিহনে উক্ত স্থানৰ আঁতৰি নাহিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।
উল্লেখযোগ্য যে, ১৩ জুনত বিষয়া গৰাকীয়ে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি DGP ৰ বিৰুদ্ধে টুইট কৰিছিল । লগতে অন্য এটা টুইটত বিষয়া গৰাকীৰ ব্যক্তিগত জীৱনৰ লগতে কৰ্মক্ষেত্ৰৰ লগত জড়িত বহু কেইটা অপমান সূচক বাক্য ব্যৱহাৰ কৰাৰ অভিযোগ উখাপন হৈছিল ।
আনহাতে, DGP দিলবাগ সিঙ ১৯৮৭ বৰ্ষৰ IPS বিষয়া আছিল আৰু বৰ্তমান জম্বু-কাশ্মীৰৰ DGP ৰ দায়িত্বত আছে ।
লগতে পঢ়ক : বড়ো সাহিত্য সভা ভৱনত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা