ETV Bharat / bharat

গৃহ মন্ত্ৰালয়ৰ সহযোগত সুৰক্ষা বাহিনীয়ে নিৰ্মাণ কৰিব কোভিড চিকিৎসালয়

author img

By

Published : Jul 2, 2020, 3:53 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰালয় আৰু প্ৰতিৰক্ষা তথা সুৰক্ষা বাহিনীয়ে দিল্লীত তৈয়াৰ কৰিব 1000 বিচনাযুক্ত কোভিড চিকিৎসালয় ৷ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী জি কিষান ৰেড্ডীয়ে এই কথা প্ৰকাশ কৰিছে ৷ আইটিবিপিৰ দ্বাৰা পৰিচালিত দিল্লীৰ ৰাধা স্বামী বিয়াছত শেহতীয়াকৈ স্থাপন হোৱা চিকিৎসালয়খন হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড-19 চিকিৎসালয় বুলি তেওঁ জানিবলৈ দিয়ে ৷

গৃহ মন্ত্ৰালয়ৰ সহযোগত সুৰক্ষা বাহিনীয়ে নিৰ্মাণ কৰিব কোভিড চিকিৎসালয়
গৃহ মন্ত্ৰালয়ৰ সহযোগত সুৰক্ষা বাহিনীয়ে নিৰ্মাণ কৰিব কোভিড চিকিৎসালয়

নিউজ ডেস্ক, 2 জুলাই : কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ প্ৰত্যক্ষ সহযোগত দেশৰ সুৰক্ষা বাহিনীয়ে তৈয়াৰ কৰিব 1000 বিচনাযুক্ত কোভিড-19 চিকিৎসালয় ৷ কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী জি কিষান ৰেড্ডীয়ে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি জানিবলৈ দিয়ে যে, এইখন চিকিৎসালয়ত 250টা ভেন্টিলেটৰ থাকিব আৰু প্ৰতিখন বিচনাতে অক্সিজেন সংযোগ থাকিব ৷

দিল্লী কন্টনমেন্টত থকা এখন এনচিচি খেলপথাৰত সুৰক্ষা বাহিনীৰ সহযোগত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এই চিকিৎসালয়খন তৈয়াৰ কৰিব ৷ চিকিৎসালয়খন 1000 বিচনাযুক্ত হ'ব আৰু ইয়াৰে প্ৰতিখনতে অক্সিজেনৰ সংযোগ থাকিব তথা 250 খন ভেন্টিলেটৰ থাকিব আৰু ইয়াক সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তিৰে সংলগ্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ ভাৰতৰ প্ৰথম স্বদেশী COVID-19 প্ৰতিষেধক ‘‘COVAXIN’’

কোভিড-19ৰ সন্দৰ্ভত তেওঁ জনোৱা অনুসৰি, দিল্লীৰ উপ-মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত 5.5 লাখ কোভিড-19 পজিটিভ ঘটনা হৈছে ৷ কিন্তু চৰকাৰে 20 লাখ লোকৰ নমুনা সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ এতিয়ালৈকে 1.5 লাখ লোকৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ দক্ষিণ কোৰিয়াৰ পৰা অহা সঁজুলিৰ সহায়ত এইসমূহ নমুনা সংগ্ৰহ কৰা হৈছে ৷ ইতিমধ্যে দিল্লীত 169টা নমুনা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰা হৈছে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে নতুন দিল্লীৰ ৰাধা স্বামী বিয়াছত ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ দ্বাৰা মুকলি কৰা কোভিড-19 চিকিৎসালয়খন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড-19 চিকিৎসালয়ত পৰিনত হৈছে ৷ আগন্তুক তিনিদিনৰ ভিতৰতে এই চিকিৎসালয়খন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিব ৷

লগতে পঢ়কঃ ডিমাপুৰত নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে 'BSL-2' গৱেষণাগাৰ

সাধাৰণ জনতাক সুৰক্ষা নীতিসমূহ পালন কৰি সুৰক্ষিত থাকিবলৈয়ো কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷ ইয়াৰ উপৰিও যোৱাকালি কাশ্মীৰৰ চপোৰ জিলাত সংঘটিত ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, কাশ্মীৰৰ চপোৰত যোৱাকালি সংঘটিত হোৱা সংঘৰ্ষত এটা মছজিদৰ ভিতৰত আশ্ৰয় লৈ নিৰাপত্তা বাহিনী, চিআৰপিএফৰ ওপৰত নিৰ্বিচাৰ গুলিচালনা কৰে সন্ত্ৰাসবাদীয়ে ৷ এই গুলিচালনাত বছিৰ আহমেদ খান নামৰ এগৰাকী 65 বছৰীয়া বৃদ্ধ লোক নিহত হোৱাৰ লগতে চিআৰপিএফৰ হেড কনিষ্টবল দীপ চান্দ শ্বহীদ হয় ৷ আনহাতে সংঘৰ্ষস্থলীত আৱদ্ধ হৈ পৰা এটি 3 বছৰীয়া শিশুক গুলিয়াগুলিৰ মাজৰ পৰা নিৰাপদে উদ্ধাৰ কৰে জম্মু-কাশ্মীৰ আৰক্ষীৰ ষ্টেচন হাউচ অফিচাৰ আজিম খানে ৷

কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰীগৰাকীয়ে চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীক সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকৰ কাৰ্যপ্ৰণালীৰ বাবে প্ৰশংসা জ্ঞাপন কৰে ৷ কোভিড-19ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি শাম কাটিলেই নতুনকৈ ঘোষণা কৰা কেন্দ্ৰীয়-শাসিত অঞ্চলটোত উন্নয়নমুলক কামবোৰ আৰম্ভ কৰা হ'ব বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ চ'প'ৰে সন্ত্ৰাসবাদী আক্ৰমনস্থলীৰ পৰা এটি ৩ বছৰীয়া শিশু উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.