ETV Bharat / bharat

আৰ্মীৰ পিচত এইবাৰ অৰ্ধসামৰিক বাহিনীতো ফেচবুক ব্যৱহাৰৰ বন্ধৰ নিৰ্দেশ - কেন্দ্ৰীয় গৃহমন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে মঙলবাৰে দেশৰ অৰ্ধসামৰিক বাহিনীত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত সকলো কৰ্মচাৰীকে ফেচবুক ডিলিট কৰিবলৈ এক নিৰ্দেশনা প্ৰদান কৰে ৷

অৰ্ধসামৰিক বাহিনীতো ফেচবুক ব্যৱহাৰৰ বন্ধৰ নিৰ্দেশ

author img

By

Published : Jul 15, 2020, 4:31 AM IST

নিউজ ডেস্ক, 15 জুলাই : কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰেৰণ কৰা এক পত্ৰত দেশৰ সকলো অৰ্ধসামৰিক বাহিনী, চিআৰপিএফ, বিএছএফ, আইটিবিপি, চিআইএছএফ আৰু এনএছজিত কৰ্মৰত তথা অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীক ফেচবুকৰ পৰা আঁতৰি আহিবলৈ কোৱা হৈছে ৷ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী জি কিশান ৰেড্ডীয়ে বিদেশী এপসমূহ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰি এইসমূহ অৰ্ধসামৰিক বাহিনীলৈ এখন ই-মেইল প্ৰদান কৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জি কিশান ৰেড্ডীৰ এই পত্ৰৰ নিৰ্দেশতে অৰ্ধসামৰিক বাহিনীসমূহো ফেচবুকৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইয়াৰ পূৰ্বে স্থলসেনাই প্ৰায় 89 টা এপত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ ইয়াৰ ভিতৰত ইনষ্টাগ্ৰাম, ফেচবুক আদি উল্লেখনীয় আছিল ৷ শেহতীয়াকৈ দেশৰ অৰ্ধসামৰিক বাহিনীসমূহো ফেচবুক বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হয় ৷ এতিয়াৰে পৰাই কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

লগতে পঢ়কঃ মহামাৰীৰ মাজতো বানাক্ৰান্তক উদ্ধাৰত দিনে-নিশাই ব্যস্ত এনডিআৰএফ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.