ETV Bharat / bharat

বাজেটত বৃদ্ধি পাব এমজি এনৰেগাৰ ধনৰ পৰিমাণ - বাজেট

শ্ৰম মন্ত্ৰণালয়ে বিগত সপ্তাহত প্ৰকাশ কৰা তথ্য অনুসৰি 2018 বিত্তীয় বৰ্ষত দেশৰ সংস্থাপনহীনতাৰ হাৰ 6.1 শতাংশ ৷ এয়া বিগত 45 বছৰৰ ভিতৰতেই সৰ্বাধিক ৷

এমজি এনৰেগাৰ ধনৰ পৰিমাণ
author img

By

Published : Jun 3, 2019, 6:41 PM IST

নিউজ ডেস্ক, 3 জুনঃ বৃদ্ধি পাব এম জি এনৰেগাত আৱণ্টিত ধনৰ পৰিমাণ ৷ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি চমুকৈ এমজি এনৰেগাৰ বাবে 2019-20 বাজেটত বৃদ্ধ কৰা হ'ব ন্যূনতম 30শতাংশ ধন ৷ অৰ্থাৎ বাজেটৰ প্ৰায় 78,000-80,000 কোটি টকা নিৰ্ধাৰণ কৰা হ'ব এনৰেগাৰ বাবে ৷ দেশৰ গ্ৰামাঞ্চলত নিয়োগৰ সুবিধা বৃদ্ধি কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ উল্লেখ্য যে শ্ৰম মন্ত্ৰণালয়ে বিগত সপ্তাহত প্ৰকাশ কৰা তথ্য অনুসৰি 2018 বিত্তীয় বৰ্ষত দেশৰ সংস্থাপনহীনতাৰ হাৰ 6.1 শতাংশ ৷ এয়া বিগত 45 বছৰৰ ভিতৰতেই সৰ্বাধিক ৷ সেয়ে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ কেবিনেটে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ প্ৰসাৰ বৃদ্ধিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এম জি এনৰেগাত আৱণ্টিত ধনৰ পৰিমাণ বৃদ্ধিৰে দেশৰ গ্ৰামাঞ্চলত কৰ্ম সংস্থাপনৰ সুবিধা অধিক বৃদ্ধিৰ আশা কৰা হৈছে ৷ উল্লেখ্য যে 2005 চনত প্ৰৱৰ্তন কৰা আইনখনে গ্ৰাম্য অঞ্চলৰ অদক্ষ শ্ৰমিকক এশ দিনৰ সংস্থাপনৰ নিশ্চয়তা প্ৰদান কৰে ৷

Intro:Body:

"There is urgent need to boost consumption. A higher allocation for MGNREGS would provide employment to more people in the rural areas," said an official.

New Delhi: The allocation towards Mahatma Gandhi National Rural Employment Guarantee Scheme (MGNREGS), the flagship rural job programme, is set for a minimum 30 per cent hike in the Union Budget for 2019-20.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.