ETV Bharat / bharat

ক’ভিড-১৯ ৰ কালচোৱাত ত্ৰাণকৰ্তাৰ ৰূপত এম জি এনৰেগা আৰু কৃষিক্ষেত্ৰ - অৰ্থনীতি আৰু জনসাধাৰণ

মহামাৰীয়ে জীৱন আৰু জীৱিকা উভয়কে প্ৰভাৱিত কৰিছে ৷ ইয়াৰ ফলত হোৱা অৰ্থনৈতিক আঘাতটোৱে দুটা কাৰণত ভাৰতবৰ্ষত ভীষণ ৰূপ ধাৰণ কৰিছে ৷ প্ৰথমটো হ’ল, ইতিমধ্যে অৰ্থনীতিক গ্ৰাস কৰি থকা বিভিন্ন সমস্যাসমূহ যেনে সংস্থাপনহীনতা, নিম্ন উপাৰ্জন, গ্ৰামীণ সংকট আৰু ব্যাপক অসমানতা আদিৰ কাৰণে প্ৰাক ক’ভিড-১৯ কালচোৱাতেই ভাৰতীয় অৰ্থনীতি ২০১৭-১৮ বিত্তীয় বৰ্ষত ৮.১ শতাংশৰ পৰা নামি গৈ ২০১৯-২০২০ অত ৩.১ শতাংশ পাইছিলগৈ ৷ দ্বিতীয়টো হ’ল, ভাৰতবৰ্ষৰ বৃহত্তৰ অনানুষ্ঠানিক ক্ষেত্ৰখন বিশেষভাৱে দুৰ্বল ৷

MGNREGA and Agriculture as Saviours during Covid-19
ক’ভিড-১৯ ৰ কালচোৱাত ত্ৰাণকৰ্তাৰ ৰূপত এম জি এনৰেগা আৰু কৃষিক্ষেত্ৰ
author img

By

Published : Aug 15, 2020, 9:21 AM IST

-এছ মহেন্দ্ৰ দেৱ

উপাচাৰ্য, আই জি আই ডি আৰ, মুম্বাই

ভাৰতবৰ্ষৰ বাবে আজি এক অগতানুগতিক স্বাধীনতা দিৱস ৷ দেশত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ এতিয়াও থমকি ৰোৱা নাই ৷ সমগ্ৰ বিশ্বই এতিয়া একেই পৰিস্থিতিৰ সন্মুখীন হৈ আছে ৷ মহামাৰীয়ে জীৱন আৰু জীৱিকা উভয়কে প্ৰভাৱিত কৰিছে ৷ ইয়াৰ ফলত হোৱা অৰ্থনৈতিক আঘাতটোৱে দুটা কাৰণত ভাৰতবৰ্ষত ভীষণ ৰূপ ধাৰণ কৰিছে ৷ প্ৰথমটো হ’ল, ইতিমধ্যে অৰ্থনীতিক গ্ৰাস কৰি থকা বিভিন্ন সমস্যাসমূহ যেনে সংস্থাপনহীনতা, নিম্ন উপাৰ্জন, গ্ৰামীণ সংকট আৰু ব্যাপক অসমানতা আদিৰ কাৰণে প্ৰাক ক’ভিড-১৯ কালচোৱাতেই ভাৰতীয় অৰ্থনীতি ২০১৭-১৮ বিত্তীয় বৰ্ষত ৮.১ শতাংশৰ পৰা নামি গৈ ২০১৯-২০২০ অত ৩.১ শতাংশ পাইছিলগৈ ৷ দ্বিতীয়টো হ’ল, ভাৰতবৰ্ষৰ বৃহত্তৰ অনানুষ্ঠানিক ক্ষেত্ৰখন বিশেষভাৱে দুৰ্বল ৷

মহামাৰীয়ে শ্ৰম বজাৰত এক অভূতপূৰ্ব আঘাত হানিছে ৷ আনফালে লকডাউনে প্ৰায় সমস্ত অৰ্থনৈতিক কাম-কাজ সমুলাংশে স্তব্ধ কৰি পেলাইছে ৷ কিন্তু আটাইতকৈ বেছি ক্ষতিগ্ৰষ্ট হোৱাসকল হ’ল, পিৰামিডৰ একেবাৰে তলৰ শাৰীত থকাসকল ৷ বিশেষকৈ প্ৰৱজনকাৰী বনোৱাসকল ৷ এই মহামাৰীয়ে অসংগঠিত বনোৱাসকলৰ পৰা ব্যাপক হাৰত সংস্থাপন আৰু উপাৰ্জনৰ পথবোৰ কাঢ়ি লৈ গ’ল ৷ সংস্থাপনহীনতা ২০২০ চনৰ মাৰ্চ মাহৰ ৮.৪ শতাংশৰ পৰা বাঢ়ি গৈ এপ্ৰিল আৰু মে’ত ২৭ শতাংশ হয়গৈ ৷ যাৰ ফলশ্ৰুতিত ১২২ মিলিয়নে সংস্থাপন হেৰোৱায় ৷ ইয়াৰ ভিতৰত সংস্থাপন হেৰোৱা ৯১ মিলিয়নেই হ’ল ক্ষুদ্ৰ ব্যৱসায়ী আৰু নিয়মীয়া শ্ৰমিকসকল (দিন মজুৰি কৰা বনোৱাসকল)৷

জুনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত ক্ৰমান্বয়ে হোৱা আনলকে দেশৰ অৰ্থনীতি আৰু জনসাধাৰণৰ জীৱিকাৰ কিছু পৰিমাণে উন্নতি সাধন কৰিছে ৷ কিন্তু এতিয়াও ভাৰতবৰ্ষৰ আন আন কিছুমান প্ৰান্তৰ লকডাউনৰ কবলতেই আছে ৷ মহামাৰীবিধ কিমান দিনলৈকে থাকিব আৰু ইয়াৰ সংক্ৰমণ কেতিয়া ৰোধ হ’ব, তাৰ এতিয়াও কোনো স্পষ্টতা নাই ৷ যিহেতু ভাৰতবৰ্ষৰ সত্তৰ শতাংশ নাগৰিক তথা কৰ্মশক্তিয়েই গ্ৰামাঞ্চলত বাস কৰে ৷ সেয়ে গ্ৰামীণ অৰ্থনীতিৰ কাৰ্যক্ষমতা অতি গুৰুত্বপূৰ্ণ ৷ সামগ্ৰিক অৰ্থনৈতিক ব্যৱস্থাটোত পণ্য আৰু সেৱা খণ্ডত চাহিদাৰ সৃষ্টি কৰিবলৈ এইসকল নাগৰিকৰ ক্ৰয় ক্ষমতা বৃদ্ধি হোৱাটো অতি গুৰুত্বপূৰ্ণ ৷

চহৰাঞ্চলসমূহৰ তুলনাত গ্ৰামাঞ্চলসমূহত ক’ভিড- ১৯ এ যথেষ্ট কম পৰিমাণে বিপৰীতমুখী প্ৰভাৱ পেলাইছে ৷ এনে প্ৰতিবেদনো প্ৰকাশ পাইছে যে লকডাউনৰ পাচত গ্ৰাম্য অৰ্থনীতি পুনৰুজ্জীৱিত হৈ উঠিছে ৷ এইটো ধ্ৰুৱ সত্য যে বৰ্তমান ভাৰতীয় অৰ্থনীতিক কেৱল কৃষি ক্ষেত্ৰখনৰ ভাল প্ৰদৰ্শনেহে ৰক্ষা কৰিব পাৰিব ৷ বিত্তীয় বৰ্ষ একৈশত কৃষিখণ্ডৰ জি ডি পি ২.৫ ৰ পৰা ৩ শতাংশলৈ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে ৷ যদিও সামগ্ৰিক অৰ্থনীতিৰ জি ডি পি ৫ ৰ পৰা ৮ শতাংশতে সীমিত হ’ব পাৰে ৷ সাধাৰণ মৌচুমী বতাহৰ বাবে ভাৰতে হয়তো খাৰিফ আৰু ৰবি দুয়ো ঋতুতে এক বৃহৎ পৰিমাণৰ শস্য লাভ কৰাৰ সম্ভাৱনা আছে ৷ কিন্তু ইয়াৰ বিপৰীতে আন এটা চিন্তনীয় বিষয় হ’ল যে বৃহৎ পৰিমাণৰ শস্য উৎপাদনে কৃষি মূল্য হ্ৰাসো কৰিব পাৰে ৷ এনেক্ষেত্ৰত কৃষকসকলৰ বাবে অধিক মূল্য পোৱা ব্যৱস্থা কৰি দিবলৈ হ’লে ‘চাপ্লাই চেইন’ৰ সমস্যা সমাধান কৰিব লাগিব ৷

ইয়াৰ উপৰিও, কৃষিখণ্ড গ্ৰামাঞ্চলৰ ছবিখনৰ কেৱল এটা অংশহে মাত্ৰ ৷ গ্ৰাম্যাঞ্চলত কিছু সময়জুৰি অ-কৃষিজাত খণ্ডও ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ এফ এম চি জি, ট্ৰেক্টৰ আৰু দুচকীয়া বাহনৰ চাহিদা গ্ৰামাঞ্চলত বৃদ্ধি পাইছে ৷ যি নহওক, এটা কথা ঠিক যে গ্ৰাম্য অৰ্থনীতি পুনৰুজ্জীৱিত হোৱাৰ কথা কিছু বঢ়াই কোৱা হৈছে ৷ কিয়নো, সম্পূৰ্ণ লকডাউনৰ পাচত হঠাতে বাঢ়ি যোৱা চাহিদাহে আছিল এইয়া ৷ এই চাহিদা নিম্ন ৰেমিটেঞ্চ, নিম্ন গ্ৰাম্য মজুৰি আৰু উপাৰ্জনৰ বাবে বৰ বেছি দিনলৈ বৰ্তি নাথাকিব ৷

প্ৰায় ৪০ ৰ পৰা ৫০ মিলিয়ন প্ৰবজিত বনোৱাই উভতনি প্ৰৱজনৰ সোঁতত গ্ৰামাঞ্চললৈ ঘূৰি গৈছে ৷ এই প্ৰৱজনকাৰীসকল আৰু গ্ৰামীণ শ্ৰমিকসকলৰ বাবে সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব লাগিব ৷ ৰাজহুৱা খণ্ডৰ শ্ৰমসমূহ বনোৱাসকলৰ বাবে এক সুৰক্ষিত আৱেষ্টনী হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷ ভাৰতবৰ্ষত খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত প্ৰাচীন ভাৰতবৰ্ষৰ ৰাজনৈতিক অৰ্থনীতিবিদ কৌটিল্যই অৰ্থশাস্ত্ৰ লিখাৰে পৰাই জন কল্যাণ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দি অহা হৈছে ৷ ক’ভিড-১৯ মহামাৰীৰ কালচোৱাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতি প্ৰকল্প (MGNREGA) বনোৱাসকলৰ ত্ৰাণকৰ্তা ৰূপে থিয় দিব পাৰে ৷ এনৰেগাৰ আন আন আনুষংগিক সুবিধাও আছে ৷ যেনে কৃষি খণ্ড আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে সম্পদৰ সৃষ্টি কৰা, অধিক সংখ্যক মহিলাৰ যোগদান, নিম্ন বৰ্গক সহায় কৰা, সংকটকালিন প্ৰৱজনৰ হ্ৰাসকৰণ, পঞ্চায়তৰ অংশীদাৰিত্ব ইত্যাদি ৷ ইণ্ডিৰা গান্ধী উন্নয়ন গৱেষণা প্ৰতিষ্ঠানে মহাৰাষ্ট্ৰত সম্পদ সৃষ্টি বিষয়ত চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে ৮৭ শতাংশ শ্ৰম বিদ্যমান আৰু কাম চলি আছে আৰু ইয়াৰে ৭৫ শতাংশ কৰ্মই এনৰেগাৰ অধীনত প্ৰত্যক্ষ বা পৰোক্ষ্যভাৱে কৃষিৰ লগত জড়িত ৷ ৯০ শতাংশতকৈ অধিক উত্তৰদাতাই এনৰেগাৰ কৰ্মৰাজিক খুবেই উপযোগী তথা কিছু পৰিমাণে উপযোগী বুলি স্বীকাৰ কৰিছে ৷

লকডাউন আৰু সংস্থাপনহীনতাৰ মাজতে বিগত মাহবোৰত এম জি এনৰেগাৰ অধীনত কাম বিচাৰি অহা শ্ৰমিকৰ সংখ্যা বাঢ়ি গৈছে ৷ ২০১৯-২০২০ ৰ সমগ্ৰ বৰ্ষটোৰ ২৬৫ কোটি ব্যক্তি শ্ৰম দিৱসৰ তুলনাত চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আগষ্টৰ প্ৰথম সপ্তাহলৈকে প্ৰায় ১৭০ কোটি ব্যক্তি শ্ৰম দিৱসৰ সৃষ্টি কৰা হৈছে ৷ অন্য কথাত কবলৈ গ’লে, চাহিদা বৃদ্ধি পোৱাৰ বাবেই চলিত বৰ্ষৰ মাত্ৰ কেইমাহমানৰ ভিতৰতে বিগত সমগ্ৰ বৰ্ষটোৰ ৬৪ শতাংশ শ্ৰম দিৱস সৃষ্টি কৰা হৈছে ৷ বিগত চাৰে তিনিমাহতেই তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশে ক্ৰমে ২০১৯-২০ বৰ্ষত ৩৬৫ দিন শ্ৰম কৰাৰ তুলনাত ১০৬ শতাংশ আৰু ৯৬ শতাংশ ব্যক্তি শ্ৰমদিৱসৰ সৃষ্টি কৰিছে ৷ এনৰেগাৰ কাম আগবঢ়াৰ লগে লগে বাৰে বাৰে এইটো কথাৰ প্ৰমাণ হৈ আছে যে গ্ৰামাঞ্চলবাসী কৰ্মসংস্থানৰ অভাৱৰ বাবেই এই প্ৰকল্পটোলৈ ঢাপলি মেলি আহি আছে ৷ এতিয়ালৈকে এই প্ৰকল্পটোৰ অধীনত প্ৰায় ৪.৮ লক্ষ্য গৃহস্থীয়ে ইতিমধ্যেই তেওঁলোকৰ ১০০ দিনৰ শ্ৰম সম্পূৰ্ণ কৰিছে ৷ এম জি এনৰেগাৰ অধীনত এই বৰ্ষত এতিয়ালৈকে মুঠ ৪৮,০০০ কোটি টকা ব্যয় কৰা হৈছে ৷ এই ধন বিত্তীয় বৰ্ষ ২১ ৰ বাবে এই প্ৰকল্পৰ নামত আবন্তিত কৰা ১ লক্ষ্য কোটি টকাৰ প্ৰায় অৰ্ধাংশ ৷

কিন্তু এইখিনিতে এম জি এনৰেগাৰ কৰ্মক লৈ এক সমস্যা আছে ৷ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ এজন বিষয়াই শ্ৰম সম্বন্ধীয় সংসদীয় স্থায়ী সমিতিক জানিবলৈ দিয়ে যে আমাৰ হাতত এনৰেগাৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ বাবে একেবাৰে কম পৰিমাণৰ ধন মজুত আছে ৷ আজিম প্ৰেমজী ফাউণ্ডেশ্বনৰ অধীনত কৰা এক সমীক্ষাত পোৱা গৈছে যে দেশৰ এক বৃহৎ সংখ্যক গ্ৰাম পঞ্চায়তে ইতিমধ্যে এনৰেগাৰ অধীনত তেওঁলোকৰ বাবে আবন্তিত কৰা পুঁজিৰ ধন শেষ কৰিছে ৷ পঞ্চায়তসমূহত প্ৰকল্পটোৰ অধীনত হৈ থকা কামসমূহ ২০২০ চনৰ আগষ্টত শেষ হোৱাৰ সম্ভাৱনা আছে ৷ ফাউণ্ডেশ্বনটোৰ সমীক্ষাত কোৱা হৈছে যে এম জি এনৰেগাৰ অধীনত শ্ৰমৰ চাহিদা অন্তঃত বিত্তীয় বৰ্ষ ২১ শেষ হোৱালৈকে বৃদ্ধি পাই থাকিব ৷ ইয়াৰ মাজতে আকৌ এই চাহিদা খাৰিফ শস্য চপোৱাৰ সময়ত আংশিক পৰিমাণে কমিবও পাৰে ৷ ইয়াত পৰামৰ্শ দিয়া হৈছে যে প্ৰকল্পটোৰ অধীনত অনাগত দিনবোৰত আবন্তিত পুঁজিৰ পৰিমাণত আন এক ১ লক্ষ কোটি টকা যোগ দি মুঠ আবন্তিত পুঁজিৰ পৰিমাণ ২ লক্ষ কৰা উচিত ৷ লগতে এইটো পৰামৰ্শও দিয়া হৈছে যে প্ৰত্যেক গৃহস্থীৰ শ্ৰম দিন ২০০ দিনলৈ বৃদ্ধি কৰিব লাগে ৷

বনোৱাসকলৰ জীৱিকা আৰু উপাৰ্জন ক্ষমতাক সামৰ্থতা যোগোৱাৰ উদ্দেশ্যে প্ৰাক্তন আৰ বি আই গৱৰ্ণৰ আৰু বৰ্তমানৰ এজন লিখক চি ৰংগৰাজনে কৰা এক অধ্যয়নত এম জি এনৰেগাৰ অধীনত নিয়োগৰ দিনৰ সংখ্যা ১৫০ দিনলৈ বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ এই অধ্যয়নে চহৰাঞ্চলতো নিয়োগ নিশ্চিত প্ৰকল্প প্ৰচলন কৰাৰ পৰামৰ্শ আগবঢ়াইছে ৷ চহৰাঞ্চলৰ কাৰণে ইয়াৰ নীতি নিয়মত কিছু পৰিমাণে সালসলনি ঘটাবও লাগিব ৷ চহৰাঞ্চলত অ-কুশলী আৰু অৰ্ধ-কুশলী দুয়ো শ্ৰেণীৰ শ্ৰমিকক নিয়োগ কৰিব পৰা যাব ৷ কিয়নো ইয়াত ‘লেটাৰ ৱৰ্কাৰ্ছ’ৰো চাহিদাও আছে ৷ প্ৰস্তাৱিত গ্ৰাম্য তথা চহৰাঞ্চল উভয়তে ১৫০ শ্ৰম দিনৰ নিয়োগ সংযোজনে পুঁজিৰ পৰিমাণ ২.৪৮ লক্ষ কোটিলৈ (জি ডি পিৰ ১.২২%) বৃদ্ধি কৰিব ৷ চৰকাৰে গ্ৰাম্য আৰু চহৰাঞ্চল দু্য়ো ঠাইতে নিয়োগ নিশ্চিত প্ৰকল্পত ব্যয় কৰিবলৈ ‘ফিস্কেল স্পেছ’ৰ ব্যৱস্থা কৰি দিব লাগিব ৷

তাৎক্ষণিকভাৱে তৰিৎ গতিৰে বিভিন্ন ৰাজ্যসমূহত গ্ৰাম পঞ্চায়তবোৰে ‘শ্বেল্ফ অৱ প্ৰজেক্ট’ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে ৷ ৰাজ্য চৰকাৰে এইটোৰ সুনিশ্চিতি দিব লাগিব যাতে প্ৰতিখন গাঁৱতে চৰকাৰী কামসমূহৰ আৰম্ভ হয় ৷ ইয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতা থাকিব লাগিব ৷ ৰাজ্য চৰকাৰবোৰে প্ৰকল্পটোৰ কাম এক ‘ছাপ্লাই-ড্ৰাইভেন’ প্ৰকল্পৰ দৰে ৰূপায়িত কৰিছিল ৷ ই আইনৰ দ্বাৰা সমৰ্থিত এক চাহিদা ভিত্তিক নিশ্চিতি হিচাপেহে পৰিচালিত হোৱা উচিত ৷

সমগ্ৰ দেশখনেই প্ৰত্যক্ষ কৰিছে কেনেকৈ অভিবাসী বনোৱা সকলে হাজাৰ হাজাৰ কিলোমিটাৰ খোজ কাঢ়ি গৈ তেওঁলোকৰ গাঁও পাইছেগৈ ৷ এই অভিৱাসীসকলৰ মাজৰ পৰাই কুশলী শ্ৰমিক যেনে কৰ্ম সংস্থান হেৰোৱা অট’ শ্ৰমিক, গাড়ী চালক, ৰং দিয়া মিস্ত্ৰী, কাঠমিস্ত্ৰী আদিৰ বাবে এম জি এনৰেগাত কৰ্ম সংস্থান ওলাব ৷ তেওঁলোকৰ বাবে অৰ্ধ-কুশলী তথা কুশলী কামৰ ব্যৱস্থা কৰি দিব পৰা যাব ৷ মহামাৰীৰ প্ৰকোপৰ মাজতে দেশে বহু প্ৰৱজ্জনকাৰীয়ে এম জি এনৰেগাৰ শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰা লক্ষ্য কৰিছে ৷ ই ইয়াকে প্ৰতিফলিত কৰে যে সংস্থাপনহীন প্ৰৱজনকাৰীসকলৰ বাবে আৰু অন্য বনোৱাসকলৰ বাবে ভীষণ সংকটৰ সময়ত এম জি এনৰেগা এক আশাৰ কিৰণ হিচাপে কিমান গুৰুত্বপূৰ্ণ ৷

কৃষিখণ্ড আৰু গ্ৰাম্য অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে এম জি এনৰেগাক সক্ষম কৰাৰ বাদেও আন কিছুমান উপায় অৱলম্বন কৰিব লাগিব ৷ প্ৰথমে, কৃষকসকলকৰ উপাৰ্জন বঢ়াব লাগিব ৷ এম এছ পিৰ উত্থানৰ প্ৰয়োজনীয়তা আছে কিন্তু উচ্চ মূল্য পাবলৈ ‘ছাপ্লাই চেইন’সমূহ উদ্ধাৰ কৰাৰ প্ৰয়োজন হ’ব ৷ আত্মনিৰ্ভৰত ঘোষিত কৃষিভিত্তিক সমবায়ৰ সংস্কাৰে মধ্যমীয়াভাৱেহে সহায় কৰিব ৷ যি নহওক, চৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্যৰ সহযোগিতাকে ধৰি এই সংস্কাৰসমূহৰ ক্ষেত্ৰত আৰু স্পষ্টতা দেখোৱাব লাগিব ৷

দ্বিতীয়তে, কৃষিজাত ৰপ্তানীক অৰু উন্নীত কৰিব লাগিব ৷ ৰপ্তানী আৰু ভৱিষ্যতৰ বজাৰৰ বাবে এক দীৰ্ঘকালিন আচনিৰ প্ৰয়োজনীয়তা আছে ৷ আত্মনিৰ্ভৰৰ অৰ্থ হ’ল আমি নিজৰ ভৰিত থিয় দিব লাগিব ৷ ভাৰতে খুবেই কম পৰিমাণৰ ফলমূল আৰু শাক-পাচলিহে ‘প্ৰ’ছেছ’ কৰে ৷ ‘ফুড প্ৰ’ছেছিঙ’ক আৰু এক ব্যাপক হাৰত উন্নীত কৰিব লাগিব ৷

তৃতীয়তে, প্ৰধানমন্ত্ৰীয়ে এক লক্ষ কোটি টকাৰ কৃষিখণ্ডৰ আন্তঃগাঠনিৰ উন্নয়নৰ বাবে পুঁজি আবন্তন কৰিছে ৷ কিন্তু কেন্দ্ৰই এই সমগ্ৰ ধন চাৰি বছৰৰ ভিতৰত বিতৰণ কৰাৰ লক্ষ্য লৈছে ৷ মাত্ৰ ১০,০০০ কোটি টকাহে এই বিত্তীয় বৰ্ষৰ বাবে অনুমোদন দিয়া হৈছে ৷ নিয়োগ আৰু মজুৰি সৃষ্টি কৰিবলৈ গ্ৰামাঞ্চলৰ আন্তগাঠনিত বিনিয়োগ কৰাটো অতি জৰুৰি ৷ আমি কৃষি কাৰ্যৰ পৰা আগুৱাই গৈ গোদামঘৰ, উৎপাদিত পণ্য ৰখাৰ ব্যৱস্থা কৰণ, খাদ্য প্ৰ’ছেছ কৰা আৰু খুছুৰা বিক্ৰী আদিত বিনিয়োগ কৰিব লাগিব ৷ কৃষি আন্তঃগাঠনি পুঁজি, মুল্য শৃংখলক উন্নীত কৰিবৰ বাবে ব্যৱহাৰ হ’ব ৷ ঠিক একেদৰেই নিয়োগ সৃষ্টি আৰু গ্ৰাম্য মজুৰি বৃদ্ধিৰ বাবে গ্ৰামাঞ্চলত নিৰ্মাণ কাৰ্য খুবেই গুৰুত্বপূৰ্ণ ৷ ২০০৪-০৫ আৰু ২০১১-১২ চনৰ সময়চোৱাত গ্ৰামাঞ্চলত শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিত নিৰ্মাণ কাৰ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

চতুৰ্থতে, এম এছ এম ইৰ প্ৰায় ৫১ শতাংশই গ্ৰামাঞ্চলত অৱস্থিত ৷ এম এছ এম ইৰ কাৰণে ক’ভিড- ১৯ হ’ল এক মোক্ষম আঘাত ৷ কিয়নো ইতিমধ্যে তেওঁলোকে পূৰ্ৱৰ এন বি এফ চিৰ সমস্যাই দিয়া আঘাতত ভূগি আছিল ৷ এম এছ এম ইক গ্ৰামাঞ্চলত পুনৰুজ্জীৱিত কৰিব লাগিব ৷ চীনে খালি কৰি থৈ যোৱা স্থানসমূহো পূৰণ কৰাৰ সুবিধা আছে ৷ এক বহুমুখী এম এছ এম ইৰ অবিহনে ভাৰত আত্মনিৰ্ভৰ কেতিয়াও হ’ব নোৱাৰে ৷

শেষৰটো হ’ল, কৃষিজাত আৰু অ-কৃষিজাত খণ্ডৰ মাজত সম্পৰ্ক, গ্ৰাম্য-চহৰাঞ্চলৰ মাজত সম্পৰ্ক আদিও গ্ৰাম্য অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে গুৰুত্বপূৰ্ণ ৷ একেদৰেই চহৰাঞ্চলৰ বিত্তীয় উদ্দীপনা, কৰ্পৰেট খণ্ডৰ ‘টুইন বেলেঞ্চ শ্বীট প্ৰব্লেম’ সমাধান কৰা আৰু বেংকবোৰে গ্ৰামাঞ্চলবোৰক গ্ৰাম্য-চহৰাঞ্চলৰ সম্পৰ্কৰ বাবে সাহাৰ্য প্ৰদান কৰিব ৷

সামৰণিত ক’ব পাৰি, যিহেতু সংস্থাপন তথা নিয়োগত ক’ভিড-১৯ মহামাৰীৰ বিপৰীতমুখী প্ৰভাৱ ২০২০-২১ চনলৈকে বৰ্তি থাকিব, অনুমান কৰিব পাৰি যে এম জি এনৰেগাই বহু কেইটা সমস্যাৰ আটাইতকৈ উৎকৃষ্ট সমাধান হ’ব ৷ চৰকাৰে আৰু অধিক পুঁজিৰ আৱন্তনৰ ব্যৱস্থা কৰিব লাগিব লগতে তৃণমূল পৰ্যায়ত ‘শ্বেল্ফ অৱ প্ৰজেক্ট’ বৃদ্ধি কৰি ইয়াক উপযুক্তভাৱে কাৰ্যকৰীকৰণ কৰিব লাগিব ৷ এম জি এনৰেগা হ’ল অভিবাসী মজদুৰ আৰু অন্য গ্ৰাম্য শ্ৰমিকসকলৰ বাবে ত্ৰাণকৰ্তা ৷ ঠিক একেৰেই… যিহেতু উৎপাদন আৰু সেৱা খণ্ড স্থৱিৰ হৈ পৰিছে, এনেস্থলত এতিয়া দেশৰ অৰ্থনীতি কৃষিখণ্ডৰ অনুগ্ৰহতহে ৰক্ষা পৰিব যেন অনুমান হয় ৷

লগতে পঢ়ক : স্বাধীনতা দিৱস উপলক্ষে ৰে'ল বিভাগৰ স্বচ্ছতা অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.