ETV Bharat / bharat

কৰ’ণা ৰোগীৰ বাবে মাৰ্চিডিছ এফ 1 দলে সাজি উলিয়াইছে উশাহ লোৱাৰ সঁজুলি

author img

By

Published : Apr 7, 2020, 12:35 PM IST

কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ শ্বাস-প্ৰশ্বাসত সহায় হ’ব পৰাকৈ এক সঁজুলি উলিয়াবৰ বাবে ইউনিভাৰ্চিটি কলেজ লণ্ডনে ইউচিএলএইচ-ৰ চিকিৎসক আৰু ‘মাৰ্চিডিছ এফ-১’ ৰ সৈতে একেলগে কাম কৰিছে । অবিৰত ইতিবাচক বায়ুৰ হেঁচা বুলি জনা এই সঁজুলি বা যন্ত্ৰবিধ কৰ’ণা মহামাৰীৰ সময়ত ৰোগীৰ হাওঁফাওঁক পৰ্যাপ্ত পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ ইটালী আৰু চীনৰ চিকিৎসালয়ত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে ।

Mercedes F1 team helps to develop breathing aid in Coronavirus pandemic
মাৰ্চিডিছ এফ 1 দলে সাজি উলিয়াইছে উশাহ লোৱাৰ সঁজুলি

লণ্ডন,7 এপ্ৰিলঃ মাৰ্চিডিছৰ ফৰ্মূলা ওৱান টীমে এনে এক শ্বাস-প্ৰশ্বাস ল’ব পৰা যন্ত্ৰ সাজি উলিয়াইছে যিয়ে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীসকলক আই চি ইউৰ বাহিৰত ৰখাত সহায় কৰাৰ লগতে অধিক বোজা বহন কৰিব লগা ব্ৰিটেইনৰ চিকিৎসা সেৱাক কিছু সকাহ দিব । ব্ৰিটেইনস্থিত 7 টা দলৰ সন্মিলিত প্ৰচেষ্টাৰ অংশস্বৰূপে মাৰ্চিডিছে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ অভিযন্তা আৰু ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ চিকিৎসালয়ৰ চিকিৎসকসকলৰ লগত অক্সিজেন মাস্ক আৰু সম্পূৰ্ণ ভেণ্টিলেশ্বনৰ প্ৰয়োজনৰ মাজত থকা ব্যৱধান দূৰ কৰি এবিধ যন্ত্ৰ প্ৰস্তুত কৰাৰ বাবে একেলগে কাম কৰে । অবিৰত ইতিবাচক বায়ুৰ হেঁচা বুলি জনা এই সঁজুলি বা যন্ত্ৰবিধ কৰ’ণা মহামাৰীৰ সময়ত ৰোগীৰ হাওঁফাওঁক পৰ্যাপ্ত পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ ইটালী আৰু চীনৰ চিকিৎসালয়ত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে । ঔষধ আৰু স্বাস্থ্য সেৱা সামগ্ৰী নিয়ন্ত্ৰক সংস্থাৰ দ্বাৰা যন্ত্ৰবিধে অনুমোদন লাভ কৰিছে । ইউনিভাৰ্চিটী কলেজ লণ্ডন অৰ্থাৎ ইউ চি এলে প্ৰকাশ কৰা অনুসৰি অনুমোদিত যন্ত্ৰবিধ ব্ৰিটেইনত ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু ক্লিনিকেল পৰীক্ষাৰ বাবে 100 টা যন্ত্ৰ চিকিৎসালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে ।

ইউ চি এলৰ মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক টীম বেকাৰে জনোৱা অনুসৰি,চিকিৎসকসকলে ফৰ্মূলা 1 ৰ সক্ষমতাৰ জৰিয়তে বছৰ বছৰ ধৰি কৰা একোটা কাম কেইটামান দিনৰ ভিতৰত কৰিবলৈ আহ্বান জনায় । প্ৰাৰম্ভিক সভাৰ পৰা 100 ঘণ্টাৰ ভিতৰত এই যন্ত্ৰবিধ সাজু হৈছে । মাৰ্চিডিছৰ পৰিচালন সঞ্চালক এণ্ডি কাউৱেলে কয়—"",আমাৰ সম্পদক অউ চি এলৰ সেৱাত ব্যৱহাৰ কৰিবলৈ আমি গৌৰৱ অনুভৱ কৰিছো । অবিৰত ইতিবাচক বায়ুৰ হেঁচা বা চি পি এ পি প্ৰকল্পক কম সময়ৰ ভিতৰত সৰ্বোৎকৃষ্ট ৰূপত প্ৰদান কৰাৰ বাবে আমি চেষ্টা চলাইছোঁ।” টোপনিত উশাহ লোৱাৰ সমস্যা থকা অৰ্থাৎ শ্লীপ এপনিয়াত আক্ৰান্ত ৰোগীসকলৰ বাবে চি পি এ পি যন্ত্ৰ ব্যৱহাৰ কৰা হয় । ই মুখ আৰু নাকত অক্সিজেন সমহাৰত প্ৰদান কৰে । চি পি এ পি বহু ৰোগীৰ বাবে এক উত্তম বিকল্প হৈ উঠিব কিয়নো ই অধিক ফলপ্ৰসূ । Covid 19 ত আক্ৰান্ত ৰোগীসকলৰ বাবে যেতিয়া কেৱল অক্সিজেন লাভ কৰাটো অপৰ্যাপ্ত হৈ উঠে তেতিয়া ইটালী আৰু চীনত এই যন্ত্ৰ বিধ ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় । কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে এফ ওৱান নামেৰে নামাকৰণ কৰা প্ৰডেক্ট পিটলেনৰ জৰিয়তে এই চিকিৎসা সঁজুলিবিধ প্ৰস্তুত কৰিবলৈ আন ছটা প্ৰতিষ্ঠান-ৰেড বুল,হাছ্,মেকলাৰেন,ৰেন’ল্ট,উইলিয়ামছ আৰু ৰেচিং পইণ্টে অৱদান আগবঢ়াইছে । উদাহৰণস্বৰূপে,মেকলাৰেনে জনাইছে যে প্ৰতিষ্ঠানটোৱে ভেণ্টিলেটৰৰ বাবে উপাদান প্ৰস্তুতৰ ওপৰত ধ্যান দিছে । ইয়াৰ লগতে পৰিকল্পনা, প্ৰকল্প ব্যৱস্থাপনাৰ লগতে উৎপাদন সম্পূৰ্ণ কৰিবলৈ সকলো উপাদান ক্ৰয় কৰাৰ ক্ষেত্ৰত জড়িত আছে ।

মহামাৰীয়ে সৃষ্টি কৰা অভাৱনীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ যিবোৰ দিশত দ্ৰুত,উদ্ভাৱনমূলক তথা প্ৰযুক্তিগত উপায়ৰ প্ৰয়োজন হয় তেনেবোৰ ক্ষেত্ৰত দলটোৱে কাম কৰি যাব বুলি এফ ওৱানৰ ফালৰ পৰা জনাইছে । চি পি এ পি মেচিনে অক্সিজেন আৰু বায়ুৰ সংমিশ্ৰণক অবিৰতহাৰত মুখ আৰু নাকক প্ৰদান কৰে যাৰ ফলত যথেষ্ট পৰিমাণৰ অক্সিজেন হাওঁফাওঁৱে লাভ কৰে । ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাই এই যন্ত্ৰসমূহ নিয়মীয়াকৈ ব্যৱহাৰ কৰি আহিছে । ব্ৰিটেইনত ৫০ হাজাৰতকৈ অধিক লোক Covid 19 ত আক্ৰান্ত হোৱাৰ লগতে 5 হাজাৰতকৈ অধিক লোকৰ প্ৰাণহানি ঘটে । বহু লোকৰ ক্ষেত্ৰত এই নতুন ভাইৰাছে মাত্ৰ সাধাৰণ বা মজলীয়া ধৰণৰ লক্ষণৰ সৃষ্টি কৰে । যেনেঃকাহ,জ্বৰ আদিয়ে দুই বা তিনি সপ্তাহৰ পাছত Covid 19 বুলি ধৰা পৰে । জ্যেষ্ঠ আৰু ইতিমধ্যে স্বাস্থ্যৰ সমস্যাত ভোগা লোকসকলক ই অধিক অসুস্থ কৰে যিয়ে নিউমোনিয়া বা মৃত্যু ঘটাব পাৰে । এফ 1 ছিজন এতিয়াও আৰম্ভ হ’বলৈ বাকী । কাৰ্যসূচীৰ প্ৰথম আঠখন মেচ ইতিমধ্যে স্থগিত বা বাতিল কৰা হৈছে । গতিকে খুব সোনকালে হ’লেও জুনৰ মাজভাগলৈকে কোনো ধৰণৰ ৰেচিং অনুষ্ঠিত নহয় । লুইছ হেমিল্টন শীৰ্ষ চালক হিচাপে থকা এফ ওৱানত মাৰ্চিডিছ হৈছে মূল দল ৷

লগতে চাওকঃ ১৫ এপ্ৰিলৰ পৰা বুকিং কৰিব পাৰিব GoAir বিমানঃ মুখপাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.