ETV Bharat / bharat

গোৰ্খালেণ্ডৰ দাবীৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ ! - পত্ৰ প্ৰেৰণ

‘গোৰ্খালেণ্ড’ গঠনৰ দাবীৰে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ ৷ গোৰ্খাসকলক সন্মান প্ৰদান আৰু স্থায়ী ৰাজনৈতিক সমাধান দিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মুখ্যমন্ত্ৰী চাংমাই ৷

Meghalaya CM backs Gorkhaland demand
গোৰ্খালেণ্ড দাবীৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ
author img

By

Published : Sep 18, 2020, 10:40 AM IST

নিউজ ডেস্ক, 18 ছেপ্তেম্বৰ: গোৰ্খা ৰাজ্য সন্দৰ্ভত মত প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ ৷ গোৰ্খা সম্প্ৰদায়ৰ বাবে সুকীয়া ৰাজ্য ‘গোৰ্খালেণ্ড’ গঠন হ’ব লাগে বুলি মতামত আগবঢ়ায় মুখ্যমন্ত্ৰী চাংমাই ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ শেহতীয়াকৈ প্ৰেৰণ কৰা এক পত্ৰত মুখ্যমন্ত্ৰী চাংমাই উল্লেখ কৰে যে, ‘‘গোৰ্খাসকলো যোগ্য ভাৰতীয় নাগৰিক, তেওঁলোকৰ নিজা পৰিচয় আৰু মাতৃভূমি আছে’’ ৷

পত্ৰখনৰ জৰিয়তে তেওঁ গৃহমন্ত্ৰীক আহ্বান জনাই কয় যে, ‘‘মহোদয়, ভাৰতীয় সমাজ ব্যৱস্থাৰ ফেব্ৰিক উদ্যোগত গোৰ্খাসকলৰ অৱদান উল্লেখনীয় ৷ গোৰ্খাসকলো ভাৰতীয় নাগৰিক, তেওঁলোকৰো নিজা পৰিচয় আৰু মাতৃভূমি আছে’’ ৷

ইয়াৰোপৰি, গোৰ্খা যোদ্ধা দুৰ্গা মল্ল, সংসদীয় বিধানসভাৰ সদস্য ডম্বৰ সিং, অৰী বাহাদুৰ গুৰুং আৰু কেপ্তেইন ৰাম সিং ঠাকুৰীয়াৰ যোগদানৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী চাংমাই ৷

মুখ্যমন্ত্ৰী চাংমাই গোৰ্খাসকলক সন্মানৰ আৰু স্থায়ী ৰাজনৈতিক সমাধান দিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷

সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ সময়তে মুখ্যমন্ত্ৰী চাংমাই গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে আৰু দাৰ্জিলিঙত NDA মিত্ৰতাৰ সৈতে স্থায়ী ৰাজনৈতিক সমাধানৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: লুধিয়ানাত উত্তৰ ভাৰতৰ প্ৰথমটো কুকুৰৰ ব্লাড বেংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.