ETV Bharat / bharat

অমিত শ্বাহ, ৰাজীৱ গৌৱা আৰু অজিত দোভালৰ মাজত গোপন বৈঠক - নিয়ন্ত্ৰণৰেখা

জম্মু-কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতিক লৈ এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহৰ সৈতে সভাত উপস্থিত থাকে কেন্দ্ৰীয় গৃহসচিব ৰাজীৱ গৌৱা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা অধিবক্তা অজিত দোভাল ৷

অমিত শ্বাহ, ৰাজীৱ গৌৱা আৰু অজিত দোভালৰ মাজত সম্পন্ন গোপন আলোচনা
author img

By

Published : Aug 4, 2019, 6:02 PM IST

Updated : Aug 4, 2019, 7:20 PM IST

নিউজ ডেস্ক, 4 আগষ্টঃ অমৰনাথ যাত্ৰা বাতিল আৰু জম্মু কাশ্মীৰৰ উদ্বেগজনক পৰিস্থিতিক লৈ এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কেন্দ্ৰীয় গৃহসচিব আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী ৷

মোডী মন্ত্ৰীসভাৰ দ্বিতীয়গৰাকী গৃহমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈয়ে জম্মু-কাশ্মীৰক লৈ অধিক সক্ৰিয় পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালে গোপনে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বহুবাৰ ৰাজ্যখন ভ্ৰমণ কৰে ৷ শেহতীয়াকৈ ৰাজ্যখনলৈ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 100টা অতিৰিক্ত কোম্পানী প্ৰেৰণৰ পিচতেই অধিক উত্তেজনাপূৰ্ণ হৈ পৰে ৰাজ্যখনৰ পৰিস্থিতি ৷ ইফালে বিগত এমাহতকৈয়ো অধিক সময়ত নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতি উলংঘন কৰি আছে পাকিস্তানে ৷

সকলোবোৰ দিশ আগত ৰাখি দেওবাৰে পুনৰ এইদৰে ৰুদ্ধধাৰ আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা আৰু কেন্দ্ৰীয় গৃহ সচিব ৷ অৱশ্যে সভাত কি আলোচনা হৈছে তাক প্ৰকাশৰ পৰা বিৰত থাকে গৃহমন্ত্ৰীৰ লগতে অন্যান্যসকল ৷

Intro:Body:Conclusion:
Last Updated : Aug 4, 2019, 7:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.