নিউজ ডেস্ক, ২৬ মে': মুম্বাইৰ নায়াৰ চিকিৎসালয়ত জ্যেষ্ঠ চিকিৎসকৰ মানসিক নিৰ্যাতনৰ বলি হোৱাৰ ফলত এগৰাকী ২৩ বছৰীয়া ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । ইতিমধ্যে পৰিয়ালৰ লোকে ৰেগিং বিৰোধী আইনৰ অধীনত আগ্ৰীপৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।
আগ্ৰীপৰাৰ আৰক্ষী অধীক্ষক দীপক কুন্দলে জনোৱা অনুসৰি ছাত্ৰী গৰাকীয়ে সংৰক্ষিত আসনত নামভৰ্তি লাভ কৰাৰ বাবেই জ্যেষ্ঠ চিকিৎসকে মানসিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে ।