দিল্লী, 11 মে': অযোধ্যা বিবাদ সন্দৰ্ভত সমাধান উলিওৱাৰ বাবে মধ্যস্থতাকাৰী প্যেনেলক 15 আগষ্ট পৰ্যন্ত সময়সীমা নিৰ্ধাৰণ কৰে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে ঘোষণা কৰে এই ৰায়দান ৷
মাত্ৰ 6 মিনিটৰ ভিতৰত শুকুৰবাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি ৰাম মন্দিৰ-বাবৰি মছজিদ বিবাদৰ মীমাংসা কৰাৰ বাবে তিনিজনীয়া এক কমিটি গঠন কৰে ৷ সেই কমিটিত আছে ন্যায়াধীশ এফএম কালিফুল্লা, আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰ আৰু আইনজীবি শ্ৰীৰাম পঞ্চু ৷ নেতৃত্বত আছে প্ৰাক্তন ন্যায়াধীশ কালিফুল্লা ৷ সকলো পক্ষৰ সৈতে বিবাদ সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ পিচত বহু বিতৰ্কিত বিবাদৰ সমাধান-সূত্ৰ উলিওৱাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে ৷