ETV Bharat / bharat

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ মনোনয়ন দাখিল - মনোনয়ন পত্ৰ দাখিল

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে গুজৰাটৰ পৰা দাখিল কৰিলে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ ৷ ভাৰত - আমেৰিকাৰ পাৰমাণৱিক সন্ধিৰ অন্যতম সদস্য জয়শংকৰ ভাৰতৰ এজন অন্যতম কূটনৈতিক বিশ্লেষক ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ মনোনয়ন দাখিল
author img

By

Published : Jun 25, 2019, 3:15 PM IST

নিউজ ডেস্ক, 25 জুন : মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে গুজৰাটৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ জুলাইৰ 5 তাৰিখে অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনৰ বাবে তেওঁৰ লগতে বিজেপি প্ৰাৰ্থী জুগলজী মাথুৰজী ঠাকুৰেও মনোনয়ন পত্ৰ দাখিল কৰে ৷

চি. বি. পাণ্ডিয়াৰ হাতত মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী আৰু বিজেপি প্ৰধান জিতু বাঘানি ৷

ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে ৰাজ্যসভাৰ এই দুই আসনৰ বাবে গৌৰৱ পাণ্ডিয়া আৰু চন্দ্ৰিকা ছুদাচামাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷

উল্লেখ্য যে, কে. সুব্ৰমনিয়ামৰ পুত্ৰ তথা ভাৰতৰ কূটনৈতিক বিশ্লেষক হিচাপে সঘনে পৰিচিত জয়শংকৰ আছিল ভাৰত - আমেৰিকাৰ পাৰমাণৱিক সন্ধিৰ অন্যতম সদস্য ৷ বৈদেশিক সচিব হিচাপে অৱসৰ গ্ৰহণৰ 16 মাহ পাছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল জয়শংকৰে ৷

Intro:Body:

https://etvbharat.page.link/Fu9EgXGkWbwhjgbaA

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.