ETV Bharat / bharat

শ্ৰীকৃষ্ণ জন্মভূমিক লৈ মথুৰা আদালতত শুনানি আৰম্ভ

author img

By

Published : Jan 18, 2021, 12:21 PM IST

13.37 একৰ শ্ৰীকৃষ্ণ জন্মভূমি মাটি বিবাদৰ গোচৰৰ শুনানি অনুষ্ঠিত হ’ব মথুৰাৰ এখন আদালতত ৷ সোমবাৰে এই শুনানি অনুষ্ঠিত হ’ব ৷

শ্ৰীকৃষ্ণ জন্মভূমিক লৈ মথুৰা আদালতত শুনানি আৰম্ভ
শ্ৰীকৃষ্ণ জন্মভূমিক লৈ মথুৰা আদালতত শুনানি আৰম্ভ

নিউজ ডেস্ক, 18 জানুৱাৰী : ভক্তসকলে বিশ্বাস কৰা এটা স্থলত থকা মছজিদৰ স্থানতেই শ্ৰীকৃষ্ণৰ জন্মস্থান বুলি মথুৰাৰ এখন জিলা আদালতত দাখিল কৰা হৈছিল এখন আবেদন ৷ সোমবাৰে এই সন্দৰ্ভত উক্ত গোচৰৰ শুনানি আৰম্ভ কৰিছে মথুৰাৰ জিলা অসামৰিক আদালতে ৷ 15 জানুৱাৰীতেই শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও জিলা দণ্ডাধীশ উপস্থিত নথকাত শুনানিৰ দিন 18 জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল ৷ ভগৱান শ্ৰীকৃষ্ণৰ জন্মভূমি সন্দৰ্ভত জিলা জ্যেষ্ঠ অসামৰিক ন্যায়াধীশৰ আদালতে আজি দিনৰ ভিতৰত শুনানি আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমৰ খিলঞ্জীয়া মুছলমান সমাজৰ 5 লাখ

2020ৰ 25 ছেপ্টেম্বৰত 13.37 একৰ ভূমি যাক শ্ৰীকৃষ্ণৰ জন্মস্থান বুলি কোৱা হৈছে সেই ঠাইত থকা মছজিদটো অবৈধ বুলি আদালতত অভিযোগ দাখিল কৰা হৈছিল ৷ অভিযোগকাৰীয়ে উক্ত স্থানত অবৈধভাৱে নিৰ্মাণ কৰা ঈদগাহ ময়দানটো আঁতৰাই দিবলৈ অভিযোগনামাত উল্লেখ কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৰিশংকৰ জৈন, বিষ্ণুশংকৰ জৈন আৰু ৰঞ্জন অগ্নিহোত্ৰীয়ে এই অভিযোগনামা দাখিল কৰিছিল ৷

1951 চনৰ 21 ফেব্ৰুৱাৰীত শ্ৰীকৃষ্ণ জন্মভূমি ন্যাস প্ৰতিষ্ঠা হৈছিল ৷ 1968চনত শ্ৰীকৃষ্ণ জন্মস্থান সেৱা সংস্থা আৰু শ্বাহী ঈদগাহ ময়দান ব্যৱস্থাপনা কমিটীয়ে এই সন্দৰ্ভত বিবাদ সমাধান কৰিবলৈ উমৈহতীয়া সিদ্ধান্তত উপনীত হৈছিল যদিও আজিও উক্ত স্থানত থকা মছজিদটো আঁতৰাই দিয়া নাই ৷ যাৰ বাবেই এইদৰে অভিযোগনামা দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ৰ তিনিওগৰাকী ন্যায়াধীশে ৷

লগতে পঢ়ক : 1885-2019 : অযোধ্যা ৰাম মন্দিৰৰ বিতৰ্কিত ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.