ETV Bharat / bharat

গৃহ ৰাজলৈ প্ৰেৰণ ভাৰত-চীনৰ সংঘৰ্ষত শ্বহীদ হোৱা দীপক সিঙৰ মৃতদেহ - ভাৰত-চীনৰ সংঘৰ্ষ

ভাৰত-চীন সংঘৰ্ষত শ্বহীদ হোৱা দীপক সিঙৰ মৃতদেহ লৈ এটি সৈন্যৰ দল আগবাঢ়িছে মধ্য প্ৰদেশৰ ৰেৱা জিলালৈ । শুকুৰবাৰে অন্তিম সৎকাৰ কৰা হ'ব শ্বহীদ গৰাকীৰ ।

মধ্য প্ৰদেশ
গৃহ ৰাজলৈ প্ৰেৰণ ভাৰত-চীনৰ সংঘৰ্ষত শ্বহীদ হোৱা দীপক সিঙৰ মৃতদেহ
author img

By

Published : Jun 19, 2020, 10:35 AM IST

নিউজ ডেস্ক, ১৯ জুনঃ শুকুৰবাৰে পুৱা ভাগত শ্বহীদ দীপক সিঙৰ মৃতদেহ মধ্য প্ৰদেশৰ ৰেৱা জিলাত উপস্থিত হ'ব বুলি জানিবলৈ দিয়ে এগৰাকী ভাৰতীয় সেনা বিষয়াই । তাৰোপৰি শ্বহীদ সেনা গৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া লেহৰ পৰা প্ৰয়াগৰাজলৈ হৈ অহা হয় বুলি উল্লেখ কৰে । তাৰ পৰাই শুকুৰবাৰে পুৱা শ্বহীদ গৰাকীৰ মৃতদেহ সৈন্যৰ সৈতে অন্তিম সৎকাৰৰ বাবে নিজ গাঁৱলৈ লৈ যোৱা হ'ব বুলি জানিবলৈ দিয়ে সেনা বিষয়া গৰাকীয়ে ।

মধ্য প্ৰদেশ
গৃহ ৰাজলৈ প্ৰেৰণ ভাৰত-চীনৰ সংঘৰ্ষত শ্বহীদ হোৱা দীপক সিঙৰ মৃতদেহ

উল্লেখ্য যে, বিগত ১৫ জুনত পূৱ লাডাখত চীনৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ ২০ গৰাকী সৈনিকৰ ভিতৰত এজন আছিল শ্বহীদ দীপক সিং ।

আনহাতে, শ্বহীদ দীপক সিঙক শ্ৰদ্ধাঞ্জলি জনাই মধ্য় প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷ ইয়াৰোপৰি, শ্বহীদ গৰাকীৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে এটা পকী ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব বুলি সদৰি কৰে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন ত্যাগ কৰি অহা আমাৰ বীৰ সৈনিকসকলৰ বলিদানক শত কোটি প্ৰণাম ।

তাৰোপৰি, দীপক সিঙৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী শিৱৰাজ সিঙ চৌহানে ।

২০১৩ চনত সেনা বাহিনীত ভৰ্তি হোৱা শ্বহীদ দীপক সিং বিহাৰ ৰেজিমেণ্টৰ সৈতে লাডাখৰ গালৱানত কৰ্মৰত আছিল । ২০১৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল জোৱানজন । আনহাতে, শ্বহীদ দীপক সিঙৰ পিতৃ গজৰাজ সিং এজন কৃষক হোৱাৰ বিপৰীতে জ্যেষ্ঠ ভাতৃ প্ৰকাশ সিঙো সেনা জোৱান হিচাপে কৰ্মৰত বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : তিন মূৰ্তি চৌকৰ পৰা চীনা দূতাবাসলৈ চীন বিৰোধী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.