নিউজ ডেস্ক, 15 জুনঃ ভাৰতত অবৈধ অস্ত্ৰৰ বেপাৰ মেলিছে চিৰবৈৰী পাকিস্তানে ৷ মাও অধ্যূষিত ছত্তিশগড়ৰ বষ্টৰ জিলাৰ পৰা চি আৰ পি এফ আৰু স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পাকিস্তান সেনাই ব্যৱহাৰ কৰা HKG3 ৰাইফল ৷
শুক্ৰবাৰে নিশাৰ ভাগত সংঘটিত এক সংঘৰ্ষত চাৰিগৰাকী নক্সালবাদীক গুলীয়াই নিধন কৰে নিৰাপত্তা বাহিনীয়ে ৷ সংঘৰ্ষস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা HKG3 ৰাইফল, দুটা SLRs আৰু এটা 303 ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ টাডোকী আৰক্ষী চকীৰ অন্তৰ্গত মুন্নাৰ হাবিত ওৰে নিশাই অব্যাহত থাকে এই সংঘৰ্ষ ৷ নিৰাপত্তা বাহিনীৰ এটি এঘাৰজনীয়া দলে এই অভিযানত অংশগ্ৰহণ কৰি এইদৰে সফলতা লাভ কৰে ৷
নক্সালবিৰোধী অভিযানৰ মহানিৰ্দেশক ডিএম অৱস্থীয়ে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ শীৰ্ষ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ হোৱা HKG3 ৰাইফল পাকিস্তান আৰ্মী আৰু নাটো সেনাই ব্যৱহাৰ কৰি আহিছে ৷ ইয়াৰ পূৰ্বেও অঞ্চলটোৰ পৰা HKG3 ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল নিৰাপত্তা বাহিনীয়ে ৷