ETV Bharat / bharat

দিল্লীৰ দৰেই আৰু অনেক অস্বস্তিকৰ মহানগৰ - দিল্লীৰ প্ৰদূষণৰ সংকট

আশা কৰা হৈছে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগ সমূহৰ যৌথ প্ৰচেষ্টাত প্ৰদূষণৰ বিৰুদ্ধে যুঁজখন অধিক মাত্ৰাত বৃদ্ধি কৰা হৈছে । মুচিৰ প্ৰদূষণ সম্পর্কে উচ্চ ন্যায়ালয়ৰ প্রতিক্রিয়া আৰু দিল্লীৰ প্ৰদূষণৰ সংকটৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই সমস্যাটোৰ গভীৰতা প্ৰতিফলিত কৰাৰ লগতে ভৱিষ্যতৰ ৰাষ্ট্ৰীয় সংকটৰ কাৰক হিচাপে বায়ু আৰু পানী প্ৰদূষণক চিহ্নিত কৰিছে।

Many suffocating Delhies
দিল্লীৰ দৰেই আৰু অনেক অস্বস্তিকৰ মহানগৰ
author img

By

Published : Dec 9, 2019, 11:21 AM IST

বিগত কিছু সময়ৰ পৰা ভাৰতৰ ৰাজধানী দিল্লী ভয়ানক প্ৰদূষণৰ কৱলত পৰিছে। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া নজিৰবিহীন। চৰকাৰৰ উদাসীনতাত চোকা ভাষাৰে সমালোচনা কৰি ন্যায়ালয়ে দিল্লীতকৈ নৰকেই শ্ৰেষ্ঠ বুলি মন্তব্য আগবঢ়াইছে। কৃষি জাতীয় অৱশিষ্টৰ ক্ষেত্ৰত থাকিবলগীয়া প্ৰকৃত ব্যৱস্থা নথকাৰ বাবে ন্যায়ালয়ে পঞ্জাৱ আৰু হাৰিয়ানাৰ সচিব প্ৰধানৰ সদিচ্ছা আৰু কাৰ্যপন্থাৰ অভাৱকে মূলতঃ দোষাৰূপ কৰিছে । দিল্লীত বৃদ্ধি পোৱা বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণৰ প্ৰতি কঠোৰ আপত্তি দৰ্শাই সৰ্বোচ্চ ন্যায়ালয়ে এনেদৰে মন্তব্য আগবঢ়াইছে -আপুনি জনসাধাৰণক এনে দুৰ্ব্যৱহাৰ কৰিব নেকি ? আৰু প্ৰদূষণৰ বাবে মানুহক এনেদৰে কেনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিব ? উল্লেখ্য যে কেজৰিৱাল চৰকাৰে অলপতে জৰুৰীকালীন চিকিৎসাৱস্থা ঘোষণা কৰি সকলো ধৰণৰ নিৰ্মাণ কাৰ্য আৰু যিকোনো ধৰণৰ ধ্বংস বা বিনস্ত কাৰ্যৰ প্ৰতি নিষেধাজ্ঞা জাৰি কৰিছে। হাৰিয়ানাৰ কিছু অংশত,যিসমূহ গাঁৱত অধিক পৰিমাণে শস্যৰ মুঢ়া সমূহ জ্বলোৱা হয় আৰু খেতি চহোৱা যন্ত্ৰ ভাড়াত দিয়া হয়, সেইসমূহ গাঁও ইতিমধ্যে চিনাক্ত কৰা হৈছে। পঞ্জাৱেও ইতিমধ্যে তেওঁলোকৰ কৃষকসকলৰ বাবে কৃষিৰ বিত্তীয় সাহায্যৰ আশ্বাস প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ।

Many suffocating Delhies
কল কাৰখানাই ভয়ানক হাৰত প্ৰদূষিত কৰিছে পৃথিৱীৰ বায়ুমণ্ডল

লগতে চাওকঃ ক'লা পতাকাই খেদিছে মুখ্যমন্ত্ৰীক: শ্বহীদ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীক আছুৰ ক'লা পতাকা

খেতিপথাৰৰ মাটিডৰা চহাই হোৱাৰ পাছত তাত থকা অৱশিষ্টই মাটিৰ আৱৰণখন বৃদ্ধি কৰাৰ লগতে কোটি কোটি অনুজীৱ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। কিন্তু এই কথা চৰকাৰে সাধাৰণ চহা খেতিয়কক জনোৱাত বাৰে বাৰে বিফল হোৱা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত দিল্লী,পঞ্জাৱ, হাৰিয়ানাৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰে উচ্চতম ন্যায়ালয়ক সময় আৰু গুৰুত্বহীনতাৰ বাবে দোষাৰূপ কৰিছে । এইক্ষেত্ৰত অন্তত বৰ্তমান সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষকৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ জীৱাশ্ম ইন্ধনৰ সলনি অন্য বিকল্প ইন্ধনৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা উচিত। শস্যৰ মুঢ়াসমূহ জ্বলোৱা টোৱেই হৈছে প্ৰতিবছৰে দিল্লীত হোৱা বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ । 'দ্য নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে' চাৰিবছৰৰ আগতেই এই কাৰ্যক নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু চৰকাৰে ইয়াৰ বাবে কোনো কাৰ্যপন্থা হাতত নল'লে। পঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰে শস্যৰ মুঢ়াসমূহ জ্বলোৱাতো নিষিদ্ধ কৰিছে যদিও এতিয়াও কৃষকসকলে শস্যপথাৰত যন্ত্ৰ ব্যৱহাৰ কৰি আছে। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত পৰিৱেশৰ সমস্যা আৰু ৰাষ্ট্ৰীয় ক্ষতিৰ সমাধানৰ প্ৰথম পদক্ষেপ হিচাপে এক পৃথক পূঁজিৰ ব্যৱস্থা কৰিব লাগে ।

Many suffocating Delhies
গোলকীয় উষ্ণতাৰ ফলঃ মেৰু অঞ্চলত গলিছে বৰফ

লগতে চাওকঃ ৰাণীত বাইক আৰু বাছৰ মুখামুখী সংৰ্ঘষত নিহত দুই

প্ৰতি বছৰে দেশত দহ মিলিয়ন টন শস্যৰ আৱৰ্জনা জ্বলোৱা হয়। ইয়াৰে আধা সংখ্যক শস্য আৱৰ্জনা জ্বলোৱা ৰাজ্য হিচাপে পঞ্জাৱ,হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ নাম উল্লেখযোগ্য । গতিকে এই সমস্যাৰ জৰুৰীকালীন সমাধান হিচাপে কাৰ্যসমূহ এই ৰাজ্যকেইখনৰ পৰায়ে আৰম্ভ হ'ব লাগে । শস্য আৱৰ্জনা বা মুঢ়া জ্বলোৱাৰ পৰা হোৱা প্ৰদূষণৰ কৱলত কেৱল দিল্লীয়ে পৰিছে তেনে নহয়, দিল্লীতকৈ প্ৰদূষণত মৃত্যু হোৱা লোকৰ সংখ্যক উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰ,বিহাৰ,পশ্চিম বংগ,ৰাজাস্থানত অধিক। এই মাহত বায়ুৰ গুণগত মানৰ সূচকৰ তালিকাত দিল্লীতকৈ হাৰিয়ানা,বাঘপট,গাজিয়াবাদ,হাপোৰ,লক্ষ্ণৌ,মুৰাদাবাদ,নয়দা, কাণপুৰ আৰু চিৰচাৰৰ স্থান অতি ভয়ংকৰ । প্ৰায় তিনি চতুৰ্থাংশ চহৰে ধুৱাময়,অবৈধ প্ৰদূষণ বিৰোধী কাৰ্যত জড়িত। 'দ্য নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে' অক্টোবৰৰ ভিতৰত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক প্ৰদূষণ সৃষ্টি কৰা কাৰখানাসমূহ বন্ধ কৰিবলৈ সময়সীমা বান্ধি দিছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা এই যে দিল্লীৰ দৰে ভাৰতৰ আন আন ঠাইসমূহতো নিয়ম উলংঘাৰ বাবে প্ৰদূষণ ৰোধ কৰিব পৰা হোৱা নাই। বৰঞ্চ বৃদ্ধিহে পাইছে। ২৫ বছৰ পূৰ্বে এছিয়ান উন্নয়ন বেংকে সতর্ক কৰি দিছিল যে- যদি জল আৰু বায়ু প্ৰদূষণ শীঘ্ৰে নিয়ন্ত্রণ কৰা নহয় তেন্তে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত ব্যাপক হাৰত জলবায়ু পৰিৱর্তন হ'ব। কিন্তু এই সতৰ্কতাক অৱমাননা কৰাৰ বাবেই এতিয়া এই বিশৃংখলতা দেখিবলৈ পোৱা গৈছে । আনহাতে বায়ু প্ৰদূষণৰ কাৰণেই ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ দৰে ৰাজ্যৰ নাগৰিকৰ জীৱন দুবছৰতকৈও অধিক কাল পৰ্যন্ত হ্ৰাস পাবলৈ ধৰিছে। লগতে দেশত প্ৰতি আঠটা মৃত্যুৰ ভিতৰত এটা মৃত্যুৰ কাৰণ দূষিত বায়ু ৰূপে চিহ্নিত হৈছে। ইপিনে দূষিত বায়ুৰ বাবে আন্তর্জাতিকভাৱে প্রতি মিলিয়নত ৬৪ জন লোক মৃত্যু হোৱাৰ বিপৰীতে ভাৰতত মৃত্যু হয় ১৩৪ জন। ইয়াৰোপৰি জানুৱাৰী মাহত 'দ্য নেশ্যনেল ক্লীন এয়াৰ প্লান'ৰ দ্বাৰা ঘোষণা কৰা হৈছে যে এক বিশেষ পৰিকল্পনাৰ বাবে দেশৰ ১০২ খন চহৰক চিনাক্ত কৰা হৈছে ।

Many suffocating Delhies
দিল্লীত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা

লগতে চাওকঃ মুখ্যমন্ত্ৰীৰ গৃহচহৰৰ পৰা কেবৰ বিৰোধিতা জুবিন গাৰ্গৰ

আশা কৰা হৈছে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগ সমূহৰ যৌথ প্ৰচেষ্টাত প্ৰদূষণৰ বিৰুদ্ধে যুঁজখন অধিক মাত্ৰাত বৃদ্ধি কৰা হৈছে । মুচিৰ প্ৰদূষণ সম্পর্কে উচ্চ ন্যায়ালয়ৰ প্রতিক্রিয়া আৰু দিল্লীৰ প্ৰদূষণৰ সংকটৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই সমস্যাটোৰ গভীৰতা প্ৰতিফলিত কৰাৰ লগতে ভৱিষ্যতৰ ৰাষ্ট্ৰীয় সংকটৰ কাৰক হিচাপে বায়ু আৰু পানী প্ৰদূষণক চিহ্নিত কৰিছে।

Many suffocating Delhies
প্ৰদূষিত হোৱা পৃথিৱীৰ কেইখনমান দেশৰ মানচিত্ৰ

লগতে চাওকঃ ধৰ্মীয় ধাৰণাৰে উদ্ভাসিত কলিয়াবৰৰ ঐতিহাসিক মৌচন্দা পথাৰ

উল্লেখ্য যে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ আৰু যানবাহনসমূহৰ বিৰুদ্ধে চুবুৰীয়া দেশ চীনে ইতিমধ্যে কঠোৰ নিয়ম প্রয়োগ কৰি এই সমস্যাটো সমাধান কৰিছে। যিসমূহ দেশে পৰিষ্কাৰ-পৰিচ্ছন্নতাক সংস্কৃতি ৰূপে গঢ়ি তুলিছে আৰু জনগণৰ মাজত এই বিষয়ে জাগৰণ সৃষ্টি কৰিছে সেইসমূহ দেশেই গোলকীয় বতৰ সংৰক্ষণত উল্লেখনীয় অৱদান আগবঢ়াইছে। যিসময়ত কোপেনহেগেনে চাইকেলৰ ব্যাপক ব্যৱহাৰৰ ওপৰত সমৰ্থন কৰিছে,সেই সময়তে জাম্বি (ইন্দোনেছিয়া)ৰ দৰে চহৰত ক্রমৱর্ধমান উদ্ভিদ বৃদ্ধি আৰু আৱৰ্জনাৰ পৰা মিথেন উৎপাদনত গুৰুত্ব প্ৰদান কৰিছে। অতীত অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাই আমাক ইয়াকে শিকাই যে, বিজ্ঞান-প্রযুক্তিৰ সহায়ত আৰু নিয়মৰ কঠোৰ প্রয়োগ কৰি ভবিষ্যত প্রজন্মৰ কল্যাণৰ বাবে বায়ুমণ্ডলক সুৰক্ষিত কৰি ৰাখি জীয়াই থকাৰ বাবে পৃথিবীক এখন উন্নত স্থান হিচাপে গঢ়ি তুলিব লাগিব ।

লগতে চাওকঃ কলিয়াবৰত মুখ্যমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

Intro:Body:

দিল্লীৰ দৰেই আৰু অনেক অস্বস্তিকৰ মহানগৰ বিগত কিছু সময়ৰ পৰা ভাৰতৰ ৰাজধানী দিল্লী ভয়ানক প্ৰদূষণৰ কৱলত পৰিছে । এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া নজিৰবিহীন । চৰকাৰৰ উদাসীনতাত চোকা ভাষাৰে সমালোচনা কৰি ন্যায়ালয়ে দিল্লীতকৈ নৰকেই শ্ৰেষ্ঠ বুলি মন্তব্য আগবঢ়াইছে । কৃষি জাতীয় অৱশিষ্টৰ ক্ষেত্ৰত থাকিবলগীয়া প্ৰকৃত ব্যৱস্থা নথকাৰ বাবে ন্যায়ালয়ে পঞ্জাৱ আৰু হাৰিয়ানাৰ সচিবপ্ৰধানৰ সদিচ্ছা আৰু কাৰ্যপন্থাৰ অভাৱকে মূলতঃ দোষাৰূপ কৰিছে । দিল্লীত বৃদ্ধি পোৱা বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণৰ প্ৰতি কঠোৰ আপত্তি দৰ্শাই সৰ্বোচ্চ ন্যায়ালয়ে এনেদৰে মন্তব্য আগবঢ়াইছে- আপুনি জনসাধাৰণক এনে দুৰ্ব্যৱহাৰ কৰিব নেকি ? আৰু প্ৰদূষণৰ বাবে মানুহক এনেদৰে কেনেকৈ মৃত্যু মখলৈ থেলি দিব ? উল্লেখ্য যে কেজৰিৱাল চৰকাৰে অলপতে জৰুৰিকালীন চিকিৎসাৱস্থা ঘোষণা কৰি সকলো ধৰণৰ নিৰ্মাণ কাৰ্য আৰু যিকোনো ধৰণৰ ধ্বংস বা বিনস্ত কাৰ্যৰ প্ৰতি নিষেধাজ্ঞা জাৰি কৰিছে । হাৰিয়ানাৰ কিছু অংশত, যিসমূহ গাঁৱত অধিক পৰিমানে শস্যৰ মুঢ়াসমূহ জ্বলোৱা হয় আৰু খেতি চহোৱা যন্ত্ৰ ভাড়াত দিয়া হয়, সেইসমূহ গাঁও ইতিমধ্যে চিনাক্ত কৰা হৈছে । পঞ্জাৱেও ইতিমধ্যে তেওঁলোকৰ কৃষকসকলৰ বাবে কৃষিৰ বিত্তীয় সাহাৰ্য আশ্বাসপ্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে । খেতিপথাৰৰ মাটিদৰা চহাই হোৱাৰ পাছত তাত থকা অৱশিষ্টই মাটিৰ আৱৰণখন বৃদ্ধি কৰাৰ লগতে কোটি কোটি অনুজীৱ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে । কিন্তু এই কথা চৰকাৰে সাধাৰণ চহা খেতিয়কক জনোৱাত বাৰে বাৰে বিফল হোৱা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত দিল্লী, পঞ্জাৱ, হাৰিয়ানাৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰে উচ্চতম ন্যায়ালয়ক সময় আৰু গুৰুত্বহীনতাৰ বাবে দোষাৰূপ কৰিছে । এইক্ষেত্ৰত অন্তত বৰ্তমান সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষকৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ জীৱাশ্ম ইন্ধনৰ সলনি অন্য বিকল্প ইন্ধনৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা উচিত । শস্যৰ মুঢ়াসমূহ জ্বলোৱাতোৱে প্ৰতিবছৰে দিল্লীত হোৱা বায়ুপ্ৰদূষণৰ প্ৰধান কাৰণ । 'দ্য নেশ্চনেল গ্ৰীণ ট্ৰিবিউনেলে' চাৰিবছৰৰ আগতেই এই কাৰ্যক নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু চৰকাৰে ইয়াৰ বাবে কোনো কাৰ্যপন্থা হাতত নললে । পঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰে শস্যৰ মুঢ়াসমূহ জ্বলোৱাতো নিষিদ্ধ কৰিছে যদিও এতিয়াও কৃষকসকলে শস্যপথাৰত যন্ত্ৰ ব্যৱহাৰ কৰি আছে । কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত পৰিৱেশ সমস্যা আৰু ৰাষ্ট্ৰীয় ক্ষতিৰ সমাধানৰ প্ৰথম পদক্ষেপ হিচাপে এক পৃথক পূঁজিৰ ব্যৱস্থা কৰিব লাগে । প্ৰতি বছৰে দেশত দহ মিলিয়ন টন শস্যৰ আবৰ্জনা জ্বলোৱা হয় । ইয়াৰে আধা সংখ্যক শস্য আবৰ্জনা জ্বলোৱা ৰাজ্য হিচাপে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ নাম উল্লেখযোগ্য । গতিকে এই সমস্যাৰ জৰুৰিকালীন সমাধান হিচাপে কাৰ্যসমূহ এই ৰাজ্যকেইখনৰ পৰায়ে আৰম্ভ হ'ব লাগে । শস্য আবৰ্জনা বা মুঢ়া জ্বলোৱাৰ পৰা হোৱা প্ৰদূষণৰ কৱলত কেৱল দিল্লীয়ে পৰিছে তেনে নহয়, দিল্লীতকৈ প্ৰদূষণত মৃত্যু হোৱা লোকৰ সংখ্যক উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিম বংগ, ৰাজাস্থানত অধিক । এই মাহত বায়ুৰ গুণগত মানৰ সূচকৰ তালিকাত দিল্লীতকৈ হাৰিয়ানা, বাঘপট, গাজিয়াবাদ, হাপোৰ, সক্ষ্ণৌ, মুৰাদাবাদ, নয়দা, কাণপুৰ আৰু চিৰচাৰৰ স্থান অতি ভয়ংকৰ । প্ৰায় তিনি চতুৰ্থাংশ চহৰে ধুৱাময়, অবৈধ প্ৰদূষণ বিৰোধী কাৰ্যত জড়িত । 'দ্য নেশ্চনেল গ্ৰীণ ট্ৰিবিউনেলে' অক্টোবৰৰ ভিতৰত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক প্ৰদূষণ সৃষ্টি কৰা কাৰখানাসমূহ বন্ধ কৰিবলৈ সময়সীমা বান্ধি দিছে । কিন্তু অতি দুৰ্ভাগ্যজনক কথা এই যে দিল্লীৰ দৰে ভাৰতৰ আন আন ঠাইসমূহতো নিয়ম উলংঘাৰ বাবে প্ৰদূষণ ৰোধ কৰিব পৰা হোৱা নাই । বৰঞ্চ বৃদ্ধিহে পাইছে । ২৫ বছৰ পূৰ্বে এছিয়ান উন্নয়ন বেংকে সতর্ক কৰি দিছিল যে- যদি জল আৰু বায়ু প্ৰদূষণ শীঘ্ৰে নিয়ন্ত্রণ কৰা নহয় তেন্তে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত ব্যাপক হাৰত জলবায়ু পৰিবর্তন হ'ব । কিন্তু এই সতৰ্কতাক অৱমাননা কৰাৰ বাবেই এতিয়া এই বিশৃংখলতা দেখিবলৈ পোৱা গৈছে । আনহাতে বায়ু প্ৰদূষণৰ কাৰণেই ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ দৰে ৰাজ্যৰ নাগৰিকৰ জীৱন দুবছৰতকৈও অধিক কাল পৰ্যন্ত হ্ৰাস পাবলৈ ধৰিছে । লগতে দেশত প্ৰতি আঠটা মৃত্যুৰ ভিতৰত এটা মৃত্যুৰ কাৰণ দূষিত বায়ু ৰূপে চিহ্নিত হৈছে । ইপিনে দূষিত বায়ুৰ বাবে আন্তর্জাতিকভাবে প্রতি মিলিয়নত ৬৪ জন লোক মৃত্যু হোৱাৰ বিপৰীতে ভাৰতত মৃত্যু হয় ১৩৪ জন । ইয়াৰোপৰি জানুৱাৰী মাহত 'দ্য নেশ্চনেল ক্লীন এয়াৰ প্লান'ৰ দ্বাৰা ঘোষণা কৰা হৈছে যে এক বিশেষ পৰিকল্পনাৰ বাবে দেশৰ ১০২ খন চহৰক চিনাক্ত কৰা হৈছে । আশা কৰা হৈছে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগ সমূহৰ যৌথ প্ৰচেষ্টাত প্ৰদূষণৰ বিৰুদ্ধে যুঁজখন অধিক মাত্ৰাত বৃদ্ধি কৰা হৈছে । মুচিৰ প্ৰদূষণ সম্পর্কে উচ্চ ন্যায়ালয়ৰ প্রতিক্রিয়া আৰু দিল্লীৰ প্ৰদূষণৰ সংকটৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই সমস্যাটোৰ গভীৰতা প্ৰতিফলিত কৰাৰ লগতে ভৱিষ্যতৰ ৰাষ্ট্ৰীয় সংকটৰ কাৰক হিচাপে বায়ু আৰু পানী প্ৰদূষণক চিহ্নিত কৰিছে । উল্লেখ্য যে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ আৰু যানবাহনসমূহৰ বিৰুদ্ধে চুবুৰীয়া দেশ চীনে ইতিমধ্যে কঠোৰ নিয়ম প্রয়োগ কৰি এই সমস্যাটো সমাধান কৰিছে । যিসমূহ দেশে পৰিষ্কাৰ-পৰিচ্ছন্নতাক সংস্কৃতি ৰূপে গঢ়ি তুলিছে আৰু জনগণৰ মাজত এই বিষয়ে জাগৰণ সৃষ্টি কৰিছে সেইসমূহ দেশেই গোলকীয়া বতৰ সংৰক্ষণত উল্লেখনীয় অৱদান আগবঢ়াইছে । যিসময়ত কোপেনহেগেনে চাইকেলৰ ব্যাপক ব্যৱহাৰৰ ওপৰত সমৰ্থন কৰিছে, সেই সময়তে জাম্বি (ইন্দোনেচিয়া) ৰ দৰে চহৰত ক্রমবর্ধমান উদ্ভিদ বৃদ্ধি আৰু আবৰ্জনাৰ পৰা মিথেন উৎপাদনত গুৰুত্ব প্ৰদান কৰিছে । অতীত অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাই আমাক ইয়াকে শিকাই যে, বিজ্ঞান-প্রযুক্তিৰ সহায়ত আৰু নিয়মৰ কঠোৰ প্রয়োগ কৰি ভবিষ্যত প্রজন্মৰ কল্যাণৰ বাবে বায়ুমণ্ডলক সুৰক্ষিত কৰি ৰাখি জীয়াই থকাৰ বাবে পৃথিবীক এখন উন্নত স্থান হিচাবে গঢ়ি তুলিব লাগিব ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.