ETV Bharat / bharat

বাৰিষাৰ পূৰ্বে বানৰ কৱলত উত্তৰ ত্ৰিপুৰা - উনাকোটি

সহস্ৰাধিক পৰিয়াল আক্ৰান্ত এই বানত ৷

বাৰিষাৰ পূৰ্বে বানৰ কৱলত উত্তৰ ত্ৰিপুৰা
author img

By

Published : May 26, 2019, 8:51 AM IST

নিউজ ডেস্ক , 26 মে': উত্তৰ ত্ৰিপুৰা, উনাকোটি আৰু ত্ৰিপুৰাৰ ধালাই জিলাত হোৱা কৃত্ৰিম বানৰ ফলত প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ পানীত ডুব যায় ৷ সহস্ৰাধিক পৰিয়াল এই বানত আক্ৰান্ত হয় বুলি জানিব পৰা গৈছে ৷ অৱশ্যে NDRF বাহিনীৰ দলে এই বানপীড়িত লোক সকলক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে ৷

জানিব পৰা মতে জুৰী নদী আৰু কাক্তি নদীৰ জলপৃষ্ঠ বাঢ়ি যোৱাৰ ফলত এই বানৰ সৃষ্টি হয় ৷ 40 খনৰো অধিক উদ্ধাৰকাৰী নাও বানপীড়িত লোক সকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবৰ বাবে মোতায়ন কৰা হৈছে ৷ ইয়াৰোপৰি ত্ৰিপুৰা ৰাজ্য ৰাইফলচ , অগ্নি নিৰ্বাপক বাহিনীৰ দল , ৰাজ্য আৰু জিলা প্ৰশাসনেও বান পিড়ীত লোক সকলৰ উদ্ধাৰ অভিযানত যোগ দিয়ে ৷ SEOCএ জনোৱা অনুসৰি উনাকোটি জিলাত 358 টা পৰিয়াল , উত্তৰ ত্ৰিপুৰাত 381 টা পৰিয়াল গৃহহাৰা হয় আৰু ধালাই জিলাত 1039 টা ঘৰ বানত বিধ্বস্ত হয় ৷ ইপিনে ৰাজ্য প্ৰশাসনে বান পীড়িত লোক সকলৰ বাবে খাদ্য , পানী আৰু ঔষধৰ ব্যৱস্থা কৰিছে ৷ আৰু এই পৰ্যন্ত বানৰ কৱলত পৰি কোনো লোকৰ মৃত্যু হোৱা নাই ৷ আনহাতে আগন্তুক 24 ঘন্টাত যদি পুনৰ বৰষুন নহয় তেনেহ'লে বানৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব বুলি জানিব পৰা গৈছে ৷

Many homeless as flash flod hits Tripura

বাৰিষাৰ পূৰ্বে বানৰ কৱলত উত্তৰ ত্ৰিপুৰা

সহস্ৰাধিক পৰিয়ালতকৈও অধিক পৰিয়াল এই বানত আক্ৰান্ত হয় বুলি জানিব পৰা গৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.