ETV Bharat / bharat

মণিপুৰত চিনাক্ত দ্বিতীয়গৰাকী কৰ'ণা আক্ৰান্ত লোক - দিল্লীৰ নিজামউদ্দিন দৰগাহ

মণিপুৰত চিনাক্ত হৈছে দ্বিতীয়জন কৰ'ণা আক্ৰান্ত ৰোগী ৷ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে বৃহস্পতি বাৰে ঘোষণা কৰে এই কথা ৷ দিল্লীৰ নিজামউদ্দিন দৰগাহত অনুষ্ঠিত ধৰ্মীয় সভাত অংশ লৈছে আক্ৰান্ত লোকজনে ৷

man who attended Nizamuddin event tests positive

author img

By

Published : Apr 2, 2020, 12:42 PM IST

নিউজ ডেস্ক, 2 এপ্ৰিল : দিল্লীৰ মাৰ্কজত থকা নিজামউদ্দিন দৰগাহত অনুষ্ঠিত তবলিগৰ-ই-জামাতত অংশ লোৱা মণিপুৰৰ এগৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ বৰ্তমানলৈ ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈছে দুগৰাকী লোক ৷ বহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সদৰী কৰে এই কথা ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰৰ বাবে কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা ঘটনাটো অতিকৈ দুখৰ আৰু গুৰুত্বপূৰ্ণ ৷

ৰাজ্যখনৰ ক'ভিড-19ৰ কন্ট্ৰ'ল ৰুমৰ পৰা জনোৱা অনুসৰি নিজামউদ্দিনৰ ধৰ্মীয় সভাত অংশ লৈ মণিপুৰলৈ 10 জন লোক উভতি আহিছে আৰু ইয়াৰে আঠগৰাকী স্বাস্থ্য পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে ৷

ইতিপূৰ্বে তেওঁলোকে জনাইছিল যে, এই ধৰ্মীয় অনুষ্ঠানৰ সৈতে সম্পৰ্ক আছিল 14 গৰাকী লোকৰ ৷

মণিপুৰৰ প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ৰোগী চিনাক্ত হৈছিল 24 মাৰ্চত ৷ 23 বছৰীয়া মহিলা গৰাকী ইংলেণ্ড ভ্ৰমণ কৰি উভতি অহা বুলি তথ্য পোৱা গৈছিল ৷

লগতে পঢ়ক : বিশ্বজুৰি ক'ভিড-19 ৰ পৰিসংখ্যাৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.