ETV Bharat / bharat

ঘৰুৱা কন্দল : পত্নীক জীৱন্তে পুতিলে স্বামীয়ে - গটলাপালেম গাঁৱত নাৰকীয় হত্যাকাণ্ড

ঘৰুৱা কন্দলেই কাল হৈ পৰিল এগৰাকী দুৰ্ভগীয়া পত্নীৰ । নেল্ল'ৰত এগৰাকী পত্নীক জীৱন্তে পুতিলে স্বামীয়ে । পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ বাহিৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে । স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু । বৰ্তমানে পলাতক ধৃত স্বামী ।

Man knocks wife unconscious, buries her alive in Andhra's Nellore

author img

By

Published : Jun 2, 2020, 2:16 PM IST

নেল্ল'ৰ, 2 জুন : অন্ধ্ৰ প্ৰদেশৰ নেল্ল'ৰত সংঘটিত হৈছে এক নাৰকীয় হত্যাকাণ্ড । জীৱন্তে এগৰাকী পত্নীক মাটিত পুতিলে স্বামীয়ে । জানিবলৈ পোৱা অনুসৰি, ঘৰুৱা কন্দলৰ বাবেই প্ৰথমে লাঠিৰে মহিলাগৰাকীক প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলাই পিচত জীৱন্তে পত্নীক মাটিত পুতি পলায়ন কৰে স্বামীয়ে । নেল্ল'ৰ জিলাৰ গটলাপালেম গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্য়কৰ ঘটনাটো ।

আৰক্ষীৰ মতে, 37 বছৰীয়া পন্নুৰু সুভাষিণী তাইৰ তৃতীয় স্বামী বুদাবুক্কালা স্বমুলুৰ (30) ৰ সৈতে বাস কৰি আছিল । দুয়ো দম্পতীয়ে যোৱা 27 মে'ত একেলগে সুৰাপান কৰাৰ পাচতেই ঘৰুৱা কিবা কথাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় । পিচত পত্নীক লাঠিৰে প্ৰহাৰ কৰাত অচেতন হৈ সুভাষিণী ঢলি পৰে বুলি কডাভালুৰু আৰক্ষী থানাৰ উপ পৰিদৰ্শকে জানিবলৈ দিয়ে ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীক সুভাষিণীৰ এগৰাকী ৭ বছৰীয়া কন্যাই অৱগত কৰে যে, পিতৃয়ে কাজিয়াৰ পাচতেই ঘৰৰ কাষতে এটা গাঁত খান্দি মাতৃ সুভাষিণীক জীৱন্ত অৱস্থাতে পুতি পেলায় । আনহাতে কন্যাক ভাবুকি দি সেই ঠাইৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

পিচত কডাভালুৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো খান্দি উদ্ধাৰ কৰি নেল্ল'ৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে । বৰ্তমানে পলাতক স্বামীক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্য়াহত ৰাখিছে । মৰণোত্তৰ পৰীক্ষাৰ পাচতেই সুভাষিণীৰ মৃত্যু প্ৰকৃততে কি কাৰণত হ'ল সেইয়া জানিব পৰা যাব বুলি উল্লেখ কৰে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.