নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ এজন লোকৰ আজৱ কাণ্ড । শুনিলেই নাক কোঁচ খাই আহিব আপোনাৰ । বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ গো-মূত্ৰ সেৱন কৰাৰ কথা আপুনি বহুবাৰেই শুনিছে । কিন্তু বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ নিতৌ গৰুৰ গোবৰেৰে গা-ধুৱা কথা পূৰ্বতে শুনিছেনে ?
এইবাৰ আমি কম এনে এজন লোকৰ কথা । এই ঘটনা পোহৰলৈ আহিছে উত্তৰ প্ৰদেশত । উত্তৰ প্ৰদেশৰ বিচ্হি গাঁৱৰ ৰবাৰ্টগঞ্জ কটৱালি অঞ্চলৰ নিৱাসী ঘনশ্যাম বিলাছ আলিয়াছ পাটলুৱে নিতৌ বেমাৰ আজাৰৰ পৰা বাছি থাকিবলৈ স্নান কৰি আহিছে গৰুৰ গোবৰেৰে । লগতে লোকজনে দীৰ্ঘদিনৰ পৰা গো-মূত্ৰও সেৱন কৰি আহিছে বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য় যে, লোকজনৰ এই কাৰ্য চাবলৈ গাঁওখনত দূৰ-দূৰণিৰ পৰা বহু লোক আহি ভিৰ কৰেহি । ইটিভি ভাৰতৰ সন্মুখত লোকজনে এই কামৰ বাবে তেওঁৰ ককা-দেউতাৰ পৰা অনুপ্ৰাণিত হোৱা বুলি উল্লেখ কৰে । লোকজনে যোৱা ২০১৬ চনৰ পৰাই গোৱৰেৰে গা-ধুৱলৈ আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে । ইয়াৰ দ্বাৰা শৰীৰৰ ভিতৰৰ লগতে বাহিৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি বিশ্বাস লোকজনৰ । আনহাতে ২০১৬-১৭ চনৰ পৰাই গো-মূত্ৰ সেৱন কৰি অহা বুলি দাবী কৰে ঘনশ্যামে । অৱশ্যে শেহতীয়াকৈ গো-মূত্ৰৰ অভাৱৰ ফলত অত্যাধিক গোৱৰ ব্যৱহাৰ কৰি আহিছে লোকজনে । কাৰণ গোৱৰত গো-মূত্ৰও সন্নিৱিষ্ট হৈ থাকে বুলি উল্লেখ কৰে ।
স্থানীয় বাসিন্দা সকলৰ মতেও লোকজনে প্ৰায় ২০১৬-১৭ চনৰ পৰাই শিৱ-মন্দিৰৰ কাষত গো-মূত্ৰ সেৱন কৰাৰ লগতে প্ৰতি পুৱা গোৱৰৰে স্নান কৰি আহিছে ।
আনহাতে ঘনশ্য়ামে সকলোকে সপ্তাহত এবাৰকৈ হলেও গোৱৰেৰে স্নান কৰাৰ পৰামৰ্শ প্ৰদান কৰে । লগতে কয়, তেওঁলোকেও তেওঁ লাভ কৰাৰ দৰেই ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।