ETV Bharat / bharat

প্ৰেয়সীক হত্যা কৰি আত্মহত্যা যুৱকৰ - মুম্বাইৰ চাব আৰ্বান মালাডত হত্যাকাণ্ড

মুম্বাইৰ চাব আৰ্বান মালাডত 26 বৰ্ষীয় এজন যুৱকে নিজ প্ৰেমিকাক গুলিয়াই হত্যা কৰাৰ পিছতে নিজেও গুলিয়াই আত্মহত্যা কৰে ৷

Man commits suicide after killing his girlfriend
প্ৰেয়সীক হত্য়া কৰি আত্মহত্যা যুৱকৰ
author img

By

Published : Jan 5, 2021, 10:27 AM IST

Updated : Jan 5, 2021, 1:25 PM IST

মুম্বাই,5 জানুৱাৰী: মুম্বাইৰ চাব আৰ্বান মালাডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ 26 বৰ্ষীয় এজন যুৱকে নিজ প্ৰেমিকাক গুলিয়াই হত্যা কৰাৰ পিছতে নিজেও গুলিয়াই আত্মহত্যা কৰে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সোমবাৰে নিশা চাব আৰ্বানত ৰাহুল যাদব নামৰ এজন ব্যক্তিয়ে প্ৰেয়সী নিধি মিশ্ৰাক গুলিওৱাৰ পিছতেই নিজেও আত্মহত্যা কৰে ৷ নিধিৰ অভিভাৱকে অন্য এজন যুৱক সৈতে নিধিৰ বিয়া ঠিক কৰাৰ বাবেই ৰাহুলে এই পদক্ষেপ গ্ৰহণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীৰ যুটীয়া আয়ুক্ত(আইন-শৃংখলা) বিশ্বাস নাংগৰে জনায়, ‘আমাৰ অনুসন্ধান এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে ৷ সম্প্ৰতি মৃতকৰ মোবাইল ফোন দুটা পৰ্যবেক্ষণ কৰা হ’ব যাতে এই হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য উদঘাটন কৰিব পৰা যায় ৷ আমি এই ঘটনাৰ এজন চাক্ষুস সাক্ষীয়ো লাভ কৰিছো ৷’

আনহাতে, ঘটনাস্থলীত মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী অছলম শেখ উপস্থিত হৈ এইয়া প্ৰেমজনিত ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত বাংগুৰ নগৰ আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰি পৰৱৰ্তী অনুসন্ধান অব্যাহত ৰখা হৈছে ৷

লগতে পঢ়ক-7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন

Last Updated : Jan 5, 2021, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.