নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ: সোমবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ এজন অসহায় লোকক দুজন লোকে লোহাৰ ৰ'ডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৷ লোহাৰ ৰ'ডৰ প্ৰচণ্ড কোবত থিতাতে মৃত্যুক সাৱটি ল'লে লোক জনে ৷ অসহায় লোক জনক প্ৰহাৰ কৰি থকা দেখাৰ পাচতো বহু লোক ওচৰেৰে পাৰ হৈ গৈছিল যদিও কোনোৱে লোকজনৰ সহায়ৰ বাবে কোনো আগবাঢ়ি অহা নাছিল ৷ এই ভিডিঅ' চ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ গাজিয়াবাদৰ ৰাজপথতে এজন লোকক এনেদৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ পাচতো লোক জনক সহায় কৰিবলৈ কোনো এজন লোক আগবাঢ়ি অহাৰ পৰিৱৰ্তে ভিডিঅ' সংগ্ৰহত ব্যস্ত থাকিল একাংশ লোক ৷
উল্লেখ্য যে, লোকজনক তেজেৰে লুটুৰি পুতুৰি কৰি ৰাজপথতে পেলাই থৈ দুই হত্যাকাৰী পলাই যায় ঘটনাস্থলীৰ পৰা ৷ কিছু সময় পাচত স্থানীয় আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃত দেহটো উদ্ধাৰ কৰে ৷ ইফালে মৃত লোকজনৰ ভাতৃয়ে স্থানীয় আৰক্ষী থানাতে লোক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ দুই হত্যাকাৰীয়ে পূৰ্বৰ পৰাই লোকজনৰ একমাত্ৰ উপাৰ্জনৰ পথ ফুলৰ দোকানখনক লৈ বাক বিতন্দাত লিপ্ত হৈছিল আৰু তাৰে পৰিণতি স্বৰূপে দুই হত্যাকাৰীয়ে লোকজনক নিৰ্মম ভাৱে হত্যা কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: হোৱাইট হাউছৰ ডিজিটেল টীমত ভাৰতৰ আয়েশা শ্বাহ