নিউজ ডেস্ক, ২৪ জুনঃ বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অধ্যক্ষতাত কলকাতাত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। ৰাজ্যখনৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হ'ব সকলো দলৰ নেতাসকল।
ৰাজ্যখনৰ কোভিড-১৯ ৰোগীৰ বাবে সকলো চৰকাৰী তথা ব্যক্তিগত হাস্পতালত বিচনাৰ লগতে আন আন সুবিধা বৃদ্ধি কৰিব লাগিব বুলি বিগত সপ্তাহত তৃণমূল কংগ্ৰেছ দলৰ শীৰ্ষনেতাই উল্লেখ কৰিছিল।

ইফালে, বুধবাৰে কোভিড-১৯ত আক্ৰান্ত হৈ হাস্পতালত মৃত্যু হয় তৃণমূল কংগ্ৰেছৰ বিধায়ক টমোনাশ ঘোচৰ। উল্লেখ্য যে, মে' মাহতেই বিধায়কজনৰ দেহত ধৰা পৰিছিল কোভিড-১৯ ৰ অৱস্থিতি।
দলটোৰ বিধায়কগৰাকীৰ মৃত্যুত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মততা বেনাৰ্জীয়ে শোকপ্ৰকাশ কৰে। "টমোনাশ ঘোচৰ মৃত্যুৰ খবৰ সঁচাকৈ বহুত দুখজনক,তেখেতে ৩ বাৰৰ বাবে ফালটা সমষ্টিৰ বিধায়ক আছিল,লগতে ১৯৯৮ চনৰ পৰা তৃণমূল কংগ্ৰেছ দলৰ কোষাধ্যক্ষ হিচাপে কৰ্মৰত আছিল। আজি তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। বিগত ৩৫ বছৰে তেখেত আমাৰ লগত আছিল,তেওঁ দল তথা ৰাইজৰ বাবে উচৰ্গিত আছিল। সামাজিক কামৰ ক্ষেত্ৰত টমোনাশ ঘোচৰ আছিল যথেষ্ট অৱদান ।" তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে বিধায়ক গৰাকীৰ মৃত্যুত টুইটাৰযোগে এনেদৰে শোক প্ৰকাশ কৰে। তেখেতৰ মৃত্যু এক অপূৰণীয় ক্ষতি। দলৰ সকলোৰে তৰফৰ পৰা তেখেতৰ পত্নী ঝৰ্ণা,দুই কন্যা, বন্ধু আৰু শুভাকাংশী সকলোকে গভীৰ সমবেদনা জ্ঞাপন কৰিছো বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এইপৰ্যন্ত ৰাজ্যখনত মুঠ ১৪,৩৫৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। আনহাতে, এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ৫৬৯ গৰাকী ৰোগী।
লগতে চাওকঃ ডিএইচডি সংগঠন কেতিয়াও মানুহক হত্যা কৰাৰ বাবে গঠন কৰা হোৱা নাছিলঃ প্ৰবীণ হাগজে