নিউজ ডেস্ক, 17 চেপ্তেম্বৰঃ চিকিৎসক আৰু চিকিৎসাসেৱা দুয়োটা মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শন ৷ চিকিৎসাসেৱাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হোৱা প্ৰতিগৰাকী ব্যক্তিৰে অন্তৰত মানৱসেৱাৰ ভাৱ জড়িত হৈ থাকে ৷ সমগ্ৰ বিশ্বতে এনেকুৱা বহু নাম আছে যিয়ে চিকিৎসাসেৱাৰ সৈতে জড়িত হৈ বিশ্ববাসীক মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই গৈছে ৷
শেহতীয়াকৈ উৰিষ্যাৰ এগৰাকী চিকিৎসকৰ মানৱসেৱাৰ প্ৰতি থকা সন্মানে চিকিৎসাসেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ লগতে সকলোৰে অন্তৰ চুবলৈ সক্ষম হৈছে ৷ উৰিষ্যাৰ অতিকে ভিতৰুৱা তথা মাও-অধ্যুষিত অঞ্চলত স্বেচ্ছাই সেৱা আগবঢ়াই থকা চিকিৎসকগৰাকী হৈছে ডাঃ শক্তিপ্ৰসাদ দাস ৷ ৰাজ্যখনৰ মলকানগিৰিত চিকিৎসা সেৱা আগবঢ়াই থকা ডাঃ শক্তিপ্ৰসাদ দাসে নিজৰ কান্ধত ৰোগীক কঢ়িয়াই আনি মানৱসেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰ চুই যাবলৈ সক্ষম হৈছে ৷
উন্নত যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা বাবে ডাঃ দাসে এম্বুলেন্স চালকৰ সৈতে লগলাগি এগৰাকী ৰোগীক প্ৰায় পাঁচ কিলোমিটাৰতকৈয়ো অধিক পথ কঢ়িয়াই আনে ৷ নিজৰ গাঁও বাসীয়ে ৰোগীগৰাকীক কঢ়িয়াই আনিবলৈ অমান্তি হোৱাৰ পিচতে চিকিৎসকগৰাকীয়ে নিজে এইদৰে দীঘল যাত্ৰাপথত ৰোগীজনক নিজৰ কান্ধত কঢ়িয়াই আনে ৷ চিকিৎসক ডাঃ শক্তিপ্ৰসাদ দাসক এই কাৰ্যত সহায় কৰে তেওঁৰ এম্বুলেন্সৰ চালকগৰাকীয়ে ৷ প্ৰায় পাঁচ কিলোমিটাৰৰ কঠিন যাত্ৰাপথ পাৰ কৰি ৰোগীগৰাকীক সঠিক সময়ত চিকিৎসালয়ত ভৰ্তি কৰাবলৈ সক্ষম হয় ডাঃ শক্তিপ্ৰসাদ দাসে ৷
যি সময়ত দেশত চিকিৎসকৰ নিৰাপত্তাক লৈ বিভিন্নধৰণৰ বিতৰ্কৰ সূচনা হৈছে, তেনে সময়তে ডাঃ শক্তিপ্ৰসাদ দাসৰ এই কাৰ্যই চিকিৎসাসেৱাৰ সৈতে জড়িত সকলোকে গৌৰৱান্বিত কৰি তুলিছে ৷ দেশত চিকিৎসকৰ ওপৰত গণপ্ৰহাৰ তথা সাধাৰণ কথাতে চিকিৎসালয় লণ্ডভণ্ড কৰাৰ উপৰিও চিকিৎসকৰ জীৱনক লৈ ভাবুকি অহাৰ ঘটনা সততে সংঘটিত হৈ আহিছে ৷ অসমৰ টীয়কত সংঘটিত ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ কথা সকলোৰে জ্ঞাত ৷
অৱসৰৰ পিচটো চাহ বাগিছাত স্বেচ্ছাই সেৱা আগবঢ়াই অহা দত্তক সাধাৰণ কথাকে এদল উন্মাদ মানুহে নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ৷ সমগ্ৰ ভাৰততে উক্ত কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সংঘটিত হোৱাৰ লগতে জীৱনৰ প্ৰতি আহি পৰা ভাবুকিৰ বাবে অসমৰ বহুকেইগৰাকী চিকিৎসকে চাকৰিৰ পৰা অৱসৰ লৈছিল ৷
কিন্তু মাওবাদীৰ দ্বাৰা নিয়ন্ত্ৰিত উৰিষ্যাৰ দুৰ্গম অঞ্চলত চিকিৎসাসেৱা আগবঢ়াই অহা ডাঃ শক্তিপ্ৰসাদ দাস যেন এক ব্যতিক্ৰম ৷ নিজৰ জীৱনৰ কথা চিন্তা নকৰি এগৰাকী ৰোগীক নিজৰ কান্ধত কঢ়িয়াই আনি চিকিৎসা সেৱাৰ লগতে প্ৰতিগৰাকী চিকিৎসকৰ বাবেই এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে ডা শক্তিপ্ৰসাদ দাসে ৷