নিউজ ডেস্ক, 10 ছেপ্তেম্বৰঃ যিটো সময়ত মহিলা আৰু যুৱতীৰ স্বাস্থ্য তথা সুৰক্ষাৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰি আছে তেনে সময়তে পোহৰলৈ আহিছে দেশত কেতিয়াও নোহোৱা-নোপোজা এক ঘটনা ৷ মহাৰাষ্ট্ৰৰ ভীড় জিলাৰ মাজলগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ মাজলগাঁৱৰ টাকাৰভান অঞ্চলৰ বাসিন্দা লংকা বাঈ নামৰ মহিলাগৰাকী সোতৰবাৰৰ বাবে অন্তঃসত্ত্বা হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷
আচলতে এক লংকা বাঈ আৰু তেওঁৰ স্বামী ৰাজাভাউ খেৰটে নিজৰ দুখীয়া পৰিয়ালটো পোহপাল দিবলৈ চহৰলৈ গুচি আহে ৷ চহৰলৈ আহি তেওঁলোকে পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰাৰ লগতে এটা টেন্টৰ তলত থাকিবলৈ লয় ৷ প্ৰথম অৱস্থাত লংকা বাঈ পাঁচবাৰৰ বাবে অন্তঃসত্ত্বা হয় যদিও উপযুক্ত পোষণ তথা চিকিৎসাৰ অভাৱত আটাইবাৰে সন্তান জন্ম হোৱাৰ পিচতে মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত 11টাকৈ সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে ৷
কিন্তু শেহতীয়াকৈ লংকা বাঈ পুনৰবাৰ গৰ্ভৱতী হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ এই তথ্য পোহৰলৈ অহাৰ পিচতেই মহিলাগৰাকীৰ কাষত উপস্থিত হয় এটি বেচৰকাৰী সংস্থা ৷ বেচৰকাৰী সংস্থাটোৰ উদ্যোগত মহিলাগৰাকীৰ লগতে তেওঁৰ সন্তান কেইটিৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ উল্লেখ্য যে, দুবছৰ পূৰ্বেই মহিলাগৰাকীৰ এগৰাকী কন্যা সন্তান পুষ্টিহীনতাত ভুগিছিল আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসালয়ৰ পৰা স্বাস্থ্য সেৱা গ্ৰহণ নকৰাকৈ সন্তানসহ পলায়ন কৰিছিল মহিলাগৰাকীয়ে ৷