ETV Bharat / bharat

অৰ্ণৱ গোস্বামীৰ সুৰক্ষা আৰু স্বাস্থ্য : ৰাজ্যপালেৰে বাৰ্তালাপ গৃহমন্ত্ৰী অনিল দেশমুখৰ

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ সুৰক্ষা আৰু স্বাস্থ্য সন্দৰ্ভত মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সৈতে টেলিফ'নিক বাৰ্তালাপত মিলিত হয় মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখ।

অৰ্ণৱ গোস্বামীৰ সুৰক্ষা আৰু স্বাস্থ্য সন্দৰ্ভত ৰাজ্যপালৰে বাৰ্তালাপগৃহমন্ত্ৰী অনিল দেশমুখৰ
maha-guv-speaks-to-deshmukh-over-arnabs-security-health
author img

By

Published : Nov 9, 2020, 7:20 PM IST

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ সুৰক্ষা আৰু স্বাস্থ্য সন্দৰ্ভত মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সৈতে টেলিফ'নিক বাৰ্তালাপত মিলিত হয় মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখ। সোমবাৰে ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হয় যে ৰাজ্যপাল ভগত সিং কোশ্বাৰীয়ে মহাৰাষ্ট্ৰ গৃহমন্ত্ৰণালয়ক গোস্বামীৰ পৰিয়াল বৰ্গই তেখেতক সাক্ষাৎ কৰাৰ বাবে অনুমতি প্ৰদান কৰিবলৈ কয়।

উল্লেখ্য যে, এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নাইকৰ আত্মহত্যাৰে নাম সাঙুৰি খাইছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ। এই সন্দৰ্ভতে বিগত ৪ নৱেম্বৰত গোস্বামীৰ লগতে আন দুগৰাকী লোক ক্ৰমে ফিৰোজ শ্বেখ আৰু নিতিশ সাৰদাক ৰায়গড় জিলাৰ আলিয়া আৰক্ষীয়ে আটক কৰে।

মুম্বাইৰ নিজ বাসগৃহৰ পৰা গোস্বামীৰ আটক কৰাৰ পিছত তেখেতক আলিবাগৰ মুখ্য ন্যায়িক দণ্ডাধিশে ১৮ নৱেম্বৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে, দেওবাৰে ন্যায়িক জিম্মালৈ সময়ছোৱাত নিজৰ ম'বাইল ফোন ব্যৱহাৰ কৰাৰ অপৰাধত ৰায়গড় জিলাৰ তালোজা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক : অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.