ETV Bharat / bharat

লক ডাউনঃ গৰ্ভৱতী কন্যাক চাবলৈ নিজৰা পাৰ হওতেই কৰুণ মৃত্যু পিতৃৰ - গৰ্ভৱতী কন্যা

তামিলনাডু আৰু কৰ্ণাটকৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । গৰ্ভৱতী কন্যাক চাবলৈ লক ডাউনৰ মাজত নিজৰা পাৰ হোৱাৰ চেষ্টা চলাওতেই মৃত্যু হয় এজন ৬০ বছৰীয়া পিতৃৰ ।

Lockdown effect: Father failed to cross brook to see daughter
লক ডাউনঃ গৰ্ভৱতী কন্যাক চাবলৈ নিজৰা পাৰ হওতেই কৰুণ মৃত্যু পিতৃৰ
author img

By

Published : Apr 21, 2020, 6:12 PM IST

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বাবেই দেশত এতিয়া চলি আছে দ্বিতীয় লক ডাউন । সকলো যাতায়তৰ সুবিধা বন্ধ থকাৰ মাজতেই তামিলনাডু আৰু কৰ্ণাটকৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা পোহৰলৈ আহিছে এটা কৰুণ ঘটনাৰ খবৰ ।

লকডাউনৰ মাজত নিজৰ ৯ মহীয়া গৰ্ভৱতী কন্যাক নিজৰা সাঁতুৰি পাৰ হৈ চাবলৈ যাবলৈ চেষ্টা চলাওতেই মৃত্যু হৈছে ৬০ বছৰীয়া পিতৃৰ । পেৰুমল নামৰ লোকজনক পিচত ততাতৈয়াকৈ মেট্টুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

তামিলনাডুৰ নামাক্কাল জিলাৰ পালিপালায়ামৰ নিৱাসী আছিল ৬০ বছৰীয়া পেৰুমল । কৰ্ণাটকৰ পুডুৰত বিবাহ দিছিল কন্যা ছুমাথীক । ৯ মাহৰ গৰ্ভৱতী কন্যাৰ স্বাস্থ্যৰ প্ৰতি উদ্বিগ্ন হৈয়ে এটা নিজৰা পাৰ হৈ জীয়ৰীৰ কাষলৈ যোৱাৰ চেষ্টা চলাইছিল পিতৃজনে । পিচত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে মৃত লোকজনৰ মৃতদেহ লৈ যায় ।

তামিলনাডু-কৰ্ণাটকৰ সীমান্তৰ মহীশূৰ আৰু মেট্টুৰ মেইন ৰোডৰ কাষতে অৱস্থিত এই ২০০ মিটাৰ বহল নিজৰাটো ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.