নিউজ ডেস্ক, 11 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ইয়াৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে দেশজুৰি ঘোষণা কৰা হৈছিল 21 দিনীয়া লক্ ডাউন ৷ লক্ ডাউনৰ 18 সংখ্যক দিনতো ৰাজ্যৰ ভিন্ন স্থানত একাংশ লোকে লক্ ডাউন উলংঘা কৰা পৰি লক্ষিত হৈছে ৷ যাৰ বাবে আৰক্ষী প্ৰশাসনে লাঠী চাৰ্জ কৰাৰ লগেত বিভিন্ন অনুশাসনমূলক শাস্তি প্ৰয়োগ কৰিবলৈ বাধ্য হৈছে ৷ উল্লেখ্য যে, ব'হাগ বিহু কাষ চাপি অহাৰ ফলত একাংশ লোকে বজাৰ সমাৰ কৰাৰ আশাৰে লক্ ডাউনক এক প্ৰকাৰ আওকাণ কৰিব বিচৰাৰিছে ৷ কিন্তু কেৱল জনতাৰ সুৰক্ষাৰ বাবেই আৰক্ষীয়ে লক্ ডাউন উলংঘা হ'বলৈ দিয়া নাই ৰাজ্যত ৷
লক্ ডাউনৰ 18 সংখ্যক দিনৰ দিল্লীৰ পৰিস্থিতি :
দিল্লীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে 21 গৰাকী লোকৰ দেহত COVID19 চিনাক্ত হোৱাৰ পাচত অনিৰ্দিষ্ট কাললৈ সেৱাসমূহ স্থগিত ৰাখিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক্ ডাউন সন্দৰ্ভত আলোচনা কৰাৰ পাচতে টুইটাৰযোগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, লক্ ডাউনৰ ম্যাদ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে যি সিদ্ধান্ত লৈছে, সেয়া সময়োপযোগী ৷ অৱশ্যে এই সন্দৰ্ভত এতিয়াও চৰকাৰী নিৰ্দেশনা প্ৰকাশ পোৱা নাই ৷ চান্দনীমহলত তিনি দিনত তিনিগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু হৈছে ৷ নয়ডাত মুজাফৰ নগৰৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে COVID19 ৷
লক্ ডাউনৰ 18 সংখ্যক দিনৰ মুম্বাইৰ পৰিস্থিতি :
পানৱেল আৰক্ষীয়ে জন্মদিনৰ অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰাৰ বাবে এগৰাকী বিজেপি নেতা আৰু 10 গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ কল্যান-দম্বিৱিলী অঞ্চলত COVID 19 আক্ৰান্তৰ সংখ্যা 50 গৰাকীলৈ বৃদ্ধি ৷ কে ই এম হাস্পতালৰ এগৰাকী মহিলাৰ দেহত পোৱা গৈছে COVID19ৰ উপস্থিতি ৷
লক্ ডাউনৰ 18 সংখ্যক দিনৰ হায়দৰাবাদৰ পৰিস্থিতি :
দক্ষিণাত্যৰ ছবিৰ জনপ্ৰিয় নায়ক বিজয় দেৱেগাকুন্দাই আজি তেলেংগানা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষীক লক্ ডাউনৰ সময়ত সহযোগিতা আগঢ়াবলৈ জনসাধাৰণক আহ্বান জনায় ৷ জনসাধাৰণ আৰু চৰকাৰী বিভাগসমূহৰ সহায়ৰ বাবে তেলেংগানা চৰকাৰে মুকলি কৰিছে T COVID-19 নামৰ এটি এপ্ ৷ অন্ধ্ৰপ্ৰদেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ 402 গৰাকী ৷ তেলেংগানা চৰকাৰে কন্টেইনমেন্ট জ'নৰ বাবে কঠোৰ নিৰ্দেশনা বলৱৎ কৰিছে ৷
লক্ ডাউনৰ 18 সংখ্যক দিনৰ বাংগালুৰুৰ পৰিস্থিতি :
মহীশূৰত 5 গৰাকী ঔষধ কোম্পানীৰ কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ ৷ কৰ্ণাটক কংগ্ৰেছৰ নেতা ডি এম শিৱকুমাৰে বিজেপি বিধায়ক এম জয়ৰামৰ জন্মদিন উদযাপন সম্পৰ্কত কয় যে, মুখ্যমন্ত্ৰীয়ে নিশ্চয় উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ৷ বিশ্বেশ্বৰায়া টেকন'লজীকেল ইউনিভৰ্চিটিয়ে সকলো ইঞ্জিনীয়েৰিং ইন্ষ্টিটিউটক অন্ লাইন পাঠদানৰ বাবে পৰামৰ্শ প্ৰদান কিৰছে ৷
লক্ ডাউনৰ 18 সংখ্যক দিনৰ কলকতাৰ পৰিস্থিতি :
পশ্চিম বংগত সামগ্ৰীৰ খুচুৰা দোকান সমূহ খোলাৰ নিৰ্দেশ ৷ কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই ফুলৰ বজাৰ সমূহ খোলাৰ নিৰ্দেশ দিয়াৰ বাবে শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কঠোৰ সমালোচনা কৰে ৷ আই টি বি পিৰ দশম বেটালিয়ানৰ জোৱানে বুদ্ধ বজাৰ আৰু কিমিনত চেনিটাইজ অভিযান চলায় ৷