ETV Bharat / bharat

পশ্চিম বংগত সাত মাহৰ মূৰত আৰম্ভ হ'ল চুবাৰবান স্থানীয় ৰে'লসেৱা

author img

By

Published : Nov 11, 2020, 5:31 PM IST

বুধবাৰৰ পুৱাৰে পৰা পুনৰ আৰম্ভ হ'ল পশ্চিম বংগৰ চুবাৰবান ৰে'লসেৱা ৷ এই সেৱা মুকলিৰ বাবে অনুমতি প্ৰদান কৰে পূৱ আৰু দক্ষিণ-পূৱ ৰেল ন্যায়াধিকৰণে ৷

Local train services resume in West Bengal after over 7 months
Local trপশ্চিম বংগত সাত মাহৰ মূৰত আৰম্ভ হ'ল চুবাৰবান স্থালীয় ৰে'ল সেৱাain services resume in West Bengal after over 7 months

নিউজ ডেস্ক, 11 নৱেম্বৰঃ ক'ৰণা মহামৰীৰ বাবে বন্ধ হৈ থকা পশ্চিম বংগৰ চুবাৰবান ৰে'লসেৱা বুধবাৰৰ পুৱাৰে পৰা পুনৰ আৰম্ভ হ'ল ৷ ক'ৰণাৰ গণসংক্ৰমণৰ আশংকাত প্ৰায় সাত মাহ ধৰি বন্ধ হৈ আছিল এই ৰেলসেৱা ৷ উল্লেখ্য যে, এই সেৱা মুকলিৰ বাবে অনুমতি প্ৰদান কৰে পূৱ আৰু দক্ষিণ-পূৱ ৰেল ন্যায়াধিকৰণে ৷

ক'ৰণাৰ গণসংক্ৰমণৰ আশংকাত যাত্ৰীবাহী ৰেলসেৱা চলিত বছৰৰ মাৰ্চ মাহৰ পৰাই সমগ্ৰ দেশতে বন্ধ কৰি দিয়া হৈছিল ৷ যদিও এই ৰেলসেৱা মুকলি কৰা হৈছে কিন্তু এই ক্ষেত্ৰত বিশেষ চৰ্ত বান্ধি দিছে বিভাগীয় কৰ্তৃপক্ষই ৷ প্ৰত্যেক যাত্ৰীয়ে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক হ'ব আৰু যাত্ৰীসকলে সামাজিক দূৰত্ব বজাই ৰাখি যাত্ৰা কৰিব লাগিব বুলি সদৰি কৰিছে ৰেল বিভাগে ৷ সমান্তৰালভাৱে পূৰ্বৰ সময় মতেই চলিব এই ৰেলসেৱা ৷

লগতে পঢ়কঃবাঘজান অগ্নিকাণ্ডৰ ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.