নিউজ ডেস্ক, ২ জুলাই : উত্তৰ প্ৰদেশৰ সিকন্দৰপুৰ আৰু ভীমপুৰা অঞ্চলত বুধবাৰে বজ্ৰ পৰি ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ জন গুৰুতৰভাবে আহত হয় । জিলা আৰক্ষীয়ে সদৰি কৰিছে এই তথ্য । তেওঁ আকৌ জনোৱা অনুসৰি, বুধবাৰে পুনৰ মহাথাপা গাঁৱত বজ্ৰ পৰাৰ বাবে খেতি পথাৰত কাম কৰি থকা ১০ জন লোক গুৰুতৰভাবে আহত হয় । ততালিকে আহত ব্যক্তি কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসা চলি থকাৰ সময়তে সবিতা আৰু শীলা নামৰ দুগৰাকী মহিলাই মৃত্যুক সাৱটি ল'বলগীয়া হয় ।
একে সময়তে ভীমপুৰা অঞ্চলত বজ্ৰ পৰাৰ বাবে খেতি পথাৰত কাম কৰি থকা এজন খেতিয়কৰ মৃত্যু হয় । আনহাতে খেজুৰী অঞ্চলৰ হজোত গাঁৱত বজ্ৰ পৰাৰ ফলত ৪ গৰাকী মহিলা আহত হয় । আহত মহিলা কেইগৰাকীক ততালিকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও সৎকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি থকা বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ২৩ জুনত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বজ্ৰ পৰি ২৪ গৰাকী লোকৰ মৃত্যু হৈছিল । লগতে উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰতিদিনে অব্যাহত আছে প্ৰাকৃতিক দুৰ্যোগ । নিতৌ বজ্ৰ পৰি লোকৰ মৃত্যু হোৱাৰ লগতে আহত হোৱাৰ খবৰ আহি পৰিছে । তথ্য অনুসৰি, কুশীনগৰত ১ গৰাকী, ফটেহপুৰত ১ গৰাকী, উন্নাব অঞ্চলত ১ গৰাকী, দেবৰিয়াত ৯ গৰাকী, বাৰাবক্কীত ২ গৰাকী, প্ৰয়াগৰাজত ৬ গৰাকী, অম্বেদকৰনগৰত ৩ গৰাকী আৰু বলৰামপুৰত ১ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ খৱৰ আহি পৰিছে ।