ETV Bharat / bharat

জীৱনৰ মান বৃদ্ধি হৈছে যদিও, স্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান আনিছে কোভিড-১৯এ

বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ এক প্ৰতিবেদনত মৃত্যুৰ হাৰ আৰু বিশ্বযুৰি বেমাৰৰ ওপৰত চলোৱা সমীক্ষাৰ ওপৰত ভিত্তি কৰি মানুহৰ জীৱনৰ আয়ু বৃদ্ধি পাইছে যদিও স্বাস্থ্যৰ প্ৰতি বহুটো ভাবুকি সৃষ্টি হৈছে বুলি উল্লেখ কৰিছে ।

author img

By

Published : May 14, 2020, 11:05 PM IST

স্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান আনিছে কোভিড-১৯এ

নিউজ ডেস্ক, ১৪ মে' : কৰ'ণা ভাইৰাছে বিশ্ববাসীক আঠু ল'বলৈ বাধ্য কৰোৱাৰ লগতেই, মানুহৰ স্বাস্থ্য়ৰ প্ৰতিও বহু ভাবুকি আৰু প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ।

সমগ্ৰ বিশ্বতে কোভিড-১৯ মহামাৰীয়ে বহুসংখ্যক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে জীৱন ধাৰণৰ মাণদণ্ড ব্যাহত কৰি তোলাৰ লগতে, স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । ২০২০ বিশ্ব স্বাস্থ্য পৰিসংখ্যাত এই কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, কিছু স্থানত বিকাশ স্তব্ধ হৈ পৰিছে আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা বিগত বৰ্ষসমূহত বহু কম পৰিমানে বিকাশ হৈছে, আৰু ভয় কৰা হৈছে যে মেলেৰিয়াই আৰু গা কৰি উঠিব ।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান, টেডৰছ অধানম ঘেব্ৰিয়েছুচে প্ৰকাশ কৰা অনুসৰি, ভাল খবৰটো হৈছে, বিশ্বৰ মানুহৰ মাজত আয়ু বৃদ্ধি হৈছে যদিও বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহত উপনীত হ'ব পৰাকৈ ইয়াৰ বৃদ্ধিৰ হাৰ সিমান সন্তোষজনক নহয় আৰু কোভিড-১৯ৰ ফলত ই আৰু অধিক ক্ষতিগ্ৰস্থ হৈছে । এতিয়াও কেন্সাৰ, মধুমেহ, হৃদ আৰু পাকস্থলী তথা ষ্ট্ৰোকৰ দৰে বেমাৰৰ সৈতে মোকাবিলা কৰিবলৈ ভিতৰে আৰু বাহিৰে সেৱাৰ অভাৱ আছে । কম আৰু মধ্য-আয়যুক্ত দেশৰ সেৱাসমূহৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্ম তথা ইয়াৰ সেৱাসমূহৰ ঘনত্ব উন্নত দেশৰ তুলনাত এতিয়াও বহু কম । বিশ্বৰ ৪০ শতাংশৰো অধিক দেশত এতিয়াও প্ৰতি ১০,০০০ জন ব্যক্তিৰ বিপৰীতে ১০ গৰাকী চিকিৎসক উপলব্ধ আছে । একেদৰেই ৫৫ শতাংশ দেশত প্ৰতি ১০,০০০ জন ব্যক্তিৰ বিপৰীতে ৪০ গৰাকী স্বাস্থ্যকৰ্মী মজুত আছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধানগৰাকীৰ মতে, এই মহামাৰীয়ে আমাক স্বাস্থ্যখণ্ডত বৃহৎ হাৰে বিনিয়োগ কৰাৰ লগতে প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰখনতো বহুটো ব্যৱস্থা গ্ৰহণ কৰিবলগাটো দেখুৱাই দিছে । স্বাস্থ্য সেৱা আৰু স্বাস্থ্য সুৰক্ষা দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ।

কম আয়ৰ দেশসমূহত সৰ্বাধিকসংখ্যক জীৱনৰ আয়ু বিগত ১১ বছৰ (২০০০-১৬)ত ২১ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হোৱাৰ লগতে, অধিক আয়যুক্ত দেশত ই ৩ বছৰত ৪ শতাংশহে বৃদ্ধি পাইছে । কম আয়যুক্ত দেশৰ আন এক দিশ হৈছে, এইচআইভি, মেলেৰিয়া আৰু যক্ষ্মাৰ দৰে ৰোগৰ ক্ষেত্ৰত অধিক সেৱাখণ্ড বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও শিশু আৰু মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰটো ২০০০-১৮ চনৰ ভিতৰত মৃত্যুৰ হাৰ আধালৈ হ্ৰাস পাবলৈ সক্ষম হৈছে এইসমূহ দেশত ।

বিশ্ব স্বাস্থ্য সংস্থাৰ সহকাৰী পৰিচালন সঞ্চালক ডাঃ ছমিৰা আছমাই কোৱা অনুসৰি, কোভিড-১৯ মহামাৰীয়ে স্বাস্থ্যগত জৰুৰীকালীন সময়ত মানুহক কিদৰে সুৰক্ষা দিব লাগে তাক দেখুৱাই দিছে, আৰু ইয়াৰ লগতে বিশ্বব্যাপী স্বাস্থ্য আয়তন বৃদ্ধি কৰি জনসাধাৰণক পৰিস্কাৰ-পৰিচ্ছন্নতা আদিৰ দ্বাৰা স্বাস্থ্যগতভাৱে সজাগ কৰিব লাগে ।

স্বাস্থ্যখণ্ডৰ বাবে পূঁজি যোগান ধৰি নোৱাৰাটো হৈছে আন এক ডাঙৰ প্ৰত্যাহ্বান । ২০২০ত বিশ্বৰ প্ৰায় ১ বিলিয়ন মানুহে তেওঁলোকৰ ঘৰুৱা বাজেটৰ মাত্ৰ ১০ শতাংশ স্বাস্থ্যখণ্ডৰ নামত ৰাখে । এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক সপ্তাহত প্ৰথমবাৰৰ বাবে অনলাইনযোগে অনুষ্ঠিত হ'বলগীয়া বিশ্ব স্বাস্থ্য সংস্থাৰ ৭৩ সংখ্যক বিশ্ব স্বাস্থ্য বৈঠকত এইবোৰ সমস্যা উত্থাপন কৰা হ'ব । এই আলোচনাত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰধানকৈ কোভিড-১৯ মহামাৰীক অধিক অগ্ৰাধিকাৰ দিব আৰু সদস্য ৰাষ্ট্ৰসমূহে ১৮-১৯ মে'ত এই বৈঠকত অংশগ্ৰহণ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.