নিউজ ডেস্ক, ১৬ জুনঃ বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ সোমবাৰে অন্তিম সৎকাৰ হৈ যোৱা পাচতে অভিনেতা ফাৰহান আখটাৰে অভিনেতাৰ গৰাকীৰ নামত এটি কবিতা উচৰ্গা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ১৪ জুনত হতাশাত ভুগি আত্মহত্যা কৰা অভিনেতা জনৰ আত্মাৰ চিৰ শান্তি কামনা কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
৪৬ বছৰীয়া অভিনেতা ফাৰহানে ইষ্টাগ্ৰামত লিখে যে,"মোৰ মৰমৰ ভাতৃ শুই যোৱা,শগুণবোৰ জমা হ'ব আৰু ঘৰিয়ালবোৰে এনেকৈ চকুপানী উলিয়াবলৈ দিয়া । চাৰ্কছৰ শিল্পীসকলক বাজিগৰী,বিৰোধভাৱ কৰি লঠিয়াই যাবলৈ দিয়া । পুৰুষ সকলৰ হৃদয়ত আন্ধাৰ হ'বলৈ দিয়া । মোৰ ভাতৃ তুমি এতিয়া শুই যোৱা । RIP সুশান্ত ।"
লগতে ভাগ মিলখা ভাগ ছবিৰ অভিনেতা গৰাকীয়ে কেপছনত "সোনকালে গুছি গ'ল" বুলিও উল্লেখ কৰে ।
উল্লেখ্য যে, ৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুতে ১৪ জুনত চিপজৰী লগাই নিজ বাসগৃহত আত্মহত্যা কৰে । দীৰ্ঘদিনৰ পৰা হতাশাত ভুগি অহাৰ বাবেই অভিনেতাজনে এই চৰম পন্থা বাচনি কৰে বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান সদৰি কৰিছে । আনহাতে, অভিনেতা গৰাকীৰ মৃত্যুৰ পাচতে সমগ্ৰ সমগ্ৰ বলিউড জগত তথা অনুৰাগীক মৰ্মাহত কৰে ।
লগতে চাওকঃ জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনাঃ মৃতদেহ চমজি নললে পৰিয়ালে