ETV Bharat / bharat

লেহ-মানালি ৰাষ্ট্ৰীয় ঘাইপথ যাতায়তৰ বাবে পুনৰ মুকলি

author img

By

Published : May 20, 2020, 11:48 AM IST

সীমান্ত পথ সংস্থা (BRO)ৰ দ্বাৰা পথত পৰি থকা বৰফ সমূহ আঁতৰোৱাৰ পাচত যাতায়তৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় লেহ-মানালি ৰাষ্ট্ৰীয় ঘাইপথ ।

ৰাষ্ট্ৰীয় ঘাইপথ যাতায়তৰ বাবে পুনৰ মুকলি

নিউজ ডেস্ক, 20 মে': লেহ-মানালি ৰাষ্ট্ৰীয় ঘাইপথ যাতায়তৰ বাবে সোমবাৰৰ পৰা পুনৰ মুকলি কৰি দিয়া হয় । 490 কিল'মিটাৰ দৈৰ্ঘৰ এই ৰাষ্ট্ৰীয় ঘাইপথ লাডাখৰ সাংসদ জামায়ং ছেৰিঙে মুকলি কৰে । যোৱা বৰ্ষৰ নৱেম্বৰৰ পৰা বিগত 6 মাহ ধৰি পথটো বন্ধ হৈ আছিল ।

সীমান্ত পথ সংস্থা (BRO)ৰ দুই শাখা প্ৰজেক্ট হিমাংক আৰু প্ৰজেক্ট দ্বীপকৰ দ্বাৰা পথটোত আbদ্ধ হৈ থকা বৰফসমূহ আঁতৰোৱা হয় । 16000 ফুট উচ্চতাত বাৰালাচা পাছ আৰু টাংলাং লা পাছত 17,500 ফুট উচ্চতাত লেহ-মানালি ৰাষ্ট্ৰীয় ঘাইপথত বৰফ জমা হৈ আছিল । সেয়ে বিগত সময়চোৱাত বন্ধ ৰাখিব লগীয়া হৈছিল ৰাষ্ট্ৰীয় ঘাইপথটো । প্ৰতি বছৰে শীতকালৰ সময়চোৱাত বৰফৰ বাবে বহু গাড়ী আৱদ্ধ হৈ পৰাৰ লগতে পথটো বন্ধ হৈ যায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.