ETV Bharat / bharat

লাটেহাৰ- নাই ইণ্টাৰনেট নাই ম'বাইল, কিদৰে সম্ভৱ অনলাইন ষ্টাডী

দশকজুৰি লাটেহাৰ নক্সাল প্ৰভাৱিত অঞ্চল হোৱা বাবেই বৰ্তমানলৈকে দেখা নাই উন্নয়নৰ মুখ ৷ কিন্তু শেহতীয়াকৈ গাঁৱৰ লোকসকলে এই কথা বুজি উঠিছে যে, পিছপৰা পৰিস্থিতিৰ পৰা নিজকে স্বাধীন কৰিবলৈ হ'লে শিক্ষাই হৈছে একমাত্ৰ উপায় ৷ জিলাখনত থকা প্ৰায় 1,234 খন স্কুলত অধ্যয়নৰত 1.49 লাখ ছাত্ৰ-ছাত্ৰী ৷ কিন্তু লকডাউনে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত কঢ়িয়াই আনিলে বাধা ৷

Latehar: Neither internet nor mobile phone
লাটেহাৰ- নাই ইণ্টাৰনেট নাই ম'বাইল
author img

By

Published : Jul 18, 2020, 9:27 AM IST

Updated : Jul 22, 2020, 10:20 AM IST

নিউড ডেক্স, 18 জুলাইঃ ঝাৰখণ্ডৰ এখন নক্সাল প্ৰভাৱিত জিলা হৈছে লাটেহাৰ ৷ প্ৰাকৃতিক পৰিৱেশ, বনাঞ্চল আৰু খনিজ সম্পদৰ বাবে বিখ্যাত এই জিলাখন ৷ এটা সময়ত উগ্ৰবাদী কাৰ্যকলাপৰ বাবে জনাজাত এই অঞ্চলটোত বৰ্তমান পৰিলক্ষিত হৈছে এক নতুন সকাৰাত্মক পৰিৱৰ্তন ৷ ঝাৰখণ্ডৰ অতি পিছপৰা এই জিলাখনৰ শিশুসকলে শিক্ষাৰ জৰিয়তে কঢ়িয়াই আনিছে এক নতুন পোহৰৰ ৰেঙণি ৷ কিন্তু, কিছু পৰিমাণে তেওঁলোকে হতাশাতো ভোগা পৰিলক্ষিত হৈছে ৷ কৰ'ণা মহামাৰীৰ বাবে তেওঁলোকলৈ অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হৈছে যদিও ডিজিটেল ডিভাইডৰ (প্ৰযুক্তিগত পৃথকীকৰণ) বাবে শিক্ষাত ব্যাঘাত জন্মিছে ৷ জিলাখনৰ নেতাৰহাটত এখন সৈনিক স্কুল আছে যদিও গাঁৱৰ শিশুসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই উন্নতমানৰ শিক্ষা ৷

দশকজুৰি লাটেহাৰ নক্সাল প্ৰভাৱিত অঞ্চল হোৱা বাবেই বৰ্তমানলৈকে দেখা নাই উন্নয়নৰ মুখ ৷ কিন্তু শেহতীয়াকৈ গাঁৱৰ লোকসকলে এই কথা বুজি উঠিছে যে, পিছপৰা পৰিস্থিতিৰ পৰা নিজকে স্বাধীন কৰিবলৈ হ'লে শিক্ষাই হৈছে একমাত্ৰ উপায় ৷ জিলাখনত থকা প্ৰায় 1,234 খন স্কুলত অধ্যয়নৰত 1.49 লাখ ছাত্ৰ-ছাত্ৰী ৷ কিন্তু লকডাউনে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত কঢ়িয়াই আনিলে বাধা ৷ ইয়াৰ বিকল্প সুবিধা হিচাপে ৰাজ্য চৰকাৰে শিশুসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিলেও অধিকাংশৰে ওচৰত নাই স্মাৰ্ট ফোন ৷

লাটেহাৰ- নাই ইণ্টাৰনেট নাই ম'বাইল, কিদৰে সম্ভৱ অনলাইন ষ্টাডী

যিসকলৰ স্মাৰ্ট ফোনৰ সুবিধা আছে তেওঁলোকৰ কিন্তু নাই ইন্টাৰনেটৰ সুবিধা ৷ শিক্ষা বিভাগৰ বিষয়ববীয়াৰ মতে, কেৱল 27 শতাংশ শিশুয়েহে অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ৷

শিশুসকলৰ শিক্ষাত এনেদৰে বাধা আহি পৰাত চিন্তিত হৈ পৰিছে অভিভাৱকসকল ৷ এনে ক্ষেত্ৰত একমাত্ৰ উপায় হৈছে ঘৰে ঘৰে গৈ শিক্ষা প্ৰদান কৰা ৷ শিক্ষাগুৰুসকলেও জানিবলৈ দিছে যে, তেওঁলোকে যিমান সম্ভৱ এই শিশুসকলক ঘৰে-ঘৰে গৈ শিক্ষা প্ৰদানৰ চেষ্টা কৰিছে যদিও সকলোকে এই সুবিধা দিবলৈ সক্ষম হোৱা নাই ৷

কিন্তু লাটেহাৰ জিলা শিক্ষা বিভাগে এই ক্ষেত্ৰত বিপৰীত মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ তেওঁলোকে এইকথা ভালদৰে জানে যে, জিলাখনৰ 73 শতাংশ শিশুৱে লাভ কৰা নাই অলনাইন শিক্ষা ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই দাবী কৰিছে যে, শিশুসকলৰ শিক্ষাত বাধা নহাটো তেওঁলোকে নিশ্চিত কৰিব ৷ কিদৰে তেওঁলোকে এই সমস্যাৰ সমাধান কৰিব সেই সম্পৰ্কত প্ৰশ্ন কৰাত দিব নোৱাৰিলে কোনো উত্তৰ ৷

ঝাৰখণ্ডৰ পিছপৰা বহুসংখ্যক অঞ্চলৰ পৰিস্থিতি লাটেহাৰৰ দৰেই ৷ দেশৰ অন্য অঞ্চলৰ তুলনাত ঝাৰখণ্ডত এই ডিজিটেল ব্যৱধান ইমানেই বৃদ্ধি পাইছে যে, ডিজিটেল ব্যৱধান হ্ৰাসৰ বাবে প্ৰয়োজন হ'ব বহু সময়ৰ ৷ কিন্তু ইয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষ সমূহেও সমানেই সমস্যা সম্পৰ্কত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷

Last Updated : Jul 22, 2020, 10:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.