ETV Bharat / bharat

জম্মু-কাশ্মীৰত আৰম্ভ হ'ল লেণ্ডলাইন আৰু 2জি সেৱা - internet

জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ কৰা হৈছে লেণ্ডলাইনকে ধৰি 2জি ম'বাইল সেৱা ৷ অঞ্চলটোৰ অৱস্থা উন্নত হোৱালৈ লক্ষ্য কৰি প্ৰশাসনে উঠাই লৈছে টেলিফোন সেৱাৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা ৷

জম্মু-কাশ্মীৰত আৰম্ভ হ'ল লেণ্ডলাইন আৰু 2জি সেৱা
author img

By

Published : Aug 17, 2019, 3:05 PM IST

নিউজ ডেস্ক, 17 আগষ্টঃ জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ কৰা হৈছে লেণ্ডলাইনকে ধৰি 2জি ম'বাইল সেৱা ৷ অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতিলৈ লক্ষ্য কৰি প্ৰশাসনে উঠাই লৈছে টেলিফোন সেৱাৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা ৷ জম্মু-কাশ্মীৰৰ পাঁচখন জিলাৰ পৰা ম'বাইল সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে ৷ শনিবাৰে জম্মু, ৰেইছী, চাম্বা, কথুৱা আৰু উধমপুৰত পুনৰ আৰম্ভ কৰা হয় 2জি ইন্টাৰনেট সেৱা ৷

ইয়াৰ উপৰিও অঞ্চলটোৰ 17টাকৈ টেলিফোন এক্সচেঞ্জত লেণ্ডলাইন সেৱাও আৰম্ভ কৰা হৈছে ৷ অসামৰিক অঞ্চলকে ধৰি কন্টনমেন্ট অঞ্চল আৰু শ্ৰীনগৰ বিমানবন্দৰত মুকলি কৰি দিয়া হৈছে লেণ্ডলাইন সেৱা ৷ অঞ্চলটোৰ বাদগাম, সোনমাৰ্গ, মনিগাম, গুৰেজ, টাংমাৰ্গ, উৰি কেৰাণ কাৰণাহ আৰু টাংধাৰ অঞ্চলত মুকলি কৰি দিয়া হৈছে লেণ্ডলাইন সেৱা ৷

উল্লেখ্য যে, চলিত মাহৰ 5 তাৰিখৰ পৰাও জম্মু-কাশ্মীৰত সুৰক্ষাজনিত কাৰণত বন্ধ কৰি দিয়া হৈছিল ম'বাইল আৰু ইন্টাৰনেট সেৱা ৷ অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাক লৈ কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত বন্ধ কৰি ৰাখিছিল ইন্টাৰনেটকে ধৰি ম'বাইল সেৱা ৷ জম্মু-কাশ্মীৰৰ মুখ্য সচিব বিভিআৰ সুব্ৰমনিয়ামে অঞ্চলটোত ম'বাইল আৰু ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছে ৷ জম্মু-কাশ্মীৰৰ 12খন জিলাৰ পৰা এই নিষেধাজ্ঞা উঠাই লোৱাৰ পিচতো 5খন জিলাত বৰ্তমানেও অব্যাহত আছে নিষেধাজ্ঞা ৷

Intro:Body:

জম্মু-কাশ্মীৰত আৰম্ভ হ'ল লেণ্ডলাইন আৰু 2জি সেৱা 

জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ কৰা হৈছে লেণ্ডলাইনকে ধৰি 2জি ম'বাইল সেৱা ৷ অঞ্চলটোৰ অৱস্থা উন্নত হোৱালৈ লক্ষ্য কৰি প্ৰশাসনে উঠাই লৈছে টেলিফোন সেৱাৰ ওপৰত জাৰী কৰা নিষেধাজ্ঞা ৷

নিউজ ডেস্ক, 17 আগষ্টঃ জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ কৰা হৈছে লেণ্ডলাইনকে ধৰি 2জি ম'বাইল সেৱা ৷ অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতিলৈ লক্ষ্য কৰি প্ৰশাসনে উঠাই লৈছে টেলিফোন সেৱাৰ ওপৰত জাৰী কৰা নিষেধাজ্ঞা ৷ জম্মু-কাশ্মীৰৰ পাঁচখন জিলাৰ পৰা ম'বাইল সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে ৷ শনিবাৰে জম্মু, ৰেইছী, চাম্বা, কথুৱা আৰু উধমপুৰত পুনৰ আৰম্ভ কৰা হয় 2জি ইন্টাৰনেট সেৱা ৷ 

ইয়াৰ উপৰিও অঞ্চলটোৰ 17টাকৈ টেলিফোন এক্সচেঞ্জত লেণ্ডলাইন সেৱাও আৰম্ভ কৰা হৈছে ৷ অসামৰিক অঞ্চলকে ধৰি কন্টনমেন্ট অঞ্চল আৰু শ্ৰীনগৰ বিমানবন্দৰত মুকলি কৰি দিয়া হৈছে লেণ্ডলাইন সেৱা ৷ অঞ্চলটোৰ বাদগাম, সোনমাৰ্গ, মনিগাম, গুৰেজ, টাংমাৰ্গ, উৰি কেৰান কাৰনাহ আৰু টাংধাৰ অঞ্চলত মুকলি কৰি দিয়া হৈছে লেণ্ডলাইন সেৱা ৷ 

উল্লেখ্য যে, চলিত মাহৰ 5 তাৰিখৰ পৰাও জম্মু-কাশ্মীৰত সুৰক্ষাজনিত কাৰনত বন্ধ কৰি দিয়া হৈছিল ম'বাইল আৰু ইন্টাৰনেট সেৱা ৷ অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাক লৈ কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত বন্ধ কৰি ৰাখিছিল ইন্টাৰনেটকে ধৰি ম'বাইল সেৱা ৷ জম্মু-কাশ্মীৰৰ মুখ্য সচিব বিভিআৰ সুব্ৰমনিয়ামে অঞ্চলটোত ম'বাইল আৰু ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছে ৷ জম্মু-কাশ্মীৰৰ 12খন জিলাৰ পৰা এই নিষেধাজ্ঞা উঠাই লোৱাৰ লগতে 5খন জিলাত বৰ্তমানেও অব্যাহত আছে নিষেধাজ্ঞা ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.