ETV Bharat / bharat

চীনৰ সৈতে আলোচনাৰ পূৰ্বে মিলিত হ’ল সামৰিক বিষয়া আৰু শীৰ্ষ ৰাজনৈতিক নেতা

author img

By

Published : Oct 10, 2020, 9:10 AM IST

চীনৰ সৈতে হ'বলগীয়া সপ্তমসংখ্যক আলোচনাৰ পূৰ্বেই শুকুৰবাৰ আলোচনাত মিলিত হয় দেশৰ শীৰ্ষ সামৰিক বিষয়াৰ এটি দল ৷ চীনৰ সৈতে হ'বলগীয়া আলোচনাৰ পূৰ্বে ৰণকৌশল প্ৰস্তুতিৰ পূৰ্বে ৰাজনৈতিক নেতাসকলৰ সৈতেও মিলিত হয় শীৰ্ষ সামৰিক বিষয়াৰ দলটোয়ে ৷

চীনৰ সৈতে সভাৰ পূৰ্বে আলোচনাত মিলিত সামৰিক বিষয়া আৰু শীৰ্ষ ৰাজনৈতিক নেতাসকল

নিউজ ডেস্ক, 10 অক্টোবৰ : চীনৰ সৈতে 12 অক্টোবৰত হ'বলগীয়া সপ্তমলানি আলোচনাৰ পূৰ্বেই শুকুৰবাৰে আলোচনাত মিলিত হয় দেশৰ শীৰ্ষ সামৰিক বিষয়াসকলৰ লগতে ৰাজনৈতিক নেতাসকলৰ এটা দল ৷ কামাণ্ডাৰ পৰ্যায়ৰ এই আলোচনাত লাডাখত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপত মিলিত হ'ব ভাৰতীয় স্থলসেনাৰ লগতে চীনৰ পিএলএৰ এটা দল ৷ ইষ্টাৰ্ণ লাডাখৰ চুছুল/মালডোত এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ বিগত এপ্ৰিল মাহৰ পৰাই এইটো অঞ্চলত ইতিমধ্যেই দুয়োপক্ষই 50,000ৰো অধিক সৈনিক মোতায়েন কৰি ৰাখিছে ৷

ভাৰতে এই আলোচনাত মুলত সৈনিক প্ৰত্যাহাৰৰ ওপৰতেই নিজৰ মত আগবঢ়াব ৷ যেতিয়ালৈকে চীনা সৈন্যই এইটো অঞ্চলৰ পৰা আঁতৰি নাযায় তেতিয়ালৈকে ভাৰতীয় সেনায়ো ইয়াৰ পৰা আঁতৰি নাহে বুলি ইতিমধ্যেই স্পষ্ট কৰি দিছে ৷

সপ্তমলানি আলোচনাত ভাৰতীয় সেনাৰ হৈ 14 ক'ৰৰ কামাণ্ডাৰ লেফ. জেন. পিজিকে মেননে অংশগ্ৰহণ কৰিব ৷ ইতিমধ্যে 14 ক'ৰৰ দায়িত্বভাৰ ল'বলৈ লেহত উপস্থিত হৈছে লেফ. জেন.গৰাকী ৷ তেওঁ লেফ. জেন. হৰিন্দৰ সিঙৰ ঠাইত স্থলাভিষিক্ত হ'ব ৷

ভাৰত আৰু চীনা সৈনিকৰ সপ্তমলানি আলোচনাৰ পূৰ্বেই শুকুৰবাৰে বৈঠকত মিলিত হোৱা দলটোত আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, চিডিএছ জেন. বিপিন ৰাৱাট, স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে আৰু বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়া ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.