নেশ্যনেল ডেস্ক, 21চেপ্তেম্বৰ: ভাৰতীয় আৰু চীনা সেনাৰ মাজত আজি অনুষ্ঠিত হ'ব ক'ৰ কামাণ্ডাৰৰ ষষ্ঠ পৰ্যায়ৰ আলোচনা ৷ চৰকাৰী সূত্ৰই দেওবাৰে প্ৰকাশ কৰা অনুসৰি দুই দেশৰ সৈন্যৰ মাজত অব্যাহত থকা অস্থিৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত পঞ্চম দফাৰ চুক্তি বাস্তৱায়িত কৰাটোৱে এই আলোচনাৰ মূখ্য লক্ষ্য ৷ পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ চীনৰ ফালে ম’ল্ড’ অঞ্চলত পুৱা 9 বজাৰ পৰা আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷
পোন প্ৰথমবাৰৰ বাবে এই আলোচনাত বৈদেশিক মন্ত্ৰণালয়ৰ সংযুক্ত সচিব পৰ্যায়ৰ বিষয়াই ভাৰতীয় প্ৰতিনিধি বৰ্গৰ সৈতে এই আলোচনাত ভাগ ল'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ ভাৰতে এই আলোচনাৰ মাধ্যমেৰে এক কংক্ৰিট ফলাফল আশা কৰিছে বুলিও সূত্ৰত প্ৰকাশ ৷ লেফটেনেন্ট জেনেৰেল হৰিন্দৰ সিঙৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি বৰ্গই এই আলোচনাত ভাগ লোৱাৰ পৰিৱৰ্তে মেজৰ জেনেৰেল লিউ লিনৰ নেতৃত্বত চীনে এই বৈঠকত অংশ লব ৷ জানিব পৰা মতে, চীনা সৈন্যৰ পূৰ্ণ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতে এই আলোচনাত এক হেঁচা প্ৰয়োগ কৰিব ৷
লগতে পঢ়ক : গোলা-বাৰুদৰ কাৰখানাঃ সংকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱৰ্তন প্ৰচেষ্টা