ভাৰতীয় সেনাৰ নৰ্থান কমাণ্ডৰ প্ৰাক্তন প্ৰধান, লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ডি এছ হুদাৰ মতে লাডাখৰ ডেমচোক, গালৱান আৰু পাংগোঙৰ লগতে উত্তৰ ছিক্কিমৰ নাকুলাত ভাৰতীয় সেনা বাহিনী আৰু চীনা পিএলএৰ মাজত সৃষ্টি হোৱা অচলাৱস্থাৰ সমাধান শীঘ্ৰে নঘটে । জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰাক্তন শীৰ্ষ সেনা বিষয়াগৰাকীয়ে মন্তব্য কৰি কয় যে এলএচিত চীনৰ এনেধৰণৰ কাৰ্য পূৰ্বৰ দৰে একাষৰীয়া আৰু স্থানীয় বিষয় হৈ থকা নাই । এনেবোৰ ঘটনা বেইজিঙৰ শীৰ্ষ স্থানৰ দ্বাৰা পূৰ্ব পৰিকল্পিত আৰু সমন্বিত বুলি তেওঁ মত প্ৰকাশ কৰিছে । উৰি আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে ভাৰতে কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ নেতৃত্ব প্ৰদান কৰা ডি এছ হুদাৰ মতে কৰ’ণা ভাইৰাছৰ উদ্ভৱক লৈ আমেৰিকা আৰু ইউৰোপে একাষৰীয়া কৰাৰ লগতে হংকং আৰু টাইৱানত চীনৰ আধিপত্যক লৈ উত্থাপিত হোৱা প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত বেইজিঙে এলএচিত এনেধৰণৰ কাৰ্যকলাপ আৰম্ভ কৰিছে । চীনে ইয়াৰ দ্বাৰা বিশ্বক জনাব খুজিছে যে দেশখন দুৰ্বল হৈ যোৱা নাই ।
জেনেৰেল হুদাই লগতে কয় যে, কাশ্মীৰ উপত্যকাত উগ্ৰপন্থীৰ কাৰ্যকলাপ, নিয়ন্ত্ৰণ ৰেখাত গুলীয়াগুলীৰ ঘটনা এলএচিৰ পৰিস্থিতিৰ পৰা বিচ্ছিন্ন নহয় । ভাৰতীয় সেনাই বিভিন্ন সীমান্তত প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু আছে বুলি তেওঁ সদৰী কৰে । ভাৰত আৰু চীনে কোনো তৃতীয়পক্ষৰ মধ্যস্থতা অবিহনে সমস্যা সমাধান কৰিব পাৰিব বুলি কৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এক বিতৰ্কিত টুইট নস্যাৎ কৰে । স্মিতা শৰ্মাৰে হোৱা আছুতীয়া বাৰ্তালাপ ইয়াত আগবঢ়োৱা হ’ল ।
প্ৰশ্ন—পূৰ্বৰ চুমাৰ বা ডোকলামৰ পৰা বৰ্তমানৰ পৰিস্থিতি কিয় পৃথক ? এই আগ্ৰাসন, অস্থিৰতা আৰু সংঘাতৰ সময়ক আপুনি কেনেদৰে বিশ্লেষণ কৰে ?
পূৰ্বতকৈ এইবাৰৰ ঘটনা পৃথক । মোৰ বাবে এই ঘটনা বহু পৰিমাণে বেলেগ । যদি আপুনি চুমাৰ, ডকলাম বা ২০১৩ চনৰ ডেছপাঙৰ মুখামুখিৰ ঘটনাৰ কথা মনত পেলায়, তেতিয়া দেখিব যে সেই ঘটনাবোৰ স্থানীয় আছিল আৰু তাৰ কাৰণবোৰো আছিল একান্তই স্থানীয় । ডোকলামত চীনাসকলে এক ৰাস্তা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল । আমাৰ সেনা বাহিনীয়ে ভূটানৰ ভূখণ্ডত গৈ চীনাসসকলক তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছিল । চুমাৰতো তদ্ৰুপ পৰিস্থিতিৰেই সূচনা হৈছিল । তেওঁলোকে ভিতৰলৈ সোমাই এটা ৰাস্তা নিৰ্মাণ কৰিব খুজিছিল, আমাৰ মানুহে তাত বাধা দিছিল । এই ঘটনাবোৰ সেইবোৰ অঞ্চলতে সীমাবদ্ধ আছিল । ডোকলামৰ ঘটনাটো আন স্থানলৈ সম্প্ৰসাৰিত হোৱা নাছিল । দুয়োটা পক্ষৰ দাবী সম্পৰ্কে আমাৰ স্পষ্ট ধাৰণা আছিল । এইবাৰৰ পৰিস্থিতি কিন্তু সম্পূৰ্ণ বিপৰীত । প্ৰথম কথা বহু বছৰৰ পাছত ভৌগলিকভাৱে এইবাৰৰ পৰিস্থিতি সম্প্ৰসাৰিত হৈছে । বহু বছৰ ধৰি এইবোৰ অঞ্চলত সীমাকলৈ কোনো ধৰণৰ বিবাদ নাছিল । উদাহৰণস্বৰূপে গালৱানত আমাৰ কাহানিও একো সমস্যা নাছিল । লগতে যিমান সংখ্যক সেনা এইবাৰ দেখা গৈছে তাৰ সংখ্যা পূৰ্বতকৈ বহু গুণে বেছি । যদিও চীনে আন্তঃগাঁথনি আদি নিৰ্মাণৰ বাবে এনে হৈছে বুলি ক’ব বিচাৰিব প্ৰকৃততে তেনেধৰণৰ কাৰণ হ’ব নোৱাৰে । দৈনিকভাৱে উচ্চ পৰ্যায়ত ইয়াৰ পৰিকল্পনা কৰা হৈছে । অতি সুসংহতভাৱে তেওঁলোকে আগবাঢ়িছে । আটাইতকৈ ডাঙৰ প্ৰশন্টো হ’ল—তেওঁলোকৰ দাবী কি? তেওঁলোকে কি বিচাৰে? এই সন্দৰ্ভত কোনো স্পষ্টতা নাই । এনে ক্ষেত্ৰত এই পৰিস্থিতিক আমি গুৰুত্ব সহকাৰে ল’ব লাগে ।
প্ৰশ্ন— কালি বেইজিঙে কৈছিল যে সীমান্তৰ পৰিস্থিতি সামগ্ৰিকভাৱে সুস্থিৰ আৰু নিয়ন্ত্ৰণাধীন ।’ আনহাতে ডনাল্ড ট্ৰাম্পে টুইট কৰি কৈছে যে এই ‘বিবাদ’ত মধ্যস্থতা কৰিবলৈ তেওঁ আগ্ৰহী । কৰ’ণা ভাইৰাছৰ উৎপত্তিক লৈ আমেৰিকা আৰু ইউৰোপে চীনক একাষৰীয়া কৰাৰ লগতে হংকঙৰ প্ৰতিবাদ আৰু টাইৱানৰ শেহতীয়া পৰিস্থিতিৰ লগত সীমান্তৰ এই ঘটনাৱলীৰ সম্পৰ্ক আছে বুলি আপুনি ভাবে নেকি ?
যিবোৰ ঘটনা ঘটি আছে তাত সকলোতে ভৌগলিক-ৰাজনৈতিক সম্পৰ্ক নিশ্চিতভাৱে আছে । চীনে তীব্ৰ হেঁচাৰ সন্মুখীন হ’বলগীয়া হৈছে । প্ৰযুক্তি আৰু বাণিজ্যৰ ক্ষেত্ৰত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত একপ্ৰকাৰৰ শীতল যুদ্ধ চলি আছে । ইয়াৰ ফলত চীনৰ আচৰণ বহু ক্ষেত্ৰত আগ্ৰাসী হৈ পৰিছে । দক্ষিণ চীনা সাগৰৰ প্ৰতিয়েই চাঁওক বা হংকঙত নতুন আইন প্ৰৱৰ্তন কৰাৰ প্ৰতিয়েই দৃষ্টি নিক্ষেপ কৰিলে আপুনি তাৰ প্ৰমাণ পাব । ইয়াৰ লগতে টাইৱানৰ বিৰুদ্ধে অত্যধিক ৰাষ্ট্ৰবাদী আৱেগ বা অষ্ট্ৰেলিয়াৰ ওপৰত হেঁচা বৃদ্ধি শেহতীয়া উদাহৰণ । এই সকলোবোৰ ঘটনা চীনে বিশ্বক প্ৰেৰণ কৰিব খোজা এটা বাৰ্তাৰ লগত জড়িত । সেয়া হ’ল—কৰ’ণা ভাইৰাছৰ বাবে আমি দুৰ্বল হৈ যোৱা বুলি নাভাবিব । এগৰাকী চীনা কূটনীতিবিদে প্ৰকাশ কৰা বিবৃতিক আমি ইতিবাচক পদক্ষেপ হিচাপে গ্ৰহণ কৰিব পাৰোঁ । কিন্তু যেতিয়ালৈকে তৃণমূল পৰ্যায়ত পৰিস্থিতি সলনি নহয় তেতিয়ালৈকে আমি এনেধৰণৰ বিবৃতিক সম্পূৰ্ণৰূপে বিশ্বাস কৰা সঠিক নহয় । ডনাল্ড ট্ৰাম্পৰ কথা ক’বলৈ হ’লে মই নাভাবো যে তেওঁক কোনোবাই বৰ বেছি গুৰুত্ব সহকাৰে লয় । এই বিষয়টোত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপৰ প্ৰয়োজন নাই । এই সমস্যা ভাৰত আৰু চীনে নিজে সমাধান কৰিব লাগিব ।
প্ৰশ্ন—পূৰ্বতে ভাৰতে সীমান্ত পথ আন্তঃগাঁথনি বা চমুকৈ বিআৰআইৰ বিৰোধিতা কৰিছে । বিআৰআই হৈছে আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানৰ লগত হোৱা চাৰিপক্ষীয় আলোচনাৰ এক অংশ । তদুপৰি আমেৰিকা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সম্পৰ্কৰ লগতো ই জড়িত । এই বিষয়বোৰে বেইজিঙক কিমান দূৰ প্ৰভাৱিত কৰিছে?
এই সকলোবোৰ কাৰকেই ক্ৰিয়া কৰিব । গ্লোবেল টাইমছৰ এক ধাৰাভাষ্যত কোৱা হৈছে যে ভাৰতে আমেৰিকাৰ ফান্দত পৰি চীনা বিৰোধী স্থিতি গ্ৰহণ কৰিব নালাগে । এই বিষয়বোৰ তেওঁলোকৰ চিন্তাৰ কাৰণ । ভাৰত মহাসাগৰত ভাৰতৰ অতি শক্তিশালী নৌবাহিনী আছে । যদি আমেৰিকা আৰু ভাৰত বা চতুৰ্দেশীয় শক্তি লগ লাগে তেন্তে ভাৰত মহাসাগৰত চীনৰ শক্তি হ্ৰাস পাব বুলি তেওঁলোকে ভাবে । চীনৰ ৮০ শতাংশ বাণিজ্যই ভাৰত মহাসাগৰৰ জৰিয়তে সৰবৰাহ হয় । দেশখনে নিশ্চিতভাৱে লাইন অৱ এক্চুৱেল কন্ট্ৰল চমুকৈ এলএচিত আগ্ৰাসী আৰু আক্ৰোশী আচৰণেৰে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে ।
প্ৰশ্ন—এল এ চিত আন্তঃগাঁথনি বিকাশ আৰু সম্পদ নিয়োগৰ ক্ষেত্ৰত ভাৰত বৰ্তমান কিমান দূৰ শক্তিশালী ?
সকলোৱে মানি ল’ব লাগিব যে চীনৰ ফালৰ পৰা আন্তঃগাঁথনিৰ ক্ষেত্ৰত সুযোগ যথেষ্ট আছে । কিন্তু বিগত কিছু বছৰৰ পৰা ভাৰতৰ ফালৰ পৰাও বহু আন্তঃগাঁথনিৰ উন্নয়ন কৰা হৈছে । ৰাস্তা, দলং আদি নিৰ্মাণ হৈ আছে । এলএচিত আমাৰ আন্তঃগাঁথনিৰ উন্নয়ন ক্ৰমশঃ হৈ আছে । পূৰ্বৰ মুখামুখিৰ ঘটনাবোৰত যেতিয়া চীনে ভাৰতৰ সামৰিক স্থিতিত দখল কৰিব খুজিছিল তেতিয়া জানো সফল হৈছিল ? ১৯৬৯ চনৰ নাথুলাৰ পৰা শেহতীয়া ঘটনাক্ৰমলৈকে তেওঁলোকে বিশেষ কোনো হেঁচা প্ৰয়োগত সফল হ’ব পৰা নাই । কিন্তু তেওঁলোকে এইবাৰ কৌশল সলনি কৰিব নেকি সেই কথাটোহে অধিক চিন্তনীয় ।
প্ৰশ্ন—গোলকীয় ক্ষেত্ৰত চীনে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থকাৰ সময়তে চীনে এলএচিৰ বিভিন্ন ছেক্টৰ মুকলি কৰিব কিয় বিচাৰিব ? বাৰ্তা প্ৰেৰণৰ বাহক হিচাপে ভাৰতকে কিয় বাচি লৈছে ?
চীন এক বিশাল শক্তি । যদি আপোনাৰ পাছফালে এখন বেৰ আছে আৰু তীব্ৰ হেঁচা পৰি আছে তেতিয়া আপুনি বৃহৎ শক্তি হিচাপে থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান হেৰুৱাব বিচাৰিব নেকি ? সেয়ে চীন আগ্ৰাসী হৈ উঠিছে । এলএচিত তাৰে প্ৰকাশ ঘটিছে । ভাৰত আৰু চীন দুয়ো শক্তিশালী চুবুৰীয়া । ভৌগলিক-ৰাজনীতিৰ সত্যটো এয়ে যে দুখন শক্তিশালী চুবুৰীয়া দেশে শান্তিত কাচিৎহে থাকিব পাৰে । গতিকে ভাৰত আৰু চীনৰ মাজত কিছু কৌশলগত শত্ৰুতা থাকিব আৰু তাৰ সৈতে আমি সহাৱস্থান কৰিবই লাগিব ।
প্ৰশ্ন—কাশ্মীৰত উগ্ৰপন্থীৰ কমাণ্ডাৰ নিহত হৈছে । আজিও নিৰাপত্তৰক্ষীয়ে এক কাৰ বোমাৰ চেষ্টা বিফল কৰিছে । এনে প্ৰেক্ষাপটত এলঅ’চি আৰু এলএচিত সূচনা হোৱা পৰিস্থিতিৰ জৰিয়তে চীন-পাকিস্তানৰ মাজৰ সম্পৰ্ক সুদৃঢ় হোৱা বুলি আপুনি ভাবেনে ? নে দুয়োটা পৃথক ঘটনা ?
আমি সদায় এইবোৰ ঘটনাক সংযুক্ত কৰিব লাগিব । আমি সকলোৱে চীন আৰু পাকিস্তানৰ মাজত থকা নিবিড় সম্পৰ্কৰ বিষয়ে জানো । আমি জানো যে চীনে পাকিস্তানক ছায়া হিচাপে ব্যৱহাৰ কৰিছে যাতে আমাৰ মনোযোগ পশ্চিমৰ সীমান্তৰ পিনে থাকে । যাৰ ফলত আমি যাতে চীনৰ বাবে প্ৰত্যাহ্বান হৈ নুঠো । গতিকে আমি এনেবোৰ ঘটনাক্ৰম সামগ্ৰিক আৰু সমন্বিতভাৱে চাব লাগিব । কেৱল চীনেই নহয়, উত্তৰৰ সীমান্তত আমাৰ মনোযোগৰ সুযোগ পাকিস্তানেও গ্ৰহণ কৰিব আৰু কাশ্মীৰত অশান্তিৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিব । দুয়োফালে আমি সাৱধানে চাব লাগিব ।
প্ৰশ্ন—এলঅ’চি আৰু এলএচিৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় সেনাই কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব ?
সক্ষমতাৰ ফালৰ পৰা চাবলৈ গ’লে কাশ্মীৰ আৰু লাডাডাখৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমাৰ শক্তিৰ মাজত সম্পৰ্ক নাই । গতিকে এটা স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'লে আন এটা স্থানৰ পৰা সেনা বাহিনী প্ৰত্যাহাৰ কৰিবলগীয়া পৰিস্থিতিৰ সূচনা নহয় । জম্মু কাশ্মীৰ আৰু লাডাখত যছেষ্ট শক্তি-সামৰ্থ্য আছে যাৰ জৰিয়তে যিকোনো ধৰণৰ সমস্যা হ’লেও মোকাবিলা কৰিব পৰা যাব । এঠাইত কিবা হ’লে আন এঠাইত মনোযোগ হেৰাই নাযাব । আমি এলএচিৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ সময়ত এলঅ’চি বা কাশ্মীৰৰ প্ৰতি কম মনোযোগ দিবলগীয়া পৰিস্থিতি যে হ’ব তেনে কথা নহয় ।
প্ৰশ্ন—ভাৰত আৰু চীনৰ মাজত সীমান্তত সুস্থিৰতা আৰু শান্তি বৰ্তাই ৰখাৰ বাবে ইতিমধ্যে প্ৰটকল বা ব্যৱস্থা আছে । কিন্তু এনেধৰণৰ ধাৰাবাহিক আগ্ৰাসনে সেইসমূহ ব্যৱস্থাৰ কাৰ্যকৰিতা হ্ৰাস পোৱাৰ কথাকে প্ৰতীয়মান কৰে নেকি ?
সম্পূৰ্ণৰূপে নহয় । এই প্ৰটকলবোৰে সহায় কৰিছে । প্ৰকৃত কথাটো হ’ল যে এলএচিত এটাও গুলী ফুটা নাই । ইয়াৰ কাৰণ হ’ল ইতিমধ্য থকা ব্যৱস্থা বা প্ৰটকল । যাৰ বাবে শান্তি বৰ্তি আছে । প্ৰতি বছৰে লাডাখত পাঁচশৰো অধিকবাৰ আগ্ৰাসন ঘটে । কিন্তু সকলোবোৰ ঘটনাই আজিৰ দৰে পৰিস্থিতিত উপনীত নহয় । কিন্তু আমি অবিৰতভাৱে আমাৰ প্ৰটকলবোৰ পৰ্যালোচনা কৰিব লাগে । ইয়াৰে কিছুসংখ্যক প্ৰটকল বৰ্তমান পৰিস্থিতিত সফলতা লাভ কৰা নাই । উদাহৰণস্বৰূপে যেতিয়া পেট্ৰল মুখামুখি হয় তেতিয়া প্ৰত্যাহাৰ কৰিব লগা প্ৰটকলে স্পষ্টকৈ উল্লেখ কৰে । কোনোধৰণৰ হিংসা হ’ব নালাগে আৰু দুয়োপক্ষই আঁতৰি যাব লাগে । কিন্তু তেনেধৰণৰ প্ৰটকলবোৰ দুৰ্ভাগ্যজনকভাৱে চীনাসকলে ভংগ কৰি আহিছে । গতিকে আমাৰ সীমান্ত সহযোগিতাৰ চুক্তিবোৰ পৰ্যালোচনা কৰাৰ বহুখিনি প্ৰয়োজনীয়তা আছে ।
প্ৰশ্ন—এই পৰিস্থিতি দীৰ্ঘকাল থাকিব বুলি ভাবেনে? নে ইয়াৰ অৱসনা ঘটিব ? অনাগত দিনত আপুনি কি দেখা পায় ?
কূটনীতিয়ে মূল ভূমিকা গ্ৰহণ কৰিব লাগিব । তৃণমূল পৰ্যায়ত সামৰিক বাহিনীৰ কমাণ্ডাৰৰ মাজত হোৱা সাক্ষাতে এই সমস্যাৰ সমাধান নকৰে বুলি ভাবো । যেতিয়া ভূখণ্ডকলৈ সামৰিক বাহিনী মুখামুখি হয় তেতিয়া দুয়ো পক্ষই এক ইঞ্চিও এৰি দিবলৈ ৰাজী নহয় । গতিকে তেতিয়াই অচলাৱস্থাৰ সৃষ্টি হয় । গতিকে সামৰিক বাহিনীৰ মাজত হোৱা যোগাযোগে এই ক্ষেত্ৰত সহায় নকৰিব । গতিকে কূটনীতিৰ জৰিয়তে পূৰ্বৰ দৰে চুক্তি সম্পাদন কৰিব লাগিব । কিন্তু সোনকালে সমাধান হ’ব জানো ? মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা ক’বলৈ হ’লে নহ’ব । আমকি আমি নিশ্চিত নহওঁ যে চীনে কি বিচাৰে বা তেওঁলোকৰ দাবীসমূহ গ্ৰহণযোগ্য হয়নে নহয় । চীনৰ স্থিতিকলৈ মানুহে নিশ্চিয় প্ৰশ্ন কৰিব যে তেওঁলোকে আচলতে কি বিচাৰে । গতিকে এই ক্ষেত্ৰত মই কূটনৈতিক আলোচনাৰহে পোষকতা কৰোঁ ।